গুৱাহাটী,9 মে : কটন কলেজৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসনলৈ । সময়ৰ হিচাবত হয়তো বহু দীঘলীয়া বাট নহয় । কিন্তু সময়ক প্ৰতি মূহুৰ্তত আলোড়িত কৰি ৰখা ঘটনাবহুল যোৱা দুটা দশকৰ সাক্ষী অসমৰ জনতা । বহু উৎকন্ঠা আৰু অপেক্ষাৰ অন্তত দেওবাৰে বিজেপিৰ বিধায়িনী দলে বিধায়িনী দলৰ নেতা তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নাম মনোনীত কৰাৰ পাচতে স্বাভাৱিকতে অসমৰ ৰাজনীতিত এক নতুন সময়ৰ আৰম্ভণি ঘটিছে বুলি চৰ্চিত হৈছে ।
কৈলাশ নাথ শৰ্মা আৰু মৃণালিনী দেৱীৰ সন্তান হিমন্ত বিশ্ব শৰ্মাৰ স্কুলীয়া শিক্ষা গুৱাহাটী মহানগৰীৰ কামৰূপ একাডেমীত সাং হোৱাৰ পিছত কলেজীয়া শিক্ষা আৰম্ভ হয় ঐতিহ্যমণ্ডিত কটন কলেজত । তাতেই ৰাজ নৈতিক জীৱনো আৰম্ভ কৰে ড৹ শৰ্মাই ৷ দুটাকৈ কাৰ্যকালৰ কটন কলেজৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব পালন কৰা হিমন্ত বিশ্ব শৰ্মাৰ ছাত্ৰজীৱনৰ ৰাজনীতি যদিও সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত আৰম্ভ হৈছিল, তেওঁৰ সক্ৰিয় ৰাজনৈতিক জীৱনৰ লগত কিন্তু জড়িত হৈ আছে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ সান্নিধ্য । ছাত্ৰ কালতে তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ আহ্বান ক্ৰমে তেওঁ কংগ্ৰেছৰ ছাত্ৰ সংগঠন এন এছ ইউ আই আৰু যুৱ কংগ্ৰেছৰ সৈতে জড়িত হৈ পৰে ।
কিন্তু লক্ষ্যণীয়ভাৱে এই সময়ছোৱাৰ আগে পিছে বিক্ষিপ্তভাৱে কেইবাটাও নেতিবাচক ঘটনাৰ লগত শৰ্মাৰ নাম সাঙোৰ খাই পৰিছিল যিবোৰৰ বদনাম কিম্বা সমালোচনাৰ পৰা নেতা গৰাকী আজিও মুক্ত হ'ব পৰা নাই । ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ১৯৯৬ চনত হিমন্ত বিশ্ব শৰ্মা ই প্ৰথম বাৰৰ বাবে জালুকবাৰী সমষ্টিৰ পৰা বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে। কিন্তু সেই বাৰ তেওঁ ৰাজ্যৰ প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু কুমাৰ ফুকনৰ হাতত পৰাজিত হয় । ১৯৯৬ ৰপৰা ২০০১ চনৰ সময়খিনিত অসমৰ ৰাজনৈতিক আৰু সমাজ জীৱনৰ ইতিহাসৰ অতি সংঘাত জৰ্জৰ আৰু ঘটনা বহুল সময় । এই সময় খিনিতে উত্থান ঘটে কংগ্ৰেছৰ । ২০০১ চনত হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিৰ পৰা বিজয় সাব্যস্ত কৰি বিধানসভা লৈ নিৰ্বাচিত হয় ।
সেয়াই আৰম্ভণি । প্ৰয়াত তৰুণ গগৈৰ নেতৃত্বাধীন চৰকাৰত প্ৰথমে ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব পোৱাৰ পিচৰ পৰাই আৰম্ভ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ সক্ৰিয় ৰাজনৈতিক জীৱন । পৰিকল্পনা আৰু উন্নয়ন বিভাগকে ধৰি কেইবাটাও বিভাগৰ দায়িত্ব লৈ অতি সূচাৰুৰূপে সম্পাদন কৰা শৰ্মাই ২০০৬ চনৰ পৰা আৰম্ভ হোৱা তৰুণ গগৈ নেতৃত্বাধীন দ্বিতীয় খন চৰকাৰৰ আমোলত নিজৰ কৰ্মকুশলতাৰে বিশেষ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হয় । এই আধিপত্যই তেওঁৰ মনত অসমৰ মুখ্যমন্ত্ৰী হিচাবে নিজকে প্ৰক্ষেপ কৰাৰ বাবেও আত্মবিশ্বাসৰ জন্ম দিয়ে । আৰু অতি লক্ষ্যণীয়ভাৱে ২০১১ চনত তৰুণ গগৈৰ নেতৃত্বাধীন তৃতীয়খন চৰকাৰৰ সময়ত মুখ্যমন্ত্ৰী গগৈৰ সৈতে তেওঁৰ সংঘাত আৰম্ভ হয় । প্ৰথম অৱস্থাত শৰ্মাই কংগ্ৰেছ এৰি আহিব বিচৰা নাছিল যদিও দলৰ নেতা ৰাহুল গান্ধীৰ লগতো সংঘাতৰ সৃষ্টি হোৱাত দলত থকাটো তেওঁৰ বাবে অৰ্থহীন হৈ পৰে ।
মনকৰিবলগীয়া যে, ২০১৪ চনৰ লোকসভাৰ নিৰ্বাচনত অসমত উত্থান ঘটে ভাৰতীয় জনতা পাৰ্টীৰ । দলটোৱে আঠখন আসন লাভেৰে নিজৰ স্থান মজবুত কৰিবলৈ সক্ষম হোৱাৰ আঁৰত আছিল সৰ্বানন্দ সোণোৱালৰ বিজেপিৰ যোগদান । ইয়াৰ পিছতে ২০১৬ চনৰ বিধানসভাৰ নিৰ্বাচনক লক্ষ্য হিচাবেলৈ ২০১৫ চনৰ আগষ্ট মাহত হিমন্ত বিশ্ব শৰ্মাইও বিজেপিত যোগ দিয়ে আৰু অৱধাৰিতভাবে সেইবাৰ কংগ্ৰেছক ক্ষমতাচ্যুত কৰিবলৈ সক্ষম হয় ।
উল্লেখ নিস্প্ৰয়োজন যে, যোৱা পাঁচটা বছৰত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই বিশেষ তৎপৰতাৰে নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰু তাৰেই উপহাৰ হিচাপে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'বলৈ সক্ষম হ’ল । মনকৰিবলগীয়া যে, বিত্ত আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰী হিচাবে ড৹ হিমন্ত বিশ্ব শৰ্মাই যোৱা পাঁচটা বছৰত বিশেষ পাৰদৰ্শিতাৰে কাম কৰিবলৈ সক্ষম হৈছিল । জি এছ টি প্ৰশাসন আৰু ক’ভিডকেন্দ্ৰিক অচলাৱস্থাৰ ক্ষেত্ৰত শৰ্মাৰ কাৰ্যকুশলতাই দেশৰ আন প্ৰান্তকো আকৰ্ষিত কৰিব পাৰিছে । উল্লেখযোগ্য যে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিষয়ৰ স্নাতকোত্তৰ তথা আইনৰ স্নাতক হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত বিশ্ববিদ্যালয়ৰ অধীনত গৱেষণা কৰি ইতিমধ্যে ডক্টৰেট ডিগ্ৰীও লাভ কৰিছে ।
লগতে পঢ়কঃ ৰাজ্যৰ ষষ্ঠদশ গৰাকী মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত ড৹ হিমন্ত বিশ্ব শৰ্মা