ETV Bharat / state

ৰাজ্যৰ ১৮৫ খন মহাবিদ্যালয়লৈ হিৰ’ৰ দুচকীয়া বাহন

author img

By

Published : Aug 16, 2022, 9:09 PM IST

লোক নিৰ্মাণ বিভাগৰ কনভেনচন এণ্ড ট্ৰেইনিং চেণ্টাৰত আয়োজন কৰা অনুষ্ঠ‍ানত শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৰ(Education Minister Dr Ranoj Pegu)অংশ গ্ৰহণ । প্ৰতিখন মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক উদ্য়মিতা সম্পৰ্কীয় বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিয়াৰ লগতে এই ক্ষেত্ৰত উৎসাহিত কৰাৰ বাবে এপেস্ক বডি গঠন কৰিব বুলি ঘোষণা শিক্ষা মন্ত্রীৰ ।

Hero MotoCorp Ltd
ৰাজ্যৰ ১৮৫ খন মহাবিদ্যালয়লৈ হিৰ’ৰ দুচকীয়া বাহন

গুৱাহাটী, ১৬আগষ্ট: দেশৰ আগশাৰীৰ দুচকীয়া বাহন নিৰ্মাতা প্ৰতিষ্ঠান হিৰ’ মট'কৰ্প লিমিটেডে(Hero MotoCorp Ltd) কৰ্পোৰেট সামাজিক দায়বদ্ধতা(Corporate Social Responsibility)অধীনত শিক্ষা বিভাগৰ সহযোগত ৰাজ্যৰ মুঠ ১৮৫ খন মহাবিদ্যালয়ক দুচকীয়া বাহন প্ৰদান কৰে। এই উপলক্ষ্যে মঙলবাৰে গুৱাহাটীৰ লোক নিৰ্মাণ বিভাগৰ কনভেনচন এণ্ড ট্ৰেইনিং চেণ্টাৰত আয়োজন কৰা অনুষ্ঠ‍ানত শিক্ষা মন্ত্রী ডাঃৰণোজ পেগুৱে দুচকীয়া বাহন প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । ভাষণৰ আৰম্ভণিতে মন্ত্ৰীগৰাকীয়ে শোক দিৱস উপলক্ষে ধেমাজি বিস্ফোৰণত প্ৰাণ হেৰুৱা সকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

শিক্ষা মন্ত্রী ডাঃপেগুৱে স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ বক্তব্যৰে কয় যে অহা ২৫ বছৰৰ ভিতৰত দেশে যেতিয়া স্বাধীনতাৰ এশটা বছৰ সম্পূৰ্ণ কৰিব সেই সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰতিগৰাকী নাগৰিকে আমাৰ দেশখনক এখন শ্ৰেষ্ঠ ৰাষ্ট্ৰ তথা বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে কাম কৰি যাব লাগিব । তেওঁ হিৰ’ মট'কৰ্প লিমিটেডক তেওঁলোকৰ এই প্ৰয়াসৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । তেওঁ প্ৰতিখন মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলক উদ্য়মিতা সম্পৰ্কীয় বিভিন্ন ধৰণৰ প্ৰশিক্ষণ বা এই ক্ষেত্ৰত তেওঁলোকক উৎসাহিত কৰাৰ বাবে অতি সোনকালে শিক্ষা বিভাগে এখনি এপেস্ক ব'ডি গঠন কৰিব বুলি উল্লেখ কৰে ।

Hero MotoCorp Ltd
ৰাজ্যৰ ১৮৫ খন মহাবিদ্যালয়লৈ হিৰোৰ দুচকীয়া বাহন

উক্ত অনুষ্ঠানত আই আই ইৰ সমল ব্যক্তি সুপৰ্ণা বৰুৱাই উপস্থিত থাকি ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি উদ্য়মিতা সম্পৰ্কীয় বিভিন্ন তথ্য সদৰি কৰে । অনুষ্ঠানটোত শিক্ষা বিভাগৰ উপদেষ্টা ড৹ ননীগোপাল মহন্ত, আয়ুক্ত সচিব এম এছ মনিভন্নন, উচ্চ শিক্ষাৰ সঞ্চালক ধৰ্মকান্ত মিলি, হিৰ’ মট'কৰ্পৰ বিষয়া বিকাশ শৰ্মাৰ লগতে বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষসকল উপস্থিত থাকে ।

লগতে পঢ়ক:ব্যক্তিগত খণ্ডলৈ আদৰ্শ বিদ্যালয়, তৎপৰ ৰণোজ পেগু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.