ETV Bharat / state

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল(GMCH)ত এদিনতে পাব পৰীক্ষাৰ ৰিপ'ৰ্ট

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়(GMCH)ত মাইক্ৰ' বায়'লজী, পেথ'লজী, ৰেডিঅ'লজী আদি বিভিন্ন বিভাগৰ অধীনত কৰা পৰীক্ষাৰ প্ৰতিবেদন একেদিনাই লাভ কৰিবলৈ সক্ষম হ'ব ৰোগীৰ অভিভাৱকে । কেশৱ মহন্তৰ নিৰ্দেশত জি এম চি এইচ(GMCH)ত এম আৰ আই, চি টি স্কেন, এক্স-ৰে আৰু আল্ট্ৰা ছাউণ্ডৰ ৰিপ'ৰ্ট এদিনতে দিয়াটো সুনিশ্চিত কৰিবলৈ প্ৰয়োজনীয় জৰুৰী কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই ।

health minister keshab mahanta visit gmch
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল(GMCH)ত এদিনতে পাব পৰীক্ষাৰ ৰিপ'ৰ্ট
author img

By

Published : Nov 20, 2021, 10:10 PM IST

গুৱাহাটী, ২০ নৱেম্বৰ : অতি শীঘ্ৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়(GMCH)ত মাইক্ৰ' বায়'লজী, পেথ'লজী, ৰেডিঅ'লজী আদি বিভিন্ন বিভাগৰ অধীনত কৰা পৰীক্ষাৰ প্ৰতিবেদন একেদিনাই লাভ কৰিবলৈ সক্ষম হ'ব ৰোগীৰ অভিভাৱকে । স্বাস্থ্যমন্ত্ৰী(HEALTH MINISTER) কেশৱ মহন্তৰ নিৰ্দেশত জি এম চি এইচ(GMCH)ত এম আৰ আই, চি টি স্কেন, এক্স-ৰে আৰু আল্ট্ৰা ছাউণ্ডৰ ৰিপ'ৰ্ট এদিনতে দিয়াটো সুনিশ্চিত কৰিবলৈ প্ৰয়োজনীয় জৰুৰী কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই ।

health minister keshab mahanta visit gmch
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল(GMCH)ত এদিনতে পাব পৰীক্ষাৰ ৰিপ'ৰ্ট

তদুপৰি সোমবাৰৰ পৰাই জি এম চি এইচত এম আৰ আই, চি টি স্কেন, এক্স-ৰে আৰু আল্ট্ৰা ছাউণ্ডৰ দৈনিক পৰীক্ষাৰ সংখ্যাও বৰ্তমানতকৈ প্ৰায় দুগুণলৈ বৃদ্ধি পাব । ৰাজ্যৰ এই শীৰ্ষস্থানীয় চিকিৎসালয়খনত প্ৰতিদিনে চিটি স্কেন, এম আৰ আই, আল্ট্ৰা ছাউণ্ড, এক্স ৰে' কৰিবলৈ অহা ৰোগীসকলৰ একাংশই পৰীক্ষাৰ সুবিধাই নোপোৱাকৈ ঘূৰি যাব লগা হোৱাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ জি এম চিএইচ কৰ্তৃপক্ষক দৈনিক পৰীক্ষণ সামৰ্থ তাৎক্ষণিকভাৱে বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক: Kaziranga National Park : এটা মাহতে ১৮ হাজাৰৰো অধিক দেশ-বিদেশী পৰ্যটকে ভিৰ কৰিলে কাজিৰঙা

সেইমতে ২২ নৱেম্বৰৰ পৰাই জি এম চি এইচত কমেও ৫৫ গৰাকী ৰোগীৰ এম আৰ আই, জৰুৰীকালীন সেৱা বিভাগৰ চিটি স্কেন যন্ত্ৰৰ বাদে আন তিনিটা চিটি স্কেন যন্ত্ৰৰ জৰিয়তে ন্যূনতম ১৩৫ গৰাকীকৈ ৰোগী, ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ এক্স-ৰে যন্ত্ৰ বাদে আভ্যন্তৰিণ আৰু জৰুৰী শাখাৰ এক্স-ৰে যন্ত্ৰৰ জৰিয়তে ৩১০ গৰাকীকৈ ৰোগীৰ এক্স-ৰে আৰু তিনিটা নিয়মীয়া আল্ট্ৰা ছাউণ্ড যন্ত্ৰ জৰিয়তে ১৫০ গৰাকী, ড'প্লাৰ আল্ট্ৰা ছাউণ্ড যন্ত্ৰৰে ১০০গৰাকী আৰু বায়'স্পি আল্ট্ৰা ছাউণ্ড যন্ত্ৰৰে ২০ গৰাকীকৈ ৰোগীৰ দৈনিক পৰীক্ষা কৰিব পৰাকৈ সামৰ্থ বৃদ্ধি কৰা হৈছে ।

health minister keshab mahanta visit Guwahati Medical College Hospital

ইয়াৰ বাবে পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈকে দুটা পৰ্যায়ত পৰীক্ষণ কাৰ্য সম্পন্ন কৰাৰ ব্যৱস্থা কৰাৰ লগতে লেবৰীটেৰী টেকনিচিয়ান তথা কাৰিকৰী কৰ্মচাৰীৰ সংখ্যাও বৃদ্ধি কৰা হৈছে । এই বিষয়ত চিকিৎসালয় কৰ্তৃপক্ষই লোৱা ব্যৱস্থাৱলীৰ বুজ লোৱাৰ বাবে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি জি এম চি এইচত উপস্থিত হৈ এম আৰ আই, চিটি স্কেন, এক্স-ৰে আৰু আল্ট্ৰা ছাউণ্ড পৰীক্ষাগাৰ পৰিদৰ্শন কৰে ।

লগতে পঢ়ক: ৰঙা বনাঞ্চলত চৰকাৰী বিষয়াক বেদখলকাৰীৰ আক্ৰমণ

বিভাগীয় মন্ত্ৰীগৰাকীয়ে পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়(Guwahati Medical College Hospital)ৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্য, জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিত শৰ্মা, উপ চিকিৎসা শিক্ষা সঞ্চালক ডাঃ মনোজ চৌধুৰীৰ লগতে জি এম চি এইচৰ পেথ'লজী, মাইক্ৰ' বায়'লজী, ৰেডিঅ'লজী আদি বিভাগৰ মূৰব্বী অধ্যাপক তথা তত্বাৱধায়ক আৰু জ্যেষ্ঠ লেবৰেটৰী টেকনিচিয়ান-নাৰ্ছৰ সৈতে বৈঠকত মিলিত হয় । বৈঠকত জি এম চি এইচত এম আৰ আই, চিটি স্কেন, এক্স-ৰে আৰু আল্ট্ৰা ছাউণ্ডৰ দৈনিক পৰীক্ষণ সামৰ্থ বৃদ্ধিৰ লগতে এদিনতে পৰীক্ষা প্ৰতিবেদন ৰোগীৰ অভিভাৱকে লাভ কৰাটো সুনিশ্চিত কৰিবলৈ লোৱা জৰুৰী কাৰ্যব্যৱস্থা সন্দৰ্ভত পুংখানুপুংখভাৱে পৰ্যালোচনা কৰা হয় ।

ইফালে স্বাস্থ্যমন্ত্ৰী মহন্তই আজি জি এম চি এইচৰ ছুপাৰ স্পেচিয়েলিটী হস্পিতালৰ নৱনিৰ্মিত ভৱনো পৰিদৰ্শন কৰে । ৰাজ্যৰ স্বাস্থ্য বিভাগৰ আয়ুক্ত-সচিব সিদ্ধাৰ্থ সিং, এন এইচ এমৰ ৰাজ্যিক সঞ্চালক ডাঃ এছ লক্ষ্মনন, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মন, উপ সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰী, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্য, জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মা, ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ কাৰ্ডিঅ'-নিউৰ' চেণ্টাৰৰ সঞ্চালক ডাঃ বসন্ত বৈশ্যৰ সৈতে নৱনিৰ্মিত হাস্পতালখনৰ প্ৰতিটো বিভাগ পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ।

উল্লেখ্য যে জানুৱাৰীৰ প্ৰথম ভাগতে নৱনিৰ্মিত জি এম চি ছুপাৰ স্পেচিয়েলিটী হাস্পতাল আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব ।

লগতে পঢ়ক: Kisan Vijay Diwas : বৰপেটাত কংগ্ৰেছৰ "কৃষক বিজয় দিৱস" পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.