ETV Bharat / state

APCC Meeting : লোকসভা নিৰ্বাচনৰ বাবে অসম প্ৰদেশ কংগ্ৰেছৰ ব্লুপ্ৰিন্ট তৈয়াৰ

author img

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 10:20 PM IST

জীতেন্দ্ৰ সিঙৰ উপস্থিতিত বুধবাৰে গুৱাহাটীৰ ৰাজীৱ‌ ভৱনত অনুষ্ঠিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজনৈতিক কৰ্ণধাৰ কমিটীৰ বৈঠক ৷ বৈঠকত বিশেষকৈ তিনিটা বিষয়ত আলোচনা অনুষ্ঠিত হয় ৷

Assam Pradesh Congress
ৰাজীৱ‌ ভৱনত কংগ্ৰেছৰ ৰাজনৈতিক কৰ্ণধাৰ কমিটীৰ বৈঠক

গুৱাহাটী, ১১ অক্টোবৰ : আগন্তক লোকসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে অসম প্ৰদেশ কংগ্ৰেছে ৷ কংগ্ৰেছৰ অসমৰ তত্বাবধায়ক জীতেন্দ্ৰ সিঙৰ উপস্থিতিত বুধবাৰে গুৱাহাটীৰ ৰাজীৱ‌ ভৱনত অনুষ্ঠিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজনৈতিক কৰ্ণধাৰ কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক ৷ এই বৈঠকতে আগন্তক লোকসভা নিৰ্বাচনৰ বাবে অসম প্ৰদেশ কংগ্ৰেছে ব্লুপ্ৰিন্ট তৈয়াৰ কৰিছে ৷

অৱশ্যে বুধবাৰে অনুষ্ঠিত হোৱা বৈঠকত লোকসভাৰ বাবে কংগ্ৰেছৰ কোনো প্ৰাৰ্থীৰ তালিকা চূড়ান্তকৈ প্ৰস্তুত কৰা নাই ৷ অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজনৈতিক কৰ্ণধাৰ কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠকত বিশেষকৈ তিনিটা বিষয়ত আলোচনা অনুষ্ঠিত হয় ৷ আগন্তক লোকসভা নিৰ্বাচন, ডিমা হাচাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন আৰু কংগ্ৰেছৰ ভিতৰচ’ৰাৰ সাংগাঠনিক শৃংখলা সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজনৈতিক কৰ্ণধাৰ কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠকখন অনুষ্ঠিত হয় ৷

বৈঠকৰ অন্তত কংগ্ৰেছৰ অসমৰ তত্বাবধায়ক তথা কংগ্ৰেছৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে সাংবাদিকৰ আগত কয়, "এতিয়ালৈকে আমি আগন্তক লোকসভা নিৰ্বাচনৰ বাবে কোনো প্ৰাৰ্থী তালিকা চুড়ান্তকৈ প্ৰস্তুত কৰা নাই ৷ কিন্তু ১৪ টা লোকসভা সমষ্টিৰ বাবে এখন সাম্ভাব্য প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰা‌ হৈছে ৷" তেওঁ কয় যে টিকট বিচাৰিলেই টিকট দিয়া নহ'ব ৷ জয়ী হ'ব পৰা প্ৰাৰ্থীক গুৰুত্ব দি টিকট দিয়া হ'ব ৷ এই সন্দৰ্ভত সমষ্টিয়ে সমষ্টিয়ে পৰ্যবেক্ষণ কৰা হ’ব ৷ পৰ্যবেক্ষণৰ ভিত্তিত আগন্তক লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰি প্ৰস্তুত কৰা হ'ব বুলি কয় জীতেন্দ্ৰ সিঙে ৷

তেওঁ লগতে জনায় যে I.N.D.I.A ৰ মিত্ৰ দল সমূহৰ কথাও চিন্তা কৰিব লাগিব ৷ গতিকে আগন্তক লোকসভা নিৰ্বাচনৰ বাবে দলৰ প্ৰাৰ্থী চূড়ান্ত কৰাৰ পূৰ্বে অসমৰ মিত্ৰ দলসমূহৰ লগত আলোচনা কৰিব লাগিব ৷ এই সন্দৰ্ভত কংগ্ৰেছৰ অসমৰ মিত্ৰ দলসমূহৰ লগত বৈঠক অনুষ্ঠিত কৰা হ'ব বুলি জনায় সিঙে ৷

সিঙে লগতে অসমৰ বাবে জাতিগত জনগণনা কৰাৰ দাবী উত্থাপন কৰে ৷ তেওঁ কয় যে অসমৰ দৰে এখন ৰাজ্যত জাতিগত জনগণনা কৰা অতি জৰুৰী ৷ ইফালে অসম প্ৰদেশ কংগ্ৰেছৰ এক সূত্ৰৰ পৰা জানিব পৰা‌ মতে, বৈঠকত আগন্তক ডিমা হাচাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ‌ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰাৰ বাবে এখন কমিটি গঠন কৰা হৈছে ৷ লগতে দলৰ মাজত চলি থকা দলীয় অনুশাসন আৰু শৃংখলা ভংগ আদি বিষয়বোৰৰ সন্দৰ্ভতো কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা‌ হৈছে ৷

লগতে পঢ়ক : APCC joining program: প্ৰবীণ বড়ো-প্ৰণয় ৰাভাসহ কেইবাগৰাকীও প্ৰভাৱশালী নেতাৰ কংগ্ৰেছত যোগদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.