ETV Bharat / state

মহানগৰীত প্ৰভাত ফেৰীত মুখ্যমন্ত্ৰী - himanta biswa sarma in prabhat pheri at guwahati

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস (75th Years of Independence) পালনৰ বাবে সাজু হৈছে দেশবাসী । সমগ্ৰ দেশে আজাদী কা অমৃত মহোৎসৱৰ (Azadi ka Amrit Mahotsav) লগত সংগতি ৰাখি পালন কৰিছে হৰ ঘৰ ত্ৰিৰংগা (Har Ghar Tiranga) কাৰ্যসূচী । ইয়াৰে অংশৰূপে ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে মহানগৰীত শনিবাৰে পুৱা চৰকাৰী উদ্যোগত ৰূপায়িত হয় প্ৰভাত ফেৰী । এই প্ৰভাত ফেৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই(Chief Minister Himanta Biswa Sarma at Prabhat Pheri)অংশগ্ৰহণ কৰে।

Azadi ka Amrit Mahotsav
মহানগৰীত প্ৰভাত ফেৰীত মুখ্যমন্ত্ৰী
author img

By

Published : Aug 13, 2022, 11:46 AM IST

Updated : Aug 13, 2022, 12:38 PM IST

গুৱাহাটী, ১১ আগষ্ট :‘আজাদী কা অমৃত মহোৎসৱ’(Azadi ka Amrit Mahotsav)উদযাপনৰ উদ্দেশ্য গুৱাহাটী মহানগৰীত যোৱা কিছুদিন চৰকাৰী পৰ্যায়ত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ হৈ আহিছে । এই উপলক্ষে ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে মহানগৰীত শনিবাৰে পুৱা চৰকাৰী উদ্যোগত ৰূপায়িত হয় প্ৰভাত ফেৰী । গুৱাহাটীৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰা এই প্ৰভাত ফেৰীত মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে(Chief Minister Himanta Biswa Sarma at Prabhat Pheri)। পুৱা মহানগৰীৰ উজান বজাৰৰ কামৰূপ একাডেমীৰ পৰা গুৱাহাটী ক্লাৱৰ টি চি স্কুল লৈ দীঘলীপুখুৰী পাৰৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়লৈ প্ৰভাত ফেৰী কৰা হয় ।

Azadi ka Amrit Mahotsav
মহানগৰীত প্ৰভাত ফেৰীত মুখ্যমন্ত্ৰী

এই প্ৰভাত ফেৰী সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা আহি উজান বজাৰৰ কামৰূপ একাডেমীত শেষ হয় । উক্ত প্ৰভাত ফেৰীত কামৰূপ একাডেমী,টি চি স্কুল,সন্দিকৈ ছোৱালী মহাবিদ্যালয় আদি বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰে । এই অনুষ্ঠানত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ সমদল কৰি 'বন্দে মাতৰম্','মেৰা ভাৰত মহান' আদি শ্লোগানেৰে গুৱাহাটীৰ ৰাজপথ মুখৰিত কৰি তোলে ।

Azadi ka Amrit Mahotsav
মহানগৰীত প্ৰভাত ফেৰীত মুখ্যমন্ত্ৰী

প্ৰভাত ফেৰীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই কয়,'বৃহৎ সংখ্যক শিক্ষাৰ্থীৰ আজি স্বতঃস্ফুৰ্ত অংশগ্ৰহণ দেখি অত্যন্ত আনন্দিত হৈছো । শিক্ষাৰ্থী তথা নাগৰিকৰ এনে সক্ৰিয় অংশগ্ৰহণে ভাৰত ভূমিৰ ভৱিষ্যৎ অতি সুৰক্ষিত কৰিব ৷' মুখ্যমন্ত্ৰীগৰাকীয়ে অহা ১৫ আগষ্টলৈ ৰাজ্যৰ ঘৰে ঘৰে পতাকা উত্তোলন কৰাৰ বাবে আহ্বান জনায় । মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে বজাৰত পতাকাৰ চাহিদাতকৈ যোগান কম হৈছে । এই প্ৰভাত ফেৰী শণিবাৰে ৰাজ্যৰ সকলোতে ৰূপায়ণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে ।

লগতে পঢ়ক:Azadi ka Amrit Mahotsav, ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ উদ্যোগত সৰুসজাইত ঘৰে ঘৰে ত্ৰিৰংগা অনুষ্ঠান

Last Updated : Aug 13, 2022, 12:38 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.