ETV Bharat / state

আজি যোগীৰ অভিষেক; পুৱাই গুৱাহাটী এৰিলে ড৹ হিমন্ত বিশ্ব শৰ্মাই

দ্বিতীয়বাৰৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব যোগী আদিত্যনাথে (Yogi Adityanath to take oath as CM)। লক্ষ্ণৌত শপত গ্ৰহণ অনুষ্ঠানৰ বিশাল আয়োজন কৰা হৈছে । অনুষ্ঠানৰ নিমন্ত্ৰিত অতিথি ড৹ হিমন্তবিশ্ব শৰ্মা । যাৰ বাবে পুৱাই উত্তৰ প্ৰদেশ অভিমুখে ৰাওনা অসমৰ মুখ্যমন্ত্ৰীগৰাকী (Himanta Biswa Sharma left for Uttar Pradesh) ।

author img

By

Published : Mar 25, 2022, 11:28 AM IST

Himanta Biswa Sarma
পুৱাই গুৱাহাটী এৰিলে ডঃ শৰ্মাই

গুৱাহাটী,২৫ মাৰ্চ : শুকুৰবাৰে পুৱা ৯ বজাতেই গুৱাহাটী এৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই । চাৰ্টাৰ্ড বিমানযোগে শুকুৰবাৰে পুৱাই উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ অভিমুখে উৰা মাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে (Assam CM travels to Lucknow in UP)। কাৰণ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৰূপে দ্বিতীয়টো কাৰ্যকালৰ বাবে শপত ল'ব যোগী আদিত্যনাথে (Yogi Adityanath to take oath as CM)। আদিত্যনাথৰ দ্বিতীয় ৰাজ অভিষেক ।

এই ৰাজ অভিষেকৰে নিমন্ত্ৰিত অতিথি ড৹ হিমন্তবিশ্ব শৰ্মা । অৱশ্যে শপত গ্ৰহণ অনুষ্ঠানত ভাগ লৈ নিশাৰ ভাগলৈ মুখ্যমন্ত্ৰী গৰাকী গুৱাহাটীলৈ উভতি আহিব । উল্লেখ্য যে যোগী আদিত্যনাথৰ এই শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে দেশৰ বিজেপি শাসিত সকলো ৰাজ্যৰে মুখ্যমন্ত্ৰীসকলক । বিশাল আয়োজনৰ মাজত শপত ল'ব যোগী আদিত্যনাথে ।

Yogi Adityanath
আজি যোগীৰ অভিষেক

স্মৰ্তব্য যে মাত্ৰ দুদিন পূৰ্বে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ৰূপে শপত লৈছিল পুষ্কৰ সিং ধামীয়ে । তেওঁৰ সেই শপত গ্ৰহণ অনুষ্ঠানতো অতিথি ৰূপে উপস্থিত আছিল মুখ্যমন্ত্ৰী ড৹ শৰ্মা ।

আনহাতে উত্তৰ প্ৰদেশৰ পৰা উভতি ২৭ মাৰ্চত পুনৰ দিল্লীলৈ যাব মুখ্যমন্ত্ৰী (Assam CM to visit Delhi again on March 27)। সেইদিনাই কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত দিল্লীত অনুষ্ঠিত হ'ব অসম-মেঘালয় সীমা সমস্যা (Assam Meghalaya border dispute) সমাধানৰ চূড়ান্ত বৈঠক । সেই বৈঠকত অসম আৰু মেঘালয় দুয়োখন ৰাজ্যৰে মুখ্যমন্ত্ৰীদ্বয় উপস্থিত থাকিব ।

লগতে পঢ়ক : পৰিষদৰ নিৰ্বাচনত আটাইকেইখন আসনতে জয়ী হʼব বিজেপি : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.