1947 চনৰ আজি দিনটোতে ভাৰতৰ স্বাধীনতা অধিনিয়মত ইংলেণ্ডৰ ৰজাই প্ৰথম সন্মতি প্ৰদান কৰিছিল ৷
1948 চনৰ আজি দিনটোতে ভাৰতীয় প্ৰশাসনিক সেৱা আৰু ভাৰতীয় আৰক্ষী সেৱাত মহিলাৰ বাবে নিযুক্তিৰ ব্যৱস্থা কৰা হয় ৷
1980 চনৰ আজি দিনটোতে ভাৰতত নিৰ্মিত প্ৰথমটো উপগ্ৰহ ৰোহিনী-1 পৃথিৱীৰ কক্ষত স্থাপন কৰা হৈছিল ৷
1980 চনৰ আজিৰ দিনটোতে ভাৰতত প্ৰথম দূৰদৰ্শনৰ ৰঙীন কাৰ্যসূচী সম্প্ৰচাৰ কৰা হৈছিল ৷
2002 চনৰ আজিৰ দিনটোতে মিছাইল মেনখ্যাত ড0 এ পি জে আব্দুল কালাম ভাৰতবৰ্ষৰ দ্বাদশগৰাকী ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত হয় ।
2008 চনৰ আজি দিনটোতে ভাৰতে প্ৰথমবাৰৰ জুনিয়ৰ এছিয়ান হকী কাপৰ খিতাপ দখল কৰে ৷
1743 চনৰ আজি দিনটোতে সাপ্তাহিক বাতৰি কাকত নিউৰ্য়কত বিশ্বৰ ভিতৰত প্ৰথমবাৰলৈ আধা পৃষ্ঠাৰ বিজ্ঞাপন প্ৰকাশ পাইছিল ৷
1918 চনৰ আজি দিনটোতে দক্ষিণ আফ্ৰিকাৰ বৰ্ণ বিদ্বেষ সংগ্ৰামৰ নেতা নেলছন মাণ্ডেলাৰ জন্ম হৈছিল ৷ তেওঁ দক্ষিণ আফ্ৰিকাৰ প্ৰথম শ্বেতাঙ্গ (ক'লা বৰণৰ) ৰাষ্ট্ৰপতি আছিল ৷
1872 চনৰ আজি দিনটোতে ব্ৰিটেইনত অনুষ্ঠিত নিৰ্বাচনৰ কাৰণে গোপনে ভোটদান কৰাৰ অধিসূচনা জাৰি কৰা হৈছিল ৷ ইয়াৰ পূৰ্বে মুকলিকৈ ভোটদান কৰা হৈছিল ৷
1985 চনৰ আজি দিনটোতে ছোভিয়েট ৰাছিয়াই ভূমিগত পৰমাণু পৰীক্ষা কৰিছিল ৷
2012 চনৰ আজি দিনটোতে উত্তৰ কোৰিয়াৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি কিম জং উনক দেশখনৰ সৰ্বোচ্চ পদত অধিস্থিত হৈছিল ৷