গুৱাহাটী, ২৭ মার্চ: কেন্দ্রীয় ট্রেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনসমূহৰ আহ্বানত সোমবাৰৰ পৰা ২৮-২৯ মাৰ্চত দেশৰ অন্যান্য অঞ্চলৰ লগতে অসমতো সাধাৰণ ধর্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । সাধাৰণ ধর্মঘটৰ প্ৰভাৱ গুৱাহাটী মহানগৰীতো আংশিক ভাৱে পৰা পৰিলক্ষিত হৈছে (Impact of general strike in Guwahati) ।
পুৱা ৬ বজাৰ পৰা পালন হোৱা এই দেশজোৰা ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে শ্রমিক-কৰ্মচাৰী সংগঠনসমূহে ঘাইকৈ কেন্দ্রীয় চৰকাৰৰ শ্ৰমিক বিৰোধী আৰু জনবিৰোধী নীতি প্ৰত্যাহাৰৰ দাবী জনায় । এই সাধাৰণ ধৰ্মঘটলৈ সমৰ্থন আগবঢ়াইছে অল ইণ্ডিয়া বেংক এমপ্লয়িজ এছচিয়েচন, পৰিবহণ কৰ্মচাৰী, ডাক, তেল, বীমা আদিৰ শ্ৰমিক কৰ্মচাৰী সকলে । ফলত বন্ধ হৈ পৰিল এই খণ্ডসমূহ ।
আনহাতে সাধাৰণ ধৰ্মঘটক সমৰ্থন জনাই কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনসমূহৰ যৌথ মঞ্চই গুৱাহাটী ক্লাৱত সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী সকলে চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদথলী । প্ৰতিবাদকাৰী সকলক আৰক্ষীয়ে বাধা প্ৰদান কৰাত আৰক্ষী আৰু প্ৰতিবাদকাৰী সকলৰ মাজত হতাহতিৰো সৃষ্টি হয় । ইয়াৰ পিছতে আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক আটক কৰি লতাশিল আৰক্ষী থানালৈ লৈ যায় ।
লগতে পঢ়ক: চিত্ৰশিল্পী নীলিম মহন্তৰ মুক্তিৰ দাবীত উত্তাল লখিমপুৰ