ETV Bharat / state

অসম পালেহি ৯৬০০ ৰেপিড টেষ্ট কিটঃ আধা ঘণ্টাতে হ'ব পৰীক্ষা - ৯৬০০ ৰেপিড টেষ্ট কিট

যিসকল লোকক এই কিটৰ জৰিয়তে পৰীক্ষা কৰা হ'ব তেওঁলোকৰ মোবাইল নম্বৰসমূহ ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰি আৰোগ্য সেতু এপৰ সৈতে সংযোগ কৰি দিয়া হ'বঃ ডঃ হিমন্তবিশ্ব শৰ্মা

himanta rapid test kit arrived assam
অসম পালেহি ৯৬০০ ৰেপিড টেষ্ট কিট;আধা ঘণ্টাতে হ'ব পৰীক্ষা
author img

By

Published : Apr 20, 2020, 8:32 PM IST

গুৱাহাটী,২০ এপ্ৰিলঃ অসম আহি পালেহি ৯,৬০০ টা ৰেপিড টেষ্ট কিট । কেন্দ্ৰীয় চৰকাৰে চীনৰ পৰা ক্ৰয় কৰা এই ৯,৬০০ টা কিট প্ৰেৰণ কৰিছে অসমলৈ । আজি এক সংবাদমেলত এই কথা প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই । এই কিটৰ জৰিয়তে আধা ঘন্টাৰ ভিতৰতে কোনো লোকৰ তেজ পৰীক্ষাৰ দ্বাৰা তেওঁৰ শৰীৰত কোভিড-১৯ আছে নে নাই বা পূৰ্বতে আক্ৰান্ত হৈছিল নেকি তাৰ উমান পোৱা যাব । এইখিনি কিট কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আহিছে যদিও ৰাজ্য চৰকাৰেও নিজাকৈ চীনৰ পৰা আৰু ৫০ হাজাৰ এনে কিট কিনাৰ কথা ভাবিছে বুলি মন্ত্ৰীগৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰে । সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয় যে যিসকল লোকক এই কিটৰ জৰিয়তে পৰীক্ষা কৰা হ'ব তেওঁলোকৰ মোবাইল নম্বৰসমূহ ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰি আৰোগ্য সেতু এপৰ সৈতে সংযোগ কৰি দিয়া হ'ব । ইপিনে,সদ্যহতে লাভ কৰা এই কিটখিনিৰ ৫০ টা ব্যৱহাৰ কৰা হ'ব গুৱাহাটীৰ স্পেনিছ গাৰ্ডেনত, ২৫ টা ব্যৱহাৰ কৰা হ'ব গুৱাহাটীৰ আঠগাওঁ মছজিদত আৰু ২৫০ টা ব্যৱহাৰ কৰা হ'ব লাহৰীঘাটত । বাকী সকলো ব্যৱহাৰ কৰা হ'ব চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল সমূহত ।

ৰাজ্যত কলীয়া ডাৱৰ কিছু আঁতৰিছে যদিও বিপদ এতিয়াও শেষ হৈ যোৱা নাই
ইয়াৰ উপৰিও মন্ত্ৰী ডঃ শৰ্মাই সাংবাদিকৰ আগত মন্তব্য কৰি কয় যে,ৰাজ্যত কলীয়া ডাৱৰ কিছু আঁতৰিছে যদিও বিপদ এতিয়াও শেষ হৈ যোৱা নাই । বৰ্তমান ৰাজ্যত ১৫ গৰাকী কোভিড-১৯ পজিটিভ ৰোগী আছে । ১৮ গৰাকী ইতিমধ্যে সুস্থ হৈ উঠাৰ বাবে তেওঁলোকক মুকলি কৰি দিয়া হৈছে । আনহাতে ২৪ এপ্ৰিলৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালকে ধৰি বাকীকেইখন চিকিৎসা মহাবিদ্যালয় হাস্পতালো সাধাৰণ ৰোগীৰ বাবে মুকলি কৰি দিয়া হ'ব বুলি তেওঁ আজি ঘোষণা কৰে । অৱশ্যে মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল সদ্যহতে সাধাৰণ ৰোগীৰ বাবে খুলি দিয়া নহ'ব বুলি মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।
অসম পালেহি ৯৬০০ ৰেপিড টেষ্ট কিট;আধা ঘণ্টাতে হ'ব পৰীক্ষা

লগতে পঢ়কঃ বৰ্তমান পৰিস্থিতিত ৰাজ্য চৰকাৰে গ্ৰহণ নকৰে কোনো সিদ্ধান্তঃ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.