গুৱাহাটী, ১৯ এপ্রিল : ৰাজ্যখনত শেহতীয়াকৈ অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অধিক তীব্ৰতৰ হৈছে (Assam police against crime)। বিশেষকৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত অপৰাধীৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰা হৈছে । ইফালে অপৰাধ বিৰোধী অভিযানৰ সমান্তৰালকৈ ৰাজ্যখনত এনকাউণ্টাৰৰ ঘটনাও বৃদ্ধি পাবলৈ ধৰিছে(Encounters in Assam) ।
ইফালে আৰক্ষীৰ জিম্মাত নাইবা ন্যায়িক জিম্মাত অভিযুক্তৰ মৃত্যু হোৱাৰ সংখ্যাও তুলনামূলকভাৱে বৃদ্ধি পাইছে । তথ্য মতে ৰাজ্যত বিগত পাঁচ বছৰত আৰক্ষী আৰু ন্যায়িক জিম্মাত থকাৰ সময়ত মৃত্যু হৈছে ১৮৪ জন লোকৰ(People died while in judicial custody) । ২০১৬ বৰ্ষৰ পৰা ২০২২ বর্ষৰ ভিতৰত এই লোকসকলৰ মৃত্যু হৈছে । ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ তথ্য অনুসৰি মৃত্যু হোৱা লোকসকলৰ ভিতৰত ৩৬ জনৰ আৰক্ষী জিম্মাত আৰু ১৪৮ জনৰ ন্যায়িক জিম্মাত মৃত্যু ঘটিছে ।
অৱশ্যে এনেদৰে জিম্মাত মৃত্যু হোৱাৰ বাবে কোনো বিষয়া অথবা আৰক্ষীৰ বিৰুদ্ধে বর্তমানলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে কোনোধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ নির্দেশ দিয়া নাই । ইয়াৰ বিপৰীতে আৰক্ষী অথবা ন্যায়িক জিম্মাত মৃত্যু হোৱা লোকসকলৰ ২৭ টা পৰিয়ালক আর্থিক সাহায্য প্রদান কৰিবলৈহে পৰামর্শ দিছে আয়োগে ।
সেই অনুসৰি ২০১৬ বৰ্ষৰ পৰা মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক মুঠ ৭৬ লাখ টকাৰ আর্থিক সাহায্য প্রদান কৰিবলৈ আয়োগে পৰামর্শ প্রদান কৰিছে । উল্লেখ্য যে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ তথ্য অনুসৰি বিগত ৫ বছৰৰ ভিতৰত ২০১৯-২০ বৰ্ষত ন্যায়িক জিম্মত সর্বাধিক ৩২জন লোকৰ মৃত্যু ঘটিছে ।
তদুপৰি ২০১৬-১৭ বৰ্ষত ২৬ জন, ২০১৭-১৮ বৰ্ষত ২৯ জন, ২০১৮-১৯ বৰ্ষত ৩০ জন, ২০২০-২১ বৰ্ষত ১৮ জন লোকৰ মৃত্যু ঘটিছে । চলিত বৰ্ষত ২৮ ফেব্ৰুৱাৰী পর্যন্ত ন্যায়িক জিম্মাত মৃত্যু ঘটিছে ১৩ জন লোকৰ । আনহাতে ২০১৭-১৮ বৰ্ষত আৰক্ষীৰ জিম্মাত সর্বাধিক ১১জন লোকৰ মৃত্যু ঘটিছে ।
আয়োগৰ তথ্য মতে, ২০১৬-১৭ বৰ্ষত ৯ জন, ২০১৮-১৯ বৰ্ষত ৫ জন, ২০১৯-২০ বৰ্ষত ২ জন, ২০২০-২১ বৰ্ষত এজন লোকৰ আৰক্ষী জিম্মাত মৃত্যু ঘটিছে । চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰী পর্যন্ত ৮ জন লোকৰ মৃত্যু ঘটিছে আৰক্ষীৰ জিম্মাত ।
বিভিন্ন সময়ত আৰক্ষীৰ জিম্মাত থকাৰ সময়ত তদন্তকাৰী আৰক্ষীৰ আতিশয্যৰ বলি হৈ অভিযুক্তৰ মৃত্যু হোৱাৰ ঘটনা ৰাজ্যত সংঘটিত হৈছে । যিসমূহ ঘটনাক লৈ সময়ে সময়ে চাঞ্চল্যৰ সৃষ্টি হয় । সমান্তৰালভাৱে ন্যায়িক জিম্মাত থকাৰ সময়তঅভিযুক্তৰ মৃত্যু ঘটিলে সংশ্লিষ্ট প্রশাসনৰ দ্বাৰা তদন্ত কৰা হয় । ইফালে শেহতীয়াকৈ হোৱা এনকাউণ্টাৰৰ বহু কেইটা ঘটনা সন্দৰ্ভত মানৱ অধিকাৰ আয়োগত গোচৰ ৰুজু হৈছে ।
লগতে পঢ়ক: Crime statistics in Guwahati: অপৰাধীৰ ৰম্যভূমিত পৰিণত গুৱাহাটী মহানগৰ