ETV Bharat / state

খেল' ইণ্ডিয়াৰ সামৰণি অনুষ্ঠানত হিপহপ বিহু - মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

খেল’ ইণ্ডিয়া ২০২০ শীৰ্ষক ক্ৰীড়া অনুষ্ঠানৰ বুধবাৰে সামৰণি পৰে ৷ ৭৬ টা পদক অৰ্জনেৰে পদক তালিকাৰ সপ্তম স্থানত অটুট থাকিল আয়োজক ৰাজ্য অসম । খেল’ ইণ্ডিয়াৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুকে ধৰি চৰকাৰৰ বহুকেইজন প্ৰতিনিধি ৷ সামৰণি অনুষ্ঠানত উপস্থিত থাকে বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী চান ৷

সামৰণি
খেল' ইণ্ডিয়া
author img

By

Published : Jan 23, 2020, 9:08 AM IST

গুৱাহাটী, 23 জানুৱাৰীঃ সামৰণি পৰিল খেল’ ইণ্ডিয়া ২০২০ শীৰ্ষক ক্ৰীড়া অনুষ্ঠানৰ। এক বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানৰে সমাপ্ত হ’ল যুৱ ক্ৰীড়া সমাৰোহখনি । ৭৬ টা পদক অৰ্জনেৰে পদক তালিকাৰ সপ্তম স্থানত অটুট থাকিল আয়োজক ৰাজ্য অসম। খেল’ ইণ্ডিয়াৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুকে ধৰি চৰকাৰৰ বহুকেইজন প্ৰতিনিধি ৷ ৰাইজৰ সহায়-সহযোগিতাৰ বাবে সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহখনি সফলতাৰে সমাপ্ত কৰিবলৈ সক্ষম হৈছে বুলি মুখ্যমন্ত্ৰী সোণোৱালে প্ৰকাশ কৰে । এই সমাৰোহৰ জৰিয়তে অসমৰ গাঁৱে-ভূঞে লুকাই থকা প্ৰতিভাসমূহ জিলিকি উঠিবলৈ সক্ষম হৈছে ৷ আগন্তুক সময়তো খেলৰ দিশটোত অসমে বিশেষ সাফল্য লাভ কৰিবলৈ সক্ষম হ’ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়। অসমে এই সমাৰোহত সপ্তম স্থান লাভ কৰি পৰৱৰ্তী প্ৰজন্মৰ মনোবল বৃদ্ধি কৰিছে । গুৱাহাটীক দেশৰ ক্ৰীড়াৰ ৰাজধানী হিচাপে গঢ়ি তুলিবলৈ এনেধৰণৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল আৰু অনুষ্ঠিত কৰা হ’ব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ একান্ত প্ৰচেষ্টাৰ বাবেহে এয়া সম্ভৱপৰ হৈ উঠিছে সোণোৱালে ভাষণত উল্লেখ কৰে ৷

বিকৃত ৰূপত বিহু

আনহাতে,কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ মতে বিগত বৰ্ষতকৈ বহু পৰিমাণে সফলতাপূৰ্বকভাৱে সামৰণি পৰিছে এই বৰ্ষৰ খেল’ ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহ । এইক্ষেত্ৰত অসম চৰকাৰক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । আয়োজক ৰাজ্য অসমৰ প্ৰদৰ্শন বহুপৰিমাণে ভাল হোৱা বুলি ৰিজিজুই উল্লেখ কৰে ৷ লগতে মণিপুৰৰ খেল পূৰ্বৰ তুলনাত শোচনীয় হৈছে । কিন্তু সামগ্ৰিকভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰদৰ্শন আশাপ্ৰদ আছিল বুলি কিৰেণ ৰিজিজুৱে মন্তব্য প্ৰকাশ কৰে ৷

চানৰ অনুষ্ঠান পৰিৱেশন

খেল’ ইণ্ডিয়াৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী চান ৷ অনুষ্ঠানটোত সংগীত পৰিৱেশন কৰে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে ৷ ইটোৰ পিছত সিটো জনপ্ৰিয় গীতেৰে উপস্থিত ৰাইজক মোহিত কৰিবলৈ সক্ষম হয় বলীউডৰ শিল্পীগৰাকীয়ে। ক্ৰীড়া সমাৰোহখনৰ জৰিয়তে দেশৰ যুৱ প্ৰতিভাক উজ্বলাই তোলাৰ বাবে ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে চানে। তাৰোপৰি যুৱ প্ৰজন্মক খেলৰ জৰিয়তে আগুৱাই যাবলৈ পৰামৰ্শ আগবঢ়ায় চানে। শিল্পীগৰাকীয়ে সুধাকণ্ঠক সোঁৱৰি অসমীয়া গীতো অনুষ্ঠানত পৰিবেশন কৰে ৷

অসমবাসীক ধন্যবাদ জ্ঞাপন মুখ্যমন্ত্ৰীৰ

ইফালে খেল’ ইণ্ডিয়াৰ মঞ্চত চূড়ান্ত বিকৃত ৰূপত উপস্থাপন কৰা হ’ল বিহু। পেপাৰ লহৰত হিপহপ নাচ প্ৰদৰ্শন কৰি বিহুক বিকৃত ৰূপত উপস্থাপন কৰা হয় ৷ সংস্কৃতি ৰক্ষাৰ ফুলজাৰি মৰা ৰাজ্যৰ চৰকাৰৰ প্ৰতিনিধিৰ সন্মুখতে প্ৰদৰ্শিত হ’ল এই ডিজে বিহু । বিহুৰ সুৰক আধুনিক ৰহণ দিয়া কাৰ্যত ৰাজ্যত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ দুভাগত বিভক্ত হোৱা অসমৰ শিল্পী সমাজৰ গৰিষ্ঠ সংখ্যক শিল্পীকে আমন্ত্ৰণ জনোৱা নহ’ল খেল’ ইণ্ডিয়াৰ সামৰণি অনুষ্ঠানত । ইয়াৰ পৰিৱৰ্তে কেৱল শাসক পক্ষৰ সমৰ্থকেৰে ভৰি পৰে খেল' ইণ্ডিয়াৰ সামৰণি অনুষ্ঠানৰ বাকৰি । কৃষ্ণমণি চুতীয়া,জিতুল সোণোৱাল,ছাজন নায়ক,আইমী বৰুৱা,গায়ত্ৰী মহন্তৰ দৰে নাগৰিকত্ব সংশোধনী আইন সমৰ্থন কৰা শিল্পীসকলে নিজৰ অনুষ্ঠান পৰিৱেশন কৰে ৷

লগতে চাওকঃসৰুসজাইত খেল' ইণ্ডিয়াৰ বৰ্ণিল সামৰণি অনুষ্ঠান

Intro:অসমৰ গৌৰৱ বিহু বনাম হিপহপ। খেল' ইণ্ডিয়াত চূড়ান্তভাৱে বিকৃত ৰূপত উপস্থাপন কৰা হ'ল বিহু। পেপাৰৰ লহৰত হিপহপ নাচোন খেল' ইণ্ডিয়াৰ সামৰণি অনুষ্ঠানৰ মঞ্চত। এইবাৰ খোদ নিজৰ চহৰতে বিকৃত কৰা হ'ল বিহু। সংস্কৃতি ৰক্ষাৰ কথা কোৱা ৰাজ্যৰ চৰকাৰৰ সন্মূখতে প্ৰদৰ্শিত হ'ল এই ডিজে বিহু। নিভাঁজ বিহুৰ সুৰক আধুনিক ৰহন দিয়া কাৰ্যত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। ইফালে দুভাগত বিভক্ত হৈ পৰিল অসমৰ শিল্পীসমাজ। ৰাজ্যৰ গৰিষ্ঠ সংখ্যক জনপ্ৰিয় শিল্পীয়ে আমন্ত্ৰিত নহ'ল খেল' ইণ্ডিয়াৰ সামৰণি অনুষ্ঠানত। ইয়াৰ পৰিৱৰ্তে কেৱল শাসক পক্ষৰ সমৰ্থকৰে ভৰি পৰিল খেল' ইণ্ডিয়াৰ সামৰণি অনুষ্ঠান। আনহাতে কৃষ্ণমণি চুতীয়া, জিতুল সোণোৱাল, ছাজন নায়ক, আইমী বৰুৱা, গায়ত্ৰী মহন্ত দৰে শিল্পীয়ে পৰিবেশন কৰিলে অনুষ্ঠান। কিন্তু দেখা নগ'ল কোনো কা' বিৰোধী জনপ্ৰিয় শিল্পীক। ইয়াৰ পৰায়ে ধাৰণা কৰিব পাৰি যে বৰ্তমান দুটা ভাগত বিভক্ত হৈ পৰিছে অসমৰ শিল্পীসমাজ। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.