ETV Bharat / state

Hockey World Cup Trophy: মহানগৰীত হকী বিশ্বকাপৰ ট্ৰফী - মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

এইবাৰ দেশজুৰি হকীৰ জ্বৰ (Hockey World Cup 2022) ৷ অহা ১৩ জানুৱাৰীৰ পৰা ওডিশা অনুষ্ঠিত হ’বলগা এই হকী বিশ্বকাপৰ ট্ৰফী সমগ্ৰ ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যলৈ লৈ যোৱা হ’ব (Hockey World Cup Trophy in Guwahati) । বৃহস্পতিবাৰে উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰৰ পৰা গুৱাহাটীলৈ লৈ অনা হয় এই বিশ্বকাপৰ ট্ৰফীটো ৷

hockey world cup trophy in guwahati
Hockey World Cup Trophy: মহানগীৰত হকী বিশ্বকাপৰ ট্ৰফী
author img

By

Published : Dec 8, 2022, 6:20 PM IST

গুৱাহাটী, 8 ডিচেম্বৰ: ফুটবলৰ পাচতে এইবাৰ দেশজুৰি হকীৰ জ্বৰ (Hockey World Cup 2022) ৷ ভাৰতৰ ৰাষ্ট্ৰীয় খেল হকীৰ বিশ্বকাপ এইবাৰ অনুষ্ঠিত হ’ব ওডিশাত ৷ অহা ১৩ জানুৱাৰীৰ পৰা ওডিশাত অনুষ্ঠিত হ’বলগা এই হকী বিশ্বকাপৰ ট্ৰফী সমগ্ৰ ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যলৈ লৈ যোৱা হ’ব (Hockey World Cup Trophy in Guwahati) । বৃহস্পতিবাৰে উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰৰ পৰা গুৱাহাটীলৈ লৈ অনা হয় এই বিশ্বকাপৰ ট্ৰফীটো ৷

Hockey World Cup Trophy: মহানগীৰত হকী বিশ্বকাপৰ ট্ৰফী

বৰঝাৰ বিমানবন্দৰত গায়ন-বায়ন সহিতে উষ্ম আদৰণি জনোৱাৰ পিছত মটৰ চাইকেল সমদলেৰে গুৱাহাটী বিশ্ববিদ্যালয়লৈ লৈ যোৱা হয় এই ট্ৰফীটো ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সমাজে উষ্ম আদৰণি জনায় বিশ্বকাপৰ ট্ৰফীটোক ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ৰঞ্জন কাকতি আৰু বিশ্ববিদালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ উপস্থিতিত ট্ৰফীটো দেখুওৱা হয় ৷

ওডিশাৰ পৰা যাত্ৰা আৰম্ভ কৰা এই ট্ৰফীটোৰ যাত্ৰা ওডিশাতেই সমাপ্ত হ’ব ৷ গুৱাহাটীলৈ লৈ অনাৰ যাত্ৰাপথত গীতাৰ্থ গোস্বামী আৰু ড৹ তপন দাসে সংগ দিয়ে ওডিশাৰ দলটোক ৷ গুৱাহাটীত হকী খেলপথাৰত আৰু খানাপাৰাত বিশেষ কাৰ্যসূচী ৰূপায়ণৰ পিছত শুকুৰবাৰ অসম ভ্ৰমণ কাৰ্যসূচী সামৰি ঝাৰখণ্ডলৈ লৈ যোৱা হ’ব ট্ৰফীটো ।

উল্লেখ্য যে হকী বিশ্বকাপৰ ট্ৰফীটো এখন বিশেষ বাহনেৰে কঢ়িয়াই নিয়া হয় । বাহনখনৰ আগে পিছে বৃহৎ বাইক ৰেলী উলিওৱা হয় । হকী বিশ্বকাপৰ ট্ৰফীটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সমদল কৰি পোনে পোনে মৌলানা মহম্মদ তৈয়বুল্লা হকী ষ্টেডিয়ামলৈ নিয়া হয় ৷ তাৰ পৰা পুনৰ বশিষ্ঠত থকা গুৰুদ্বাৰলৈ নিয়া হয়।

তাত প্ৰাৰ্থনা কৰাৰ পিছত হকী বিশ্বকাপৰ ট্ৰফীটো খানাপাৰা গনেশ মন্দিৰৰ খেলপথাৰলৈ লৈ যোৱা হয় ৷ খেলপথাৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma), মন্ত্ৰী যোগেন মহন (Minister Jogen Mohan) আৰু অৰুণাচল প্ৰদেশৰ খেলমন্ত্ৰী মামা নাতুঙে সমদলটোক উষ্ম আদৰণি জনায় । নিশা হকী বিশ্বকাপৰ ট্ৰফীটো নেহৰু ষ্টেডিয়ামলৈ লোৱা যোৱা হ’ব। তাৰ পিচতেই কামাখ্যা মন্দিৰলৈ নিয়া হব।

লগতে পঢ়ক: AASU protest : ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.