ETV Bharat / state

PM Modi's Assam visit: প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণে জলা-কলা খুৱালে মহানগৰবাসীক

author img

By

Published : Apr 27, 2022, 10:52 PM IST

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ বাবেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰবাসীয়ে ভুগিবলগীয়া হ’ল চৰম যন্ত্ৰণা ৷ মোডীৰ সভালৈ মানুহ কঢ়িওৱাৰ বাবে সমগ্ৰ ৰাজ্যৰ পৰা ১২ হাজাৰখন বাছ অধিগ্ৰহণ কৰা হ’ল ৷ ফলত বাছৰ নাটনিয়ে জলা-কলা খুৱালে সাধাৰণ জনতাক (Shortage of city buses in Guwahati) ৷

PM Modi's Assam visit
প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণে জ্বলাকলা খোৱালে মহানগৰবাসীক

গুৱাহাটী, ২৭ এপ্ৰিল: প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ বাবে যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় গুৱাহাটীৰ সাধাৰণ জনতা । বৃহস্পতিবাৰে ডিব্ৰুগড় আৰু ডিফুলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Modi's Assam visit)। এই উপলক্ষে অনুষ্ঠিত হ’বলগীয়া জনসভালৈ মানুহ কঢ়িওৱাৰ বাবে গুৱাহাটীত দৈনিক চলাচল কৰি থকা ৫০০ খনতকৈও অধিক চিটি বাছ অধিগ্ৰহণ কৰা হ’ল । ফলত গুৱাহাটীত বিগত ৪ দিনৰ পৰা চিটি বাছৰ নাটনি হোৱাত মহানগৰবাসীয়ে যাতায়তৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হয় (Shortage of city buses in Guwahati)।

চিটিবাছ নথকাৰ বাবে ঘন্টাৰ পিছত ঘন্টা জুৰি বাছ আস্থানত অপেক্ষা কৰিবলগীয়া হ’ল যাত্ৰীসকলে । আনহাতে, ইয়াৰ গইনা লৈ একাংশ অটো চালক, ৰিক্সাৱালাই দুগুণ তিনিগুণ পৰ্যন্ত ভাড়া বৃদ্ধি কৰে । আনকি ৰেপিড’, অ’লা, উবেৰৰ দৰে সেৱাসমূহেও যাত্ৰীৰ পৰা নিৰ্ধাৰিত নিৰিখতকৈ অধিক ভাড়া আদায় কৰাৰ অভিযোগ উত্থাপিত হয় ।

বহু যাত্ৰীয়ে উপায়াহীন হৈ খোজকাঢ়িয়েই গন্তব্য স্থানলৈ যাবলৈ বাধ্য হয় । মাত্ৰ কেইখনমান চিটি বাছে মহানগৰীত সেৱা আগবঢ়ায় যদিও সেইকেইখনেও পাণ জাপ দি যাত্ৰী কঢ়িয়াই নিয়া পৰিলক্ষিত হয় ।

গুৱাহাটীত চিটিবাছৰ নাটনি সন্দৰ্ভত সদৌ অসম মটৰ পৰিহন সন্থাৰ(All Assam motor transport association) সচিব প্ৰধান প্ৰদীপ দাসে কয় যে, প্ৰধানমন্ত্ৰীৰ জনসভালৈ মানুহ কঢ়িয়াবলৈ ৫০০ তকৈ অধিক চিটিবাছ অধিগ্ৰহণ কৰা হৈছে । এতিয়া গুৱাহাটীত কেইখনমানহে চিটিবাছ চলাচল কৰি আছে । মহানগৰীৰ কিছুমান পথত চিটি বাছ নাই চলা বুলিবয়েই পাৰি । মহানগৰীত দৈনিক চিটিবাছ ৫০০-৫৫০ খন চলে । কিন্তু ইয়াৰে ৫০০তকৈ অধিক চিটিবাছ অধিকগ্ৰহণ কৰাৰ পাছত কেইখন মান চিটিবাছহে চলে ।

যিকেইখন চিটিবাছ চলে সেইকেইখনে মহানগৰবাসীৰ যাতায়তৰ প্ৰয়োজন পূৰাবলৈ যথেষ্ট নহয় । সেয়ে মহানগৰবাসীৰ সাধাৰণ জনতাই দুৰ্ভোগ ভুগিবলগীয়া হয় । উল্লেখ্য যে সমগ্ৰ অসমৰ পৰা মোডীৰ জনসভাৰ বাবে মানুহ কঢ়িয়াবলৈ প্ৰায় ১২ হাজাৰখন বাছ অধিগ্ৰহণ কৰিছে ।

লগতে পঢ়ক : কাৰ্বি পাহাৰত লক্ষাধিক ত্ৰিৰংগা প্ৰদৰ্শনেৰে প্ৰধানমন্ত্ৰীক আদৰাৰ পৰিকল্পনা বিজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.