ETV Bharat / state

Assam cabinet decision: 3, 4 মে’ত তৃতীয় তথা চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল

author img

By

Published : Apr 29, 2023, 7:09 PM IST

অহা 11 মে’ত 2 বছৰ সম্পূৰ্ণ হ’ব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ৷ ৰাজ্য নিবনুৱাক ১ লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি চৰকাৰখনৰ দ্বিতীয় বৰ্ষপূৰ্তিত পূৰণ কৰাৰ কথা ঘোষণা কেবিনেট বৈঠকত (Cabinet meeting) ৷

Himanta Biswa Sarma government will give employment letters to 50,000 youth
৫০ হাজাৰ যুৱক-যুৱতীক একেলগে দিব নিযুক্তি পত্র

গুৱাহাটী, ২৯ এপ্ৰিল: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত শনিবাৰে জনতা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় (Cabinet meeting)। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেল যোগে সদৰী কৰে মন্ত্রী জয়ন্ত মল্ল বৰুৱাই (Minister Jayanta Malla Baruah)।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি অসমত পাঁচখন মিনি আই টি আইত নিয়োজিত হৈ থকা ১৭০ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ ফিক্সড পেৰ ৩ শতাংশ বৃদ্ধি কৰা হৈছে । বছৰি ৩ শতাংশকৈ তেওঁলোকৰ দৰমহা বৃদ্ধি পাব । এইক্ষেত্রত আজিৰ কেবিনেটে অনুমোদন জনায় । দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ অধীনত দুধনৈ, পাঠশালা, ৰঙিয়া, বিশ্বনাথ চাৰিআলি আৰু তিতাবৰত আছে পাঁচখন মিনি আই টি আই ।

ইয়াৰোপৰি আজিৰ কেবিনেটে নিৰ্মীয়মান তিনিচুকীয়া মেডিকেল কলেজৰ আন্তঃগাঁঠনিৰ বাবে ৬১৪.৯৩ কোটি টকাৰ অনুমোদন জনায় । সেইদৰে আজিৰ কেবিনেটে জিলা পৰ্যায়ৰ প্ৰশাসনত সুদুৰপ্ৰসাৰী প্ৰভাৱ পৰাকৈ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । ইয়াৰ লগতে জিলা প্ৰশাসনৰ সংস্কাৰ সাধনৰ বাবে কেবিনেটে বিশেষ নীতি গ্ৰহণ কৰে ।

এতিয়াৰে পৰা জিলাসমূহত জিলাখনৰ পৰিসীমা আৰু জনসংখ্যাৰ ভিত্তিত প্ৰশাসনীয় বিষয়াৰ সংখ্যা নিৰ্ধাৰণ কৰা হ'ব । সেই সংখ্যা হ্ৰাস নহয় । কোনোবা বিষয়া বদলি হ'লেও সংখ্যা কম নহয়। জিলাসমূহত যাতে প্ৰশাসনীক বিষয়াৰ অভাৱ নহয় তাৰ বাবে এই নতুন নীতি গ্ৰহণ কৰা হৈছে । কেবিনেটে এই পলিচিখনৰ ক্ষেত্রত অনুমোদন জনায় ।

লগতে পঢ়ক: CM needs Smart police: শকত তথা দুৰ্নীতিগ্ৰস্ত আৰক্ষীয়ে হেৰুৱাব পাৰে চাকৰি; মুখ্যমন্ত্ৰীৰ হাতত 250 জনীয়া তালিকা

আনহাতে ৰাজ্য চৰকাৰৰ ১ লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি চৰকাৰখনৰ দ্বিতীয় বৰ্ষপূৰ্তিত পূৰণ হ'ব । ইতিমধ্যে বিভিন্ন বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে হোৱা পৰীক্ষাৰ ফলাফল ক্ৰমে ৩ মে' আৰু ৪ মে'ত ঘোষণা কৰা হ'ব । ফলাফলসমূহ প্ৰাৰ্থীসকলে ছেবাৰ ৱেবচাইটত লাভ কৰিব । ১১ মে'ত চৰকাৰখনৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে ৫০ হাজাৰ যুৱক-যুৱতীক একেলগে নিযুক্তি পত্র দিয়া হ'ব । কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত এই নিযুক্তি পত্রসমূহ বিতৰণ কৰা হ'ব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.