নিউজ ডেস্ক,18আগষ্টঃ হঠাৎ ভাঙি পেলোৱা হ'ল হাৰ্টথ্ৰ'ব জুবিন গাৰ্গৰ খাৰঘূলীস্থিত বাসগৃহ ৷ ZERO মাইল খ্যাত শিল্পীগৰাকীৰ বাসগৃহত এতিয়া এক গোমা পৰিৱেশে বিৰাজ কৰিছে ৷ ছ'চিয়েল মিডিয়াৰ জৰিয়তে জনপ্ৰিয় শিল্পীগৰাকীয়ে শ্বেয়াৰ কৰিলে ধ্বংসস্তূপত পৰিণত হোৱা বাসগৃহৰ বহুকেইখন ফটো ৷
![Heartthrob Zubeen Garg's house Destroyed in Kharghuli](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8469704_zubeen.jpg)
ফটো শ্বেয়াৰ কৰাৰ পিছতে অনুৰাগীৰ মাজত দেখা পোৱা গ'ল উৎসুকতা ৷ কিন্তু কিয় ভাঙি পেলোৱা হ'ল শিল্পীগৰাকীৰ বহু স্মৃতি জড়িত বাসগৃহটো ?ইয়াকে লৈ শিল্পীগৰাকীৰ অনুৰাগীৰ মাজত সৃষ্টি হৈছে প্ৰশ্নৰ ৷
![Heartthrob Zubeen Garg's house Destroyed in Kharghuli](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8469704_zubeen3.jpg)
শিল্পীগৰাকীৰ ঘনিষ্ঠই জানিবলৈ দিয়া মতে, জনপ্ৰিয় শিল্পীগৰাকীৰ পুৰণি ঘৰটোৰ ঠাইত এতিয়া স্থান ল'ব নতুন বাসগৃহই ৷ শিল্পীগৰাকীয়ে নিৰ্মাণ কৰিবলৈ ওলাইছে এটা নতুন বাসগৃহ ৷ যাৰ বাবেই ভাঙি পেলোৱা হয় বাসগৃহটো ৷ ইয়াৰ উপৰি পুৰণি বাসগৃহত থকা জুবিন গাৰ্গৰ ষ্টুডিওটো স্থানান্তৰিত কৰা হ'ব ৰাজগড়স্থিত অভিনয়ালৈ ৷ ইয়াৰ উপৰি কাহিলীপাৰাৰ সলনি খাৰঘূলীৰ বাসগৃহতে জুবিন গাৰ্গৰ লগত থাকিব তেওঁৰ পৰিয়ালো ৷
![Heartthrob Zubeen Garg's house Destroyed in Kharghuli](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8469704_zubeen2.jpg)
আনহাতে অনুৰাগীৰ বাবে সততে মুকলি থকা খাৰঘূলীস্থিত বাসগৃহটো নতুন ৰূপত নিৰ্মাণ হোৱাৰ পিছত শিল্পীগৰাকীক লগ কৰিবলৈ মন মেলা অনুৰাগীৰ বাবে তেওঁক লগ পোৱাটো একপ্ৰকাৰ সহজলভ্য নহ'ব বুলিও শিল্পীগৰাকীৰ ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰিছে ৷
![Heartthrob Zubeen Garg's house Destroyed in Kharghuli](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8469704_zubeen4.jpg)
লগতে পঢ়কঃবিজেপিত যোগদান সংগীত শিল্পী বিদ্যাসাগৰ আৰু অভিনেত্ৰী আশা বৰদলৈৰ