ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাইহে কংগ্ৰেছৰ সভাপতি পাতিছে ভূপেন বৰাক : আমিনুল ইছলাম

author img

By

Published : Apr 11, 2022, 8:39 PM IST

‘‘মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ আসনত বহুৱাইছে ৷ বিজেপিৰ বিৰুদ্ধাচৰণ কৰিবলৈ শক্তিও নাই আৰু ইচ্ছাও নাই কংগ্ৰেছৰ ৷ ২০২৪ ৰ লোকসভা নিৰ্বাচনেই হওক বা ২০২৬ ৰ বিধানসভা নিৰ্বাচনেই হওক, কংগ্ৰেছৰ কোনো অস্তিত্ব নাথাকিব ৷’’ এনেদৰেই কংগ্ৰেছৰ বিৰুদ্ধে তীক্ষ্ণ বাক্যবাণ নিক্ষেপ কৰিলে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে (Aminul Islam criticises congress)।

Aminul Islam criticises congress
ভূপেন বৰাক হিমন্তবিশ্ব শৰ্মাইহে কংগ্ৰেছৰ সভাপতি পাতিছে : আমিনুল ইছলাম

গুৱাহাটী, ১১ এপ্ৰিল : ‘‘ভূপেন বৰাক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ আসনত বহুৱাইছে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই । সেয়েহে কংগ্ৰেছে এতিয়া বিজেপিয়ে যি মতে শ্ৰুতলিপি দিয়ে ৷ সেই মতেই এ আই ইউ ডি এফৰ বিৰুদ্ধে বক্তব্য দাঙি ধৰে ।’’ সোমবাৰে পুনৰবাৰ কংগ্ৰেছ দল আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক উদ্দেশ্যি এইদৰে তীক্ষ্ণ বাক্যবাণ নিক্ষেপ কৰে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে (MLA Aminul Islam criticises congress)।

বিধায়কগৰাকীয়ে লগতে কয় যে যি সময়ত কংগ্ৰেছ দলে অসমত বিজেপি চৰকাৰখনৰ কামকাজৰ বিৰোধিতা কৰিব লাগিছিল, মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰিব লাগিছিল সেই সময়ত এই দলটো ব্যস্ত হৈ আছে এ আই ইউ ডি এফক আক্ৰমণ কৰাত, সমালোচনা কৰাত । এই কথা এতিয়া আৰু লুকাই থকা নাই যে কংগ্ৰেছ দলে বিজেপিৰ কথামতেই কাম কৰিবলৈ আৰম্ভ কৰিছে । আচলতে কংগ্ৰেছৰ এতিয়া বিজেপিৰ বিৰুদ্ধাচৰণ কৰিবলৈ শক্তিও নাই আৰু ইচ্ছাও নাই বুলি মন্তব্য কৰে আমিনুল ইছলামে ।

আনহাতে, ২০২৪ ৰ লোকসভা নিৰ্বাচনেই হওক বা ২০২৬ ৰ বিধানসভা নিৰ্বাচনেই হওক কংগ্ৰেছৰ কোনো অস্তিত্ব নাথাকিব বুলি মন্তব্য কৰি তেওঁ কয় যে, ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছে মহাজোঁটবন্ধন কৰি দেশত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পথ সুগম কৰি দিছিল । এইবাৰো ২০২৪ ৰ লোকসভা নিৰ্বাচন(2024 Lok Sabha election)ৰ সময়ত যদি কংগ্ৰেছে একেটা কামেই কৰিবলৈ চেষ্টা কৰে তেন্তে পুনৰ বিজেপি শাসনলৈ অহাটো নিশ্চিত ।

সেয়েহে শক্তি যিহেতু নাই গতিকে কংগ্ৰেছ মনে মনে বহি থকা উচিত আৰু বিজেপিৰ বিৰুদ্ধে বিৰোধীয়ে আৰম্ভ কৰিবলগীয়া ৰণখনৰ নেতৃত্ব আন কোনো বিৰোধী দলক ল’বলৈ দিয়া উচিত । অন্যথাই ২০২৪ তো দিল্লীত অনায়াসে বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে আমিনুল ইছলামে ।

লগতে পঢ়ক: প্ৰথমে কা’ এতিয়া আকৌ হিন্দী ভাষা জাপি দিছে চৰকাৰে : ৰকিবুল হুছেইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.