ETV Bharat / state

পৰকীয়া প্ৰেমে আউল লগালে অধিবক্তাৰ সংসাৰত - অধিবক্তা গৌতম ফুকন

পৰকীয়া প্ৰেমেৰ বাবেই আইনৰ ৰক্ষকৰ সংসাৰত লাগিল অথন্তৰ । পত্নীক ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখি, ঘৰৰ বাহিৰত তলা লগাই অধিবক্তা স্বামীয়ে কৰিলে পলায়নৰ চেষ্টা । স্থানীয় লোকৰ সহযোগত ঘৰৰ পিছফালৰ দুৱাৰ খুলি আৰক্ষীয়ে উদ্ধাৰ কৰে ভুক্তভোগী মহিলাক । এই ঘটনা সংঘটিত হৈছে মহানগৰী সাতগাঁও থানাৰ অন্তৰ্গত পাঞ্জাবাৰী অমূল্য নগৰত ।

illegal-affair-of-advocate
পৰকীয়া প্ৰেমে আউল লগালে অধিবক্তাৰ সংসাৰত
author img

By

Published : Oct 17, 2021, 10:26 PM IST

গুৱাহাটী , ১৭অক্টোবৰ : প্ৰেম অন্ধ বুলি কোৱা হয় । পিছে পৰকীয়া প্ৰেমৰ বাবেই এতিয়া সংসাৰত আউল লাগিছে এজন আইনৰ ৰক্ষকৰ । এই ঘটনা সংঘটিত হৈছে মহানগৰীৰ সাতগাঁও আৰক্ষী থানাৰ অন্তৰ্গত পাঞ্জাবাৰীত । জানিব পৰা মতে, পাঞ্জাবাৰীৰ অমূল্য নগৰৰ নিবাসী পেছাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন অধিবক্তা গৌতম ফুকনে ২০০৪ চনত জুৰি শৰ্মা ফুকন নামৰ এগৰাকী যুৱতীৰ সৈতে সামাজিকভাৱে বিবাহপাশত আবদ্ধ হৈছিল । বিয়াৰ পিছত দুয়োৰে সংসাৰ নিয়াৰিকৈ চলি আছিল ।

পৰকীয়া প্ৰেমে আউল লগালে অধিবক্তাৰ সংসাৰত

কিন্তু অভিযোগ অনুসৰি, ২০১৯ চনত অধিবক্তা গৌতম ফুকনে এগৰাকী সতীৰ্থ কণিষ্ঠ অধিবক্তাৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলাৰ কথা জানিব পাৰি পত্নীয়ে স্বামীৰ এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে । ইয়াকে লৈ দুয়োৰে মাজত আৰম্ভ হয় সংঘাত । পত্নী জুৰি শৰ্মা ফুকনে সংবাদ মাধ্যমৰ আগত অভিযোগ কৰা অনুসৰি, তেওঁক স্বামী গৌতম ফুকনে বুজা বুজিৰ মাজেৰে বিবাহ বিচ্ছেদৰ বাবে সৈমান কৰিবলৈ চেষ্টা কৰিছিল । কিন্তু পত্নীয়ে এই কথাত অমান্তি হোৱাত স্বামীয়ে তেওঁৰ ওপৰত দীৰ্ঘদিন ধৰি শাৰীৰিক-মানসিক নিৰ্যাতন চলাই অহাৰ অভিযোগ তোলে ।

দেওবাৰে পুৱাৰ ভাগতো গৌতম ফুকনে পত্নীক মাৰপিত কৰাৰ লগতে পাঞ্জাবাৰীস্থিত ঘৰটোৰ ভিতৰত পত্নীক আবদ্ধ কৰি ৰাখি বাহিৰৰ পৰা তলা মাৰি ওলাই যায় । বহু সময় ধৰি ঘৰৰ ভিতৰতে আবদ্ধ হৈ থকা ভুক্তভোগী জুৰি শৰ্মা ফুকনে কিবা প্ৰকাৰে নিজৰ ফোনটো উলিয়াই স্থানীয় সাতগাওঁ আৰক্ষীৰ লগত যোগাযোগ কৰে । কিছুসময়ৰ পিছত আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ ভুক্তভোগী মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

তাৰ পিছত আৰক্ষীয়ে ফোন কৰি মহিলাগৰাকীৰ স্বামীক ঘৰত উপস্থিত হবলৈ নিৰ্দেশ দিয়ে । আৰক্ষীৰ নিৰ্দেশ লাভ কৰি স্বামী গৌতম ফুকন নিজৰ ঘৰত আহি উপস্থিত হয় । আৰক্ষীয়ে স্বামী-স্ত্ৰী দুয়োজনকে একেলগে বহুৱাই সমস্যাটো সমাধানৰ চেষ্টা চলাই যদিও স্বামী গৌতমে কোনো কাৰণতে পত্নী জুৰি শৰ্মা ফুকনক পুনৰ আঁকোৱালি লোৱা নহ’ব বুলি স্পষ্ট কৰি দিয়ে । ইয়াৰ পিছতে আৰক্ষীয়ে অধিবক্তা গৌতমক সাতগাঁও থানালৈ লৈ আনে ।

ঘটনা সন্দৰ্ভত সাতগাঁও আৰক্ষীয়ে গাহৰ্স্থ হিংসাৰ এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে । ইফালে, পত্নীৰ অভিযোগক সম্পূৰ্ণ মিছা আখ্যা দিছে স্বামী গৌতম ফুকনে । ফুকনৰ মতে পত্নীয়ে কৰা অভিযোগ অনুসৰি তেওঁৰ সৈতে কোনো যুৱতীৰ লগত প্ৰেমজনিত সম্পৰ্ক নাই । আনকি পত্নীক কোনো ধৰণৰ অকথ্য শাৰীৰিক নিৰ্যাতন চলোৱা নাই,বৰং পত্নীয়ে বিভিন্ন সময়ত তেওঁক মানসিক নিৰ্যাতন চলাই আহিছে । তাৰোপৰি বিবাহ বিচ্ছেদৰ বাবদ তেওঁৰ পত্নীয়ে ৫০ লাখ টকা দাবী কৰাৰ উপৰিও পাঞ্জাবাৰী স্থিত ঘৰটো বিচৰা বুলিও স্বামী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে ।

লগতে পঢ়ক : কাতি বিহুৰ পালনৰ বাবে সাজু হৈছে মাজুলীৰ সত্ৰ সমূহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.