গুৱাহাটী, 20 মাৰ্চঃ বিগত কিছুদিনৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলন্ত গাড়ীত কেইবাগৰাকী মহিলাক নিৰ্যাতন চলাইছে দুৰ্বৃত্তই । কিন্তু এই ঘটনাক কেইটামান সংগঠনে সাম্প্ৰদায়িক ৰং সানিবলৈ চেষ্টা কৰিছে । এই অভিযোগ হিন্দু জাগৰণ মঞ্চ অসমৰ । শুকুৰবাৰে দিছপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল আয়োজন কৰি কেতবোৰ বিস্ফোৰক অভিযোগ তোলে সংগঠনটোৱে ।
তেওঁলোকে কয় যে,এটা বিশেষ সম্প্ৰদায়ৰ লোকে অসমত জেহাদ চলাবলৈ চেষ্টা অব্যাহত ৰাখিছে। হিন্দু নাৰী-ছোৱালীক নিৰ্যাতন চলাই সময়ে সময়ে এই জেহাদ চলাই আহিছে বুলি গুৰুতৰ অভিযোগ তোলে সংগঠনটোৱে । ইয়াৰ উপৰিও হিন্দু মঠ,মন্দিৰ,নামঘৰত এই সম্প্ৰদায়ৰ লোক প্ৰৱেশ কৰি বিকৃত মানসিকতাৰ পৰিচয় দি অসামাজিক কাৰ্য সংঘটিত কৰিছে। এনে লোক ৰাইজৰ হাতত ধৰা পৰিলে পগলা বুলি আচৰণ কৰি সাৰিব খোজে বুলিও অভিযোগ কৰে সংগঠনটোৱে । সেয়ে বৰ্তমান সময়ত পগলা জেহাদ বুলিও মন্তব্য কৰে "হিন্দু জাগৰণ মঞ্চ ই"। গতিকে এনে শক্তিৰ বিৰুদ্ধে সকলোৱে একত্ৰিত হৈ যুজিবলৈ আহ্বান জনায় সংগঠনটোৱে ।