ETV Bharat / state

মহানগৰীৰ কঠোৰভাৱে লক্ ডাউন মানি চলিবলৈ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - মহানগৰীত কৰ'ণাৰ ব্যাপক সংক্ৰমণ

মহানগৰীত কৰ'ণাৰ ব্যাপক সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ ঘোষণা কা হৈছে লক ডাউন ৷ সেয়েহে এই লক ডাউন সকলোকে কঠোৰভাৱে মানি চলিবলৈ আহ্বান স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

মহানগৰীৰ কঠোৰভাৱে লক ডাউন মানি চলিবলৈ আহ্বান মন্ত্ৰী হিমন্তৰ

author img

By

Published : Jun 29, 2020, 6:57 PM IST

গুৱাহাটী, 29 জুনঃ মহানগৰীৰ 31 টাকৈ ৱাৰ্ডত সোমবাৰে মুকলি কৰা হয় একোটাকৈ স্ক্ৰীনিং কেন্দ্ৰ ৷ তাৰ পৰিপ্ৰেক্ষিতত সোমবাৰে 1 নং ৱাৰ্ডৰ সাতমাইলস্থিত জালুকবাৰী ছোৱালী উচ্চ ইংৰাজী বিদ্যালয়ত স্থাপিত স্ক্ৰীনিং কেন্দ্ৰ পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ কেন্দ্ৰটোত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমযোগে সকলোকে এইবাৰৰ লক ডাউন সফল কৰিবলৈ আহ্বান জনায় ৷ কিয়নো গুৱাহাটীত কৰ'ণাৰ ক্ৰমবৰ্ধমান সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ লক ডাউন ঘোষণা কৰা হৈছে ৷

মহানগৰীৰ কঠোৰভাৱে লক ডাউন মানি চলিবলৈ আহ্বান মন্ত্ৰী হিমন্তৰ

মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰা অনুসৰি দেওবাৰৰ দিনটোতো মহানগৰীত 157 গৰাকী লোকৰ দেহত ধৰা পৰিছে COVID-19ৰ অৱস্থিতি ৷ তাৰ ভিতৰত 27 গৰাকী লোক সেনা বাহিনীৰ বুলি জানিব পৰা গৈছে ৷ এই লক ডাউনে অলপ হ'লেও মহামাৰীৰ সংক্ৰমণ ৰোধ কৰিব পাৰিব বুলি মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷ অনাগত দিনলৈ পৰিস্থিতি অধিক জটিল হৈ গৈ আছে, যাৰ বাবে সকলোৱে সাৱধানে থাকিবলৈ আহ্বান জনায় স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ সেয়েহে এইবাৰৰ লক ডাউন সকলোৰে সহযোগত কিছু কঠোৰভাৱে মানি চলা হ'ব বুলি মন্ত্ৰীগৰাকীয় উল্লেখ কৰে ৷

লগতে পঢ়কঃ তেলেংগানাৰ গৃহমন্ত্ৰীৰ দেহত COVID-19

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.