গুৱাহাটী, ১২ আগষ্ট : এতিয়াৰ পৰা মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ অনুমতি অবিহনে কোনো বেনাৰ, পোষ্টাৰ, হ'ডিং আদিত ব্যৱহাৰ কৰিব নোৱাৰিব মুখ্যমন্ত্ৰী ফটো ৷ ইতিমধ্যে এই ক্ষেত্ৰত জাৰি কৰা হৈছে এক বিশেষ নিৰ্দেশনা । বৃহস্পতিবাৰে এই নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগে ৷
নিৰ্দেশনাটোত স্পষ্টভাৱে কোৱা হৈছে যে, কোনো বিভাগে বা কোনো চৰকাৰী কাৰ্যসূচীতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ অনুমতি অবিহনে কোনো ধৰণৰ বেনাৰ, পোষ্টাৰ, হ'ৰ্ডিং আদিত মুখ্যমন্ত্ৰীৰ ছবি ব্যৱহাৰ কৰিব নোৱাৰিব ৷ স্মৰ্তব্য যে কিছুদিনৰ পূৰ্বে এক চৰকাৰী অনুষ্ঠানত ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ ছবি তেনেই সৰুকৈ ৰাখি মুখ্যমন্ত্ৰীৰ ছবি ডাঙৰকৈ সজাই হ'ৰ্ডিং লগোৱা হৈছিল ৷
লগতে পঢ়ক: লাভলীনালৈ অসম আৰক্ষীৰ ডি এছ পি পদ উপহাৰ চৰকাৰৰ
ইয়াৰ সমান্তৰালভাৱে টকিঅ' অলিম্পিক চলি থকা সময়তো অসম গৌৰৱ লাভলীনা বৰগোঁহাইলৈ অসম চৰকাৰৰ ফালৰ পৰা দিয়া শুভেচ্ছা বাৰ্তাৰ হ'ৰ্ডিঙটো লাভলীনাৰ বিপৰীতে ব্যৱহাৰ কৰা হৈছে মুখ্য ড৹ হিমন্ত বিশ্বা শৰ্মাৰ ফটো ৷ যাক কেন্দ্ৰ কৰি বিৰোধীৰ লগতে ৰাজ্যৰ ৰাজনৈতিক মহলৰ মাজত এক বিতৰ্কৰো সৃষ্টি হৈছিল ।
একে সময়তে এক অস্বস্তিকৰ পৰিস্থিতিৰ মুখামুখি হবলগীয়া হৈছিল স্বয়ং মুখ্যমন্ত্ৰীও । সেই সময়তেই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে তেওঁৰ অনুমতি অবিহনে কোনেও তেওঁৰ ছবি ব্যৱহাৰ কৰিব নোৱাৰিব । ইয়াৰ পিছতেই বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ ফালৰ পৰা জাৰি কৰা হয় এই নিৰ্দেশনা ।
লগতে পঢ়ক: নিউজ ৱেব প'ৰ্টেলৰ বিৰুদ্ধে তথ্য আৰু জনসংযোগ বিভাগৰ গোচৰ