ETV Bharat / state

মুখ্যমন্ত্ৰী হ'ব কোন ? হঠাৎ ৰাজভৱনত হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : May 2, 2021, 9:27 AM IST

অসমত পুনৰ বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হ'লে মুখ্যমন্ত্ৰী কোন হ'ব তাক লৈ চৰ্চা অব্যাহত থকাৰ মাজতে শনিবাৰে সন্ধিয়া ৰাজভৱনলৈ গৈ ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰি প্ৰায় আধা ঘন্টাতকৈও অধিক সময়জুৰি আলোচনাত মিলিত হোৱাক লৈ ৰাজনৈতিক মহলত উদ্বিগ্নতা ৷

himanta biswa sarma at rajbhavan
ৰাজভৱনত হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, 2 মে': পুৱা ৮ বজাৰ লগে লগে ৰাজ্যজুৰি আৰম্ভ হৈছে ভোটগননা । প্ৰায় এমাহ ই ভি এমত ৰাজনৈতিক ভাগ্য বন্দী হৈ থকাৰ পাচত আগন্তুক পাঁচ বছৰৰ বাবে দিছপুৰ কাৰ দখললৈ যাব সেইয়া দেওবাৰেহে নিৰ্ণয় হ'ব । ভোটগননা, ৰাজ্যত পৰৱৰ্তী চৰকাৰ গঠন এই সকলো বিলাকৰ সমান্তৰালকৈ ৰাজ্যৰ ৰাজনীতিত সৰ্বাধিক চৰ্চিত হৈ অহা বিষয়টো হ'ল অসমত পুনৰ বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হ'লে মুখ্যমন্ত্ৰী হ'ব কোন ? সৰ্বানন্দ সোণোৱাল নে ড৹ হিমন্তবিশ্ব শৰ্মা ? বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বয়ো এই পৰ্যন্ত ইয়াৰ ভেদ ভাঙিব খোজা নাই । কেৱল আকাৰে ইংগিতেহে চলিছে ।

এনেবিলাক গৰম চৰ্চাৰ মাজতে শনিবাৰে সন্ধিয়া ৰাজভৱনলৈ গৈ ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰে মন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই । কেৱল সাক্ষাৎ কৰাই নহয়, প্ৰায় আধা ঘন্টাতকৈও অধিক সময়জুৰি ৰাজ্যপালৰ সৈতে আলোচনাত মিলিত হয় প্ৰভাৱশালী মন্ত্ৰীগৰাকী । স্বাভাৱিকতে ৰাজনৈতিক মহলত উদ্বিগ্নতাৰ সৃষ্টি হৈছে - ভোটগণনাৰ প্ৰাকসন্ধ্যা এইদৰে কিয় ৰাজ্যপালৰ সৈতে বৈঠকত মিলিত হ'ল ড৹ শৰ্মা ? ইফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালিৰে পৰা বাহৰ পাতি আছে তেওঁৰ গৃহ সমষ্টি মাজুলীত । দেওবাৰে ভোটগণনা সম্পূৰ্ণ হোৱাৰ পাচতহে তেওঁ গুৱাহাটীলৈ উভতিব বুলি জানিব পৰা গৈছে ।

মন কৰিবলগীয়া যে ৰাজ্যত পৰৱৰ্তী চৰকাৰ বিজেপিয়ে গঠন কৰিলে মুখ্যমন্ত্ৰী কোন হ'ব তাকে লৈ ইতিমধ্যে দলটোৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাস, দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ লগতে স্বয়ং‌ ড৹ হিমন্ত বিশ্ব শৰ্মায়ো সময়ে সময়ে কৌশলী মন্তব্য কৰি আহিছে ।

লগতে পঢ়ক: কাৰ হাতলৈ যাব দিশপুৰৰ মচনদ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.