ETV Bharat / state

চাকৰি নিয়মীয়াকৰণৰ দাবী সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ

author img

By

Published : Feb 8, 2021, 10:36 PM IST

অসম গৃহৰক্ষী বাহিনী ১৯৪৭ আইন সংশোধনী কৰি শীঘ্ৰে চৰকাৰে গৃহৰক্ষী বাহিনীৰ চাকৰি নিয়মীয়াকৰণ কৰক ৷ নহ'লে আগন্তুক বিধানসভা নিৰ্বাচন বৰ্জন কৰিব ২৭ হাজাৰ গৃহৰক্ষী বাহিনীৰ পৰিয়ালে ৷ এই সকীয়নি সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ ৷ সোমবাৰে দিছপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল অনুষ্ঠিত কৰি চৰকাৰক এইদৰে সকীয়নি প্ৰদান কৰে সন্থাই ৷

HOME GUARD ASSOCIATION PRESSMEET
শীঘ্ৰে চাকৰি নিয়মীয়াকৰণৰ দাবী সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ

গুৱাহাটী,8 ফেব্ৰুৱাৰী: অসম গৃহৰক্ষী বাহিনী ১৯৪৭ আইন সংশোধনী কৰি শীঘ্ৰে চৰকাৰে গৃহৰক্ষী বাহিনীৰ চাকৰি নিয়মীয়াকৰণ কৰক ৷ নহ'লে আগন্তুক বিধানসভা নিৰ্বাচন বৰ্জন কৰিব ২৭ হাজাৰ গৃহৰক্ষী বাহিনীৰ পৰিয়ালে ৷ এই সকীয়নি সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ ৷ সোমবাৰে দিছপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল অনুষ্ঠিত কৰি চৰকাৰক এইদৰে সকীয়নি দিয়ে সন্থাই ৷

সংবাদমেলত সন্থাৰ নেতৃবৰ্গই ১১-১৩ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব লগা বাজেট অধিৱেশনতে চাকৰিৰ নিয়মীয়াকৰণ কৰি উপযুক্ত দৰমহাৰ ব্যৱস্থা কৰিবলৈ দাবী জনোৱাৰ লগতে অনলাইন ডে পেমেণ্ট বন্ধ কৰিবলৈও দাবী তোলে সন্থাই ৷ তদুপৰি গৃহৰক্ষী বাহিনীৰ দাবী নামানিলে বাজেট অধিৱেশন চলি থকাৰ সময়ত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলিও সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰক সকীয়াই দিয়ে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাই ৷

লগতে পঢ়কঃ অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ ৰাজীৱ কুমাৰ বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.