গুৱাহাটী, 10 অক্টোবৰ : আজমলৰ সভাত আৰবী ভাষাত বেনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ তেওঁ কয় যে,অসমৰ ৰাইজে ভাবি চাওক আজমলে কি কৰিবলৈ গৈ আছে অসমৰ সংস্কৃতিক ৷ হিমন্তৰ প্ৰশ্ন,আজমলৰ কাণ্ডক লৈ এতিয়া কিয় নিমাত অসমৰ বুদ্ধিজীৱীসকল ? বেংগলী ভাষাত ভুলতে কিবা এটা চপা হ'লে বুদ্ধিজীৱিয়ে হৈ চৈ কৰে ৷ কিন্তু এতিয়া ভোট ভঙাৰ ভয়ত সকলো নীৰৱ হৈ আছে বুলি অভিযোগ উত্থাপন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
ইয়াৰ উপৰিও নৱেম্বৰ মাহত মাদ্ৰাছা বৰ্ড আৰু মাদ্ৰাছা সমূহ বন্ধ হৈ যাব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ৷
লগতে পঢ়ক: বন গাহৰি চিকাৰ কৰিবলৈ যোৱা সতীৰ্থই হত্যা কৰিলে এজনক