ETV Bharat / state

আদ্ৰ বায়ুৰ পৰা পানী সংগ্ৰহ কৰিবলৈ ন-পদ্ধতিৰ উদ্ধাৱন আইআইটি গুৱাহাটীৰ গৱেষকৰ - ৰ’য়েল চ’ছাইটি অৱ কেমিষ্ট্ৰি

পানীৰ অপাৰস্পৰিক উৎস আদ্ৰ বায়ুৰ পৰা পানী সংগ্ৰহ কৰাৰ লক্ষ্যৰে এক নতুন পদ্ধতিৰ বিকাশ সাধন কৰে আইআইটি গুৱাহাটীৰ গৱেষকৰ এটা দলে ৷ এই পদ্ধতিয়ে দেশত খোৱাপানীৰ সমস্যা নিৰ্মূল কৰিব বুলি মন্তব্য কৰে গৱেষকৰ দলটোৱে ৷

IIT Guwahati researchers develop 'novel material' to harvest water from humid air
আইআইটি গুৱাহাটীৰ গৱেষকৰ নতুন পদ্ধতিৰ বিকাশ
author img

By

Published : Dec 23, 2020, 8:54 AM IST

নিউজ ডেস্ক,23 ডিচেম্বৰ : আইআইটি গুৱাহাটীৰ গৱেষকসকলে মঙলবাৰে পানীৰ অপাৰস্পৰিক উৎস আদ্ৰ বায়ুৰ পৰা পানী সংগ্ৰহ কৰাৰ লক্ষ্যৰে এক নতুন পদ্ধতিৰ বিকাশ সাধন কৰে ৷

গৱেষকৰ এটা দলে অভিনৱ উপাদানৰ বিকাশিত কৰে,যিয়ে আদ্ৰ বায়ুৰ পৰা পানী সংগ্ৰহ কৰাত সহায় কৰিব ৷ এই পদ্ধতিয়ে দেশত খোৱাপানীৰ সমস্যা নিৰ্মূল কৰিব পাৰিব ৷

তেওঁলোকে এই পদক্ষেপ গ্ৰহণ কৰোতে প্ৰথমবাৰৰ বাবে ৰাসায়ণিকভাৱে পদ্ধতিগত শ্লিপাৰী লিকুইড-ইনফিউজদ প’ৰাছ চাৰ্ফেচ চমুকৈ SLIPSৰ ধাৰণাটো প্ৰয়োগ কৰে ৷ প্ৰতিষ্ঠানটোৰ গৱেষক উত্তম মান্নাই প্ৰতিনিধিত্ব কৰা দলটোৱে এই প্ৰেছ বিবৃতিযোগে এই কথা সদৰি কৰে ৷

উল্লেখ্য যে, গৱেষকসকলে সাধাৰণ A-4 ছপা কাগজৰ ওপৰত পলিমেৰিক সামগ্ৰী ব্যৱহাৰ কৰি এক হাইড্ৰ’ফিলিক শ্লিপ প্ৰস্তুত কৰে ৷ ইয়াৰোপৰি, দুই পৃথক তেলৰ সৈতে মিহলোৱাৰ পূৰ্বে প্ৰলেপটোৰ ওপৰত ৰাসায়নিকভাৱে প্ৰাকৃতিক অ’লিভ অইল আৰু চিন্থেটিক ক্ৰিট’ক্স ব্যৱহাৰ কৰা হয় ৷ ই কোনো শীতল ব্যৱস্থাৰ প্ৰয়োজন নোহোৱাকৈ পানীৰ ভাপ বঢ়োৱা বায়ুৰ পৰা পানী সংগ্ৰহ কৰিব পাৰে ৷

গৱেষক মান্নাৰ নেতৃত্বত দলটোৰ সদস্য কোশিক মাজি, অভিজিৎ দাস আৰু মণিদীপা ধাৰে ৰ’য়েল চ’ছাইটি অৱ কেমিষ্ট্ৰি নামৰ এখন জাৰ্ণেলত তেওঁলোকৰ কামৰ বিবৃতি উল্লেখ কৰে ৷

গৱেষক মান্নাই কয় যে, যিহেতু সমগ্ৰ বিশ্বতে পানীৰ অভাৱ অনুভৱ কৰা হৈছে, গতিকে অপাৰস্পৰিক পদ্ধতিৰে পানী সংগ্ৰহ কৰা চেষ্টা কৰা হৈছে ৷ সম্প্ৰতি বিজ্ঞানীসকলে পানী সংগ্ৰহৰ বিভিন্ন পদ্ধতি প্ৰয়োগ কৰা পৰিলক্ষিত হৈছে ৷ উদাহৰণস্বৰূপে, কম বৰষুণ হোৱা অঞ্চলত উদ্ভিদ আৰু কীট-পতংগই বায়ুৰ পৰা পানী সংগ্ৰহ কৰিব পৰাকৈ বিজ্ঞানীসকলে বিভিন্ন কৌশল প্ৰস্তুত কৰি আছে ৷

দেশত প্ৰতিবছৰে প্ৰায় 2,00,000 লোকৰ খোৱাপানীৰ অভাৱত মৃত্যু ঘটে ৷ পানী সংগ্ৰহ কৰাৰ ব্যয়বহুল পদ্ধতিয়ে দেশত পানীৰ সমস্যা হ্ৰাস কৰাৰ সম্ভাৱনা আছে বুলি তেওঁ উল্লেখ কৰে ৷ পানী সংগ্ৰহৰ উপৰিও শ্লিপবোৰ সহজে পৰিস্কাৰ কৰিব পৰা ঘৰুৱা সঁদুলি, জাহাজ আৰু চাবমেৰিনত ব্যৱহাৰ কৰিব পৰা যাব ৷

লগতে পঢ়ক : চিকিৎসক,নাৰ্চসকলক 'চুপাৰমেন' আখ্যা ৰাজনাথ সিঙৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.