ETV Bharat / state

Ghulam Nabi Azad autobiography: ৰাহুল গান্ধীৰ বাবেই কংগ্ৰেছ ত্যাগ কৰিছিল নেকি হিমন্ত বিশ্ব শৰ্মাই ?

author img

By

Published : Mar 24, 2023, 8:02 PM IST

5 এপ্ৰিলত প্ৰকাশ পাব লগা জ্যেষ্ঠ কংগ্ৰেছ নেতা গোলাম নবী আজাদৰ আত্মজীৱনীত উল্লেখিত কিছু তথ্য অসমৰ লগতে দেশৰ ৰাজনীতিতো চৰ্চাৰ কাৰণ হৈ পৰিছে ৷ ‘আজাদ’ শীৰ্ষক আত্মজীৱনীখনত (Ghulam Nabi Azad autobiography) তেওঁ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দল ত্যাগ কৰাৰ মূল কাৰণ ৰাহুল গান্ধী বুলি উল্লেখ কৰিছে ৷ ছোনিয়া গান্ধীৰ সন্দৰ্ভতো কেতবোৰ তথ্য উল্লেখ কৰে প্ৰাক্তন কংগ্ৰেছ নেতাগৰাকীয়ে ৷

Ghulam Nabi Azad autobiography
ৰাহুল গান্ধীৰ বাবেই কংগ্ৰেছ ত্যাগ কৰিছিল নেকি হিমন্ত বিশ্ব শৰ্মাই ?

গুৱাহাটী, 24 মাৰ্চ: কংগ্ৰেছৰ প্ৰাক্তন জ্যেষ্ঠ নেতা গোলাম নবী আজাদৰ (Ghulam Nabi Azad) প্ৰকাশ পাবলগীয়া আত্মজীৱনী ‘আজাদ’ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব সন্দৰ্ভত উল্লেখ আছে কেতবোৰ তথ্য ৷ এসময়ৰ প্ৰৱল প্ৰতাপী কংগ্ৰেছ নেতা তথা ৰাজ্যৰ বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত উল্লেখ থকা তথ্যই এতিয়া ৰাজ্যৰ লগতে দেশজুৰি লাভ কৰিছে চৰ্চা ৷

গোলাম নবী আজাদে তেওঁৰ আত্মজীৱনীত হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) কংগ্ৰেছ ত্যাগ কৰাৰ ক্ষেত্ৰত ৰাহুল গান্ধীয়ে (Rahul Gandhi) বাধ্য কৰা বুলি প্ৰকাশ হোৱা তথ্যই কংগ্ৰেছৰ ভিতৰচ’ৰাত তোলাপাৰ লগাইছে । গোলাম নবীয়ে অহা পাঁচ এপ্ৰিলত প্ৰকাশ‌ পাবলগীয়া তেওঁৰ ‘আজাদ’ শীৰ্ষক আত্মজীৱনীত প্ৰকাশ‌ কৰা‌ মতে তদানীন্তন কংগ্ৰেছ চৰকাৰৰ গৰিষ্ঠসংখ্যক বিধায়কৰ সমৰ্থন থকাৰ পাচতো হিমন্ত বিশ্ব শৰ্মা সম্পর্কত ৰাহুল গান্ধীয়ে কৈছিল ‘তেওঁক যাবলৈ দিয়ক’( let him go) ।

কংগ্ৰেছৰ এসময়ৰ অতি গুৰুত্বপূৰ্ণ নেতাগৰাকীয়ে তেওঁৰ আত্মজীৱনীত এই বিস্ফোৰক তথ্য প্ৰকাশ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছ ত্যাগৰ বাবে ৰাহুলক জগৰীয়া কৰি মন্তব্য কৰিছে যে ৰাহুল গান্ধীৰ ‘অব্যৱস্থাপনা' তথা ভুল নীতিৰ বাবেই হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ ত্যাগ কৰিছিল আৰু কাৰ্যতঃ অসমকে ধৰি উত্তৰ-পূবত কংগ্ৰেছে খোপনি হেৰুৱাবলগীয়া হৈছে (Himnta left congress for Rahul Gandhi) ।

এসময়ত কংগ্ৰেছৰ অন্যতম গুৰুত্বপূৰ্ণ নেতা হিচাবে চিহ্নিত হোৱা গোলাম নবী আজাদে বিগত বৰ্ষৰ আগষ্টত কংগ্ৰেছ ত্যাগ কৰে আৰু নতুন দল গঠন কৰে । আত্মজীৱনী ‘আজাদ’ত তেওঁ ছোনিয়া গান্ধীকো (Sonia Gandhi) কংগ্ৰেছৰ বিপৰ্যয়ৰ বাবে জগৰীয়া কৰিছে ।

ছোনিয়া গান্ধীয়ে দলৰ সভাপতি হিচাবে নিজকে প্ৰতিপন্ন কৰা নাছিল বুলি মন্তব্য কৰি নেতাগৰাকীয়ে লিখিছে, ‘‘সমাগত সময়ত বিপর্যয়ে বাট চাই থকা বুলি জানিও তেওঁৰ ভূমিকা শক্তিশালী নাছিল ।’’ আত্মজীৱনখনত গোলাম নবী আজাদে লগতে লিখিছে, ‘‘ৰাহুল গান্ধীয়ে আমাক স্পষ্টভাৱে কৈছিল যে নেতৃত্ব পৰিৱৰ্তনৰ কোনো সম্ভাৱনা নাই । আমি তেওঁক সোঁৱৰাই দিছিলোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গৰিষ্ঠসংখ্যক বিধায়কৰ সমৰ্থন আছে । তেওঁলোকেও বিসম্বাদ কৰিব পাৰে আৰু দল ত্যাগ কৰিব পাৰে । কিন্তু তাৰ পাচতো ৰাহুলে কৈছিল যে তেওঁক যাবলৈ দিয়ক আৰু একো আলোচনাৰ অৱকাশ নাই ।’’

গোলাম নবী আজাদৰ আত্মজীৱনীখন প্ৰকাশ কৰিছে আগশাৰীৰ ৰূপা প্ৰকাশনে । প্ৰকাশন গোষ্ঠীটোৰ ফালৰপৰা প্ৰকাশ কৰা এটা প্ৰেছ বিজ্ঞপ্তিত দেশৰ ৰাজনীতিৰ গুৰুত্বপূৰ্ণ প্ৰতিনিধিগৰাকীয়ে আন দলীয় ৰাজনীতিৰ ভালেমান গুৰুত্বপূৰ্ণ তথা স্পর্শকাতৰ দিশ গ্ৰন্থখনত প্ৰকাশ কৰা বুলি সদৰী কৰিছে । উল্লেখ্য যে, এই সন্দৰ্ভত ‌মুখ্যমন্ত্ৰী হিমন্ত‌ বিশ্ব শৰ্মাই‌ কোনো মন্তব্য ৰাজহুৱা ‌কৰা‌ নাই ।

লগতে পঢ়ক: Modi surname case: মোদীৰ নাম মুখত লৈ সদনত অযোগ্য বিবেচিত ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.