গুৱাহাটী,15 নৱেম্বৰ : দেওবাৰে গুৱাহাটী মহানগৰীত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ বৃহত্তৰ যোৰাবাট আঞ্চলিক সমিতিখন গঠন কৰা হয় । হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসমৰ গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি অৰূপ কুমাৰ পাঠকৰ সভাপতিত্বত আৰু মহানগৰ সমিতিৰ সাধাৰণ সম্পাদক অপূৰ্ব ডেকাৰ উপস্থিতিত গঠন হয় এই আঞ্চলিক সমিতিখন ৷
নৱ গঠিত 21 জনীয়া সমিতিখনত প্ৰদীপ ৰাভাক সভাপতিৰ দায়িত্ব দিয়াৰ লগতে ভীম শৰ্মাক সাধাৰণ সম্পাদক পদত নিযুক্তি দিয়া হয় ৷
উক্ত সভাত হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসমৰ গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি, সম্পাদকৰ লগতে উপস্থিত থাকে সহকাৰী সাধাৰণ সম্পাদক প্ৰদ্যুম্ন ডেকা, সাংগঠনিক সম্পাদক নিতু পাঠক, জয়ন্ত ডেকাকে ধৰি ভালেসংখ্যক নেতা ৷
লগতে পঢ়ক : ৰাজ্যত পুনৰ সাংবাদিক আক্ৰমণৰ ঘটনা