ETV Bharat / state

Bharat Narah: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ গ্ৰহণযোগ্যতা হেৰুৱাইছে; ভৰত নৰহ - বিপ্লৱ শৰ্মা কমিটী

হ্ৰাস পাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা ৷ এখন ৰাষ্ট্ৰীয় আলোচনীয়ে চলোৱা সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য ৷ এই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি হিমন্ত বিশ্ব শৰ্মাই জনপ্ৰয়িতা হোৰুওৱাৰ কাৰণ ব্যাখ্যা কৰিলে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভৰত নৰহে ৷

Bharat Narah
Bharat Narah
author img

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 3:23 PM IST

হ্ৰাস পাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা

গুৱাহাটী, ২ ছেপ্টেম্বৰ: নিজ ৰাজ্যত কোন মুখ্যমন্ত্রী কিমান জনপ্রিয় এই সন্দৰ্ভত দেশৰ আগশাৰীৰ আলোচনী "ইণ্ডিয়া টুডে"ই শেহতীয়াকৈ "মুড অৱ দ্য নেশ্যন" শীর্ষক এক সমীক্ষা চলাইছে । এই‌ সমীক্ষাত ৰাজ্যত দ্রুত হাৰত জনপ্রিয়তা হ্রাস পাইছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এই জনপ্ৰিয়তা হ্ৰাস পোৱাৰ ক্ষেত্ৰত কংগ্ৰেছৰ বিধায়ক ভৰত নৰহে প্ৰতিক্ৰিয়া প্ৰকাশ‌ কৰে ।‌ অসম প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ ৰাজীৱ ভৱনত শনিবাৰে অনুষ্ঠিত এক সংবাদমেলত প্রদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ, বিধায়ক ভৰত নৰহে কয় যে এই সমীক্ষা অনুসৰি বিগত জানুৱাৰী মাহত অসমৰ ৬৮.৩ শতাংশ লোক মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কাম-কাজত সন্তুষ্ট থকাৰ বিপৰীতে আগষ্ট মাহত ৪৯.২ শতাংশ লোকেহে মুখ্যমন্ত্ৰীগৰাকীৰ কাম-কাজক লৈ সন্তুষ্টি প্রকাশ কৰিছে ।

ইয়াৰ লগে লগে সাত মাহত ১৯ শতাংশ জনপ্রিয়তা হ্রাসেৰে ড৹ হিমন্ত বিশ্ব সর্বাধিক জনপ্রিয়তা হেৰুওৱা মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হৈছে । অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দ্রুত হাৰত জনপ্রিয়তা হেৰুওৱাৰ আঁৰত থকা বিজেপি চৰকাৰৰ ১৭ টা উল্লেখযোগ্য ব্যর্থতাৰ বিষয়ে ভৰত নৰহে দাঙি ধৰাৰ লগতে জনপ্রিয়তা হেৰুওৱাৰ আৰু কেতবোৰ কাৰণ বিশ্লেষণ কৰে।

তেওঁ বিজেপি চৰকাৰৰ এই ১৭ টা উল্লেখযোগ্য ব্যর্থতাৰ বিষয়ে উল্লেখ কৰি কয় যে মুখ্যমন্ত্ৰীৰ সাম্প্রদায়িক নীতি, অসমক অধিক ঋণৰ বোজা জাপি দিয়া, মূল্যবৃদ্ধি ৰোধত ব্যর্থতা,‌ নিবনুৱা সমস্যা সমাধানত ব্যর্থতা, দুর্নীতি নিৰ্মূলকৰণত ব্যৰ্থতা অসমৰ বিশেষ ৰাজ্যৰ মর্যাদা কর্তন, শুদ্ধ নাগৰিক পঞ্জী প্ৰস্তুত কৰাৰ ক্ষেত্ৰত নীৰৱতা, অসম চুক্তিৰ ৬নং দফা সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটীয়ে দাখিল কৰা প্ৰতিবেদন কার্যকৰী নকৰা, আদিৰ বাবে মুখ্যমন্ত্ৰীগৰাকীৰ জনপ্রিয়তা হ্রাস পাইছে।

বিজেপি চৰকাৰৰ এই উল্লেখযোগ্য ব্যর্থতাসমূহৰ উপৰি মুখ্যমন্ত্ৰীগৰাকীৰ জনপ্রিয়তা হ্রাস পোৱাৰ আঁৰত আৰু কেতবোৰ কাৰক আছে বুলি মন্তব্য কৰি প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষগৰাকীয়ে লগতে কয় যে মুখত দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা, স্বচ্ছ আৰু নিকা নিযুক্তিৰ কথা কোৱা বিজেপিয়ে চাকৰিৰ নামত বৃহৎ বজাৰ এখন চলাই আছে আৰু চাকৰিৰ এই বেহা মূলতঃ অসম বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনৰ পৰা পৰিচালিত হৈ আছে ।

চাকৰিৰ নামত বিজেপিৰ পালিনেতাই কিদৰে তিনিলাখ টকাকৈ সংগ্ৰহ কৰি তাৰ পৰা আঢ়ৈ লাখকৈ টকা ওপৰ মহলক দিয়ে, সেইবোৰ কথা ইতিমধ্যে তেওঁলোকৰ মুখেৰেই পোহৰলৈ আহিছে । তেওঁ লগতে কয় যে এই কাৰণসমূহৰ বাবেই অহা ছমাহত মুখ্যমন্ত্ৰীগৰাকীৰ জনপ্রিয়তা অধিক হ্রাস পাব আৰু তেওঁ ৰাইজৰ মাজত গ্রহণযোগ্যতা হেৰুৱাব ।

সংবাদমেলত কংগ্ৰেছৰ নেতা মেহদি আলম বৰা, অসম প্রদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ মুখপাত্র প্ৰফুল্ল কুমাৰ দাস আৰু অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ সম্পাদক মুস্তাক গোলাম ওছমানী আদি উপস্থিত আছিল ৷

লগতে পঢ়ক: Bajali Corruption Case : বজালীত CID ৰ অভিযান; SP সিদ্ধাৰ্থ বুঢ়াগোহাঁইক শাস্তিমূলক বদলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.