ETV Bharat / state

মহানগৰী গুৱাহাটীত যুৱকৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি - মহানগৰী গুৱাহাটীত যুৱকৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি

যোৱা 12 ছেপ্তেম্বৰত নিজ কৰ্মস্থলীৰ পৰা নিশা ঘৰলৈ আহি থাকোঁতে নিজামুদ্দিন আলী নামৰ যুৱকজনক বাটতে আগভেটি ধৰে খাৰঘূলী মালি বাগানৰ তিনি যুৱক ক্ৰমে মণি দাস, ৰাজীৱ দাস আৰু ৰূপম দাসে ৷ ইয়াৰ পাছতে পল্টন বজাৰৰ এখন হোটেলৰ কৰ্মচাৰী নিজামুদ্দিনক যুৱক তিনিজনে ধন বিচাৰি নিৰ্মম ভাৱে প্ৰহাৰ কৰি ৰাজপথতে পেলাই থৈ যায় ৷

Heated situation at Guwahati over the death of a young man
মহানগৰী গুৱাহাটীত যুৱকৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
author img

By

Published : Sep 19, 2020, 9:07 PM IST

গুৱাহাটী, 19 ছেপ্তেম্বৰঃ মহানগৰী গুৱাহাটীৰ খাৰঘূলীৰ ইছলামপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ এজন যুৱকৰ মৃত্যুক লৈ উত্তপ্ত হৈ পৰিছে সমগ্ৰ অঞ্চলটো ৷ জানিব পৰা মতে, যোৱা 12 ছেপ্তেম্বৰত নিজ কৰ্মস্থলীৰ পৰা নিশা ঘৰলৈ আহি থাকোঁতে নিজামুদ্দিন আলী নামৰ যুৱকজনক বাটতে আগভেতি ধৰে খাৰঘূলী মালি বাগানৰ তিনি যুৱক ক্ৰমে মণি দাস, ৰাজীৱ দাস আৰু ৰূপম দাসে ৷ ইয়াৰ পাছতে পল্টন বজাৰৰ এখন হোটেলৰ কৰ্মচাৰী নিজামুদ্দিনক যুৱক তিনিজনে ধন বিচাৰি নিৰ্মমভাৱে প্ৰহাৰ কৰি ৰাজপথতে পেলাই থৈ যায় ৷

মহানগৰী গুৱাহাটীত যুৱকৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি

ইপিনে, তিনি যুৱকৰ দলৱদ্ধ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা নিজামুদ্দিনক ঘটনা সংঘটিত হোৱাৰ কিছু সময়ৰ পাছত মূৰ্মুষ অৱস্থাত স্থানীয় লোকে উদ্ধাৰ কৰি গুৱাহাটী মেডিকেল কলেজ চিকিৎসালয়ত ভৰ্তি কৰে ৷ কিন্তু চিকিৎসাধীন কৰোৱাৰে পৰা ক'মাত থকা নিজামুদ্দিনে ঘটনা সংঘটিত হোৱাৰ ৮ দিনৰ পিছত মৃত্যুক সাৱটি লয় ৷

আনহাতে, নিজামুদ্দিনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে উত্তেজিত হৈ পৰে অঞ্চলটোৰ লোকসকল । যুৱকজনক হত্যা কৰাৰ অভিযোগ তুলি প্ৰতিবাদী ৰাইজে নিজামুদ্দিনৰ হত্যাকাৰীৰ উচিত শাস্তিৰ দাবীত ঘেৰাও কৰে তিনি অভিযুক্তৰ বাসগৃহ ৷ পৰিৱেশ উত্তাল হৈ পৰাত ঘটনাস্থলীত অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷ ঘটনাস্থলীত আৰক্ষীয়ে প্ৰতিবাদী ৰাইজক শীঘ্ৰেই তিনিও দোষীক কৰায়ত্ত কৰাৰ লগতে ক্ষিপ্ৰতাৰে তদন্ত কৰাৰো প্ৰতিশ্ৰুতি দিয়ে ৷

লগতে পঢ়কঃআইপিএল 2020 : চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে 'ফেভাৰেট' মুম্বাই ইণ্ডিয়ানছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.