ETV Bharat / state

ৰাজ্যসভাৰ অগপৰ প্ৰাৰ্থী হ'ব বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য - ৰাজ্যসভা

বিজেপি-অগপ নেতৃত্বৰ গুৰুত্বপূৰ্ণ বৈঠক
author img

By

Published : May 26, 2019, 5:31 PM IST

Updated : May 26, 2019, 6:44 PM IST

2019-05-26 17:26:47

অসমৰ ৰাজ্যসভাৰ দুখন আসনৰ এখন আসনত প্ৰতিদ্বন্দিতা আগবঢ়াব অগপই ৷ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই অগপৰ হৈ আগবঢ়াব প্ৰতিদ্বন্দিতা ৷ বিজেপিৰ হৈ ৰামবিলাস পাছোৱানে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ পূৰ্ণ সম্ভাৱনা ৷

etv bharat assam
বিজেপি-অগপ নেতৃত্বৰ গুৰুত্বপূৰ্ণ বৈঠক

গুৱাহাটী, 26 মে': অৱশেষত নিশ্চিত হ'ল ৰাজ্যসভাত অগপৰ প্ৰাৰ্থিত্ব । ৰাজ্যসভাত খালী হ'বলগীয়া অসমৰ দুখন আসনৰ ভিতৰত এখন আসনত অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হ'ব জ্যেষ্ঠ অগপ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য । দেওবাৰে দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বাসগৃহত দুয়োদলৰ নেতৃত্বৰ মাজত অনুষ্ঠিত এক বৈঠকত সৰ্বসন্মতভাৱে বৈশ্যৰ প্ৰাৰ্থিত্ব চূড়ান্ত কৰা হয় । আনহাতে খালী হ'বলগীয়া আনখন আসনত বিজেপিয়ে কাক প্ৰাৰ্থিত্ব দিব সেয়া এতিয়াও চূড়ান্ত হোৱা নাই যদিও এল জে পিৰ নেতা তথা এন ডি এৰ অন্যতম অংশীদাৰ ৰামবিলাস পাছোৱান সেইখন আসনৰ প্ৰাৰ্থী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ।

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ পূৰ্বে হোটেল ৰেডিছন ব্লু' হোটেলত মাজনিশা হোৱা অগপ-বিজেপিৰ মিত্ৰতাৰ অন্যতম চৰ্তই আছিল লোকসভাত তিনিখন আৰু ৰাজ্যসভাত এখন আসন বিজেপিয়ে অগপক এৰি দিব । সেই অনুসৰি তিনিখন আসন বিজেপিয়ে অগপক এৰি দিছিল যদিও এখন আসনতো অগপ জয়ী হ'ব নোৱাৰিলে ।
 
Intro:Body:

brindra prasad brk

Conclusion:
Last Updated : May 26, 2019, 6:44 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.