ETV Bharat / state

গুৱাহাটী মহানগৰীৰ মাজেৰে বহিঃৰাজ্যলৈ অব্যাহত আছে কয়লাৰ সৰবৰাহ - অবৈধ কয়লা

অবৈধ কয়লা সৰবৰাহ সন্দৰ্ভত ৮/২০১৮ নম্বৰৰ গোচৰৰ ভিত্তিত এই পৰ্যন্ত চি আই ডিয়ে মুঠ ১৯ জন লোকক গ্ৰেপ্তাৰ কৰিছে । মঙলবাৰে নিশা বহুত অবৈধ ট্ৰাক যোৱাৰ তথ্য চি আই ডিয়ে লাভ কৰিছিল ৷

খানাপাৰাত জব্দ অবৈধ কয়লা ভৰ্টি ট্ৰাক
author img

By

Published : Oct 30, 2019, 11:44 PM IST

গুৱাহাটী, 30 অক্টোবৰঃ গুৱাহাটীৰ খানাপাৰা কইনাধৰাৰ সমীপত জব্দ কয়লা ভৰ্তি ট্ৰাক ৷ মঙলবাৰে নিশা চি আই ডিৰ এটা দলে অভিযান চলায় জব্দ কৰে AS-01-GC-9077 নম্বৰৰ কয়লা ভৰ্তি ট্ৰাকখন ৷ অভিযানকাৰী দলটোৱে অবৈধ ট্ৰাক জব্দ কৰি সেই সম্পৰ্কে এটা গোচৰ ৰুজু কৰা হৈছে বুলি জানিবলৈ দিয়ে ৷ বুধাবাৰে গুৱাহাটীস্থিত অপৰাধ অনুসন্ধান শাখাৰ কাৰ্যালয়ত ডি আই জি মৃদুলা নন্দ শৰ্মাই সংবাদমেল সম্বোধন কৰি সদৰী কৰে এই তথ্য । সংবাদমেলত গোপন সূত্ৰৰ ভিত্তিতে চি আই ডিৰ দলটোৱে গুৱাহাটী মহানগৰী হৈ বহিঃৰাজ্যলৈ অবৈধ ভাৱে কয়লা ভৰ্তি ট্ৰাক যোৱাৰ তথ্য লাভ কৰিছিল বুলি মন্তব্য কৰে ।

খানাপাৰাত জব্দ অবৈধ কয়লা ভৰ্টি ট্ৰাক

উল্লেখ্য যে, অবৈধ কয়লা সৰবৰাহ সন্দৰ্ভত ৮/২০১৮ গোচৰৰ ভিত্তিত এই পৰ্যন্ত চি আই ডিয়ে মুঠ ১৯ জন লোকক গ্ৰেপ্তাৰ কৰিছে । মঙলবাৰে নিশা বহু সংখ্যক অবৈধ ট্ৰাক পাৰ যোৱাৰ তথ্য চি আই ডিয়ে লাভ কৰিছিল ৷ আনহাতে, মাত্ৰ এখনহে ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় বুলি সাংবাদিকে সোধা প্ৰশ্নত কয় যে,অভিযানৰ খবৰ পায় গুৱাহাটী মহানগৰীত ট্ৰাকসমূহ প্ৰৱেশ নকৰিলে। তাৰোপৰি এজন ট্ৰাক চালক অবৈধ কয়লা ভৰ্তি ট্ৰাকসহ পলাই যাবলৈ সক্ষম হয় বুলিও উল্লেখ কৰে ।

Intro:ৰাজ্যত অব্যাহত আছে অবৈধ কয়লা সৰবৰাহ Body:গুৱাহাটীস্থিত অপৰাধ অনুসন্ধান শাখাৰ কাৰ্য্যালয়ত ডি আই জি মৃদুলা নন্দ শৰ্মাই এখন সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেল অনুষ্ঠিত কৰি কয় যে গোপন সূত্ৰৰ ভিত্তিত আমি গুৱাহাটী মহানগৰী হৈ বহি ৰাজ্যলৈ অবৈধ ভাৱে কয়লা ভৰ্তি ট্ৰাক যোৱাৰ তথ্য পাইছিলো। এই তথ্যৰ ভিত্তিত খানাপাৰা কইনাধৰাৰ সমীপত চি আই ডিৰ এটা দলে মঙলবাৰে ওৰে নিশা অভিযান চলায়। অভিযানত এ এছ ০১ জি চি ৯০৭৭ কয়লা ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় দলটোৱে আৰু অবৈধ ট্ৰাক জব্দ কৰি এই সম্পৰ্কে এটা কেচ ৰুজু কৰা হৈছে বুলি জানিবলৈ দিয়ে ডি আই জি গৰাকীয়ে।

অবৈধ কয়লা সৰবৰাহ সন্দৰ্ভত ৮/২০১৮ গোচৰৰ ভিত্তিত এই পৰ্যন্ত চি আই ডিয়ে মুঠ ১৯ জন লোকক গ্ৰেপ্তাৰ কৰিছে। মঙলবাৰে নিশা বহুত অবৈধ ট্ৰাক যোৱাৰ তথ্য চি আই ডিয়ে জানিবলৈ পাইছিল আৰু এখনহে ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় বুলি সাংবাদিকে সোধা এই প্ৰশ্নৰ উত্তৰত ডি আই জিয়ে কয় যে এই অভিযানৰ খবৰ পায় গুৱাহাটী মহানগৰীত ট্ৰাকসমূহ প্ৰৱেশ নকৰিলে। এজন ট্ৰাক চালকে অবৈধ কয়লা ভৰ্তি ট্ৰাকসহ পলাই যাবলৈ সক্ষম হয়। মঙলবাৰে অবৈধ কয়লা ভৰ্তি ট্ৰাক প্ৰৱেশ কৰাৰ খবৰ পায় আমি এক বৃহৎ অভিযান চলাইছিলো । ডি আই জি গৰাকীয়ে আৰু কয় যে অবৈধ ব্যৱসায়ৰ অভিযান আগন্তুক দিনটো অব্যাহত থাকিব।

Conclusion:Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.