ETV Bharat / state

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী

author img

By

Published : Sep 12, 2021, 1:43 PM IST

দুবাৰকৈ অসমৰ মুখ্যমন্ত্রী হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰফুল্ল কুমাৰ মহন্তক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে অসম ডাউন টাউন বিশ্ববিদ্যালয়ে । ছাত্ৰ ৰাজনীতিৰ পৰা মুখ্যমন্ত্ৰীকৈ তথা বিৰোধী দলপতি বা জনপ্ৰতিনিধি হিচাপে প্ৰফুল্ল কুমাৰ মহন্তই ৰাজ্যখনলৈ আগবঢ়োৱা বিশেষ অৱদানৰ স্বীকৃতি স্বৰূপে অসম ডাউন টাউন বিশ্ববিদ্যালয়ে তেওঁক ডক্টৰেট ডিগ্ৰীৰে সন্মানীত কৰে ।

doctorate degree
প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী

গুৱাহাটী, ১২ ছেপ্তেম্বৰ : ৰাজ্যলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে প্ৰ‍াক্তন মুখ্যমন্ত্রী প্ৰফুল্ল কুমাৰ মহন্তলৈ (Prafulla Kumar Mahanta) আগবঢ়োৱা হৈছে সন্মানীয় ডক্টৰেট ডিগ্ৰী । দুবাৰকৈ অসমৰ মুখ্যমন্ত্রী হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰফুল্ল কুমাৰ মহন্তক সন্মানীয় ডক্টৰেট ডিগ্ৰী (Doctorate degree) প্ৰদান কৰিছে অসম ডাউন টাউন বিশ্ববিদ্যালয়ে (Assam Down Town University) ।

ছাত্ৰ ৰাজনীতিৰ পৰা মুখ্যমন্ত্ৰীলৈ তথা বিৰোধী দলপতি বা জনপ্ৰতিনিধি হিচাপে প্ৰফুল্ল কুমাৰ মহন্তই ৰাজ্যখনলৈ আগবঢ়োৱা বিশেষ অৱদানৰ স্বীকৃতি স্বৰূপে অসম ডাউন টাউন বিশ্ববিদ্যালয়ে তেওঁক ডক্টৰেট ডিগ্ৰীৰে সন্মানীত কৰে । সম্বৰ্ধনা পত্ৰখনত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই উল্লেখ কৰে যে প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত চলা বিখ্যাত অসম আন্দোলনৰ ফলশ্ৰুতিত স্বাক্ষৰিত হোৱা অসম চুক্তিৰ (Assam Accord) বাবেই অসমে কেন্দ্ৰৰ পৰা বহুখিনি লাভ কৰিবলৈ সক্ষম হ'ল ।

বিশেষকৈ বিশেষ ৰাজ্যৰ মৰ্যাদা, নুমলীগড় তেল শোধনাগাৰ, স্থায়ী ৰাজধানী, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, তেজপুৰ বিশ্ববিদ্যালয় (Tezpur University), শিলচৰ বিশ্ববিদ্যালয় (Silchar University), কৃষি বিশ্ববিদ্যালয় (Agricultural University), আমিনগাঁওৰ আই আই টি (IIT Guwahati), মাছখোৱাৰ সাংস্কৃতিক প্ৰকল্প, তাৰকাগৃহৰ উপৰিও গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালক ছুপাৰ স্পেচিয়েলিটি হাস্পতাললৈ উন্নীতকৰণ, এন আৰ চি (NRC) আদি অসম চুক্তিৰ জৰিয়তে আদায় কৰিবলৈ সক্ষম হৈছিল অসমে । অসমখনৰ নৱ নিৰ্মাণত প্ৰফুল্ল কুমাৰ মহন্তৰ থকা অৰিহণাৰ বাবে তেওঁক এই সন্মান প্ৰদান কৰে ডাউন টাউন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ।

লগতে পঢ়ক : অসমত ক'ভিড ভেকচিনে সামৰি ল'লে ২ কোটি লোকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.