ETV Bharat / state

WB Panchayat election clash: প্ৰাণ ৰক্ষাৰ বাবে গুৱাহাটীত আশ্ৰয় পশ্চিমবংগৰ অৰ্ধশতাধিক বিজেপি কৰ্মীৰ

পঞ্চায়ত নিৰ্বাচনৰ হিংসা আৰু ভয়-ভাবুকিৰ অস্থিৰ পৰিৱেশ এতিয়াও অব্যাহত আছে চুবুৰীয়া ৰাজ্য পশ্চিমবংগত । প্ৰাণৰ মমতাত ঘৰ-বাৰী এৰি পলায়ন বিজেপি কৰ্মীৰ । গুৱাহাটীৰ ধীৰেনপাৰা অঞ্চলত আশ্ৰয় লৈছে পশ্চিম বংগৰ মালদা আৰু হাবিবপুৰ জিলাৰ পুৰুষ-মহিলা আৰু শিশুকে ধৰি ৬৫ গৰাকী লোকে । ইয়াৰে ২৭ গৰাকী পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থী । ইটিভি ভাৰতৰ আগত ভুক্তভোগীৰ শিহৰণকাৰী বৰ্ণনা ।

author img

By

Published : Jul 27, 2023, 5:32 PM IST

WB Panchayat election clash
WB Panchayat election clash
প্ৰাণ ৰক্ষাৰ বাবে গুৱাহাটীত আশ্ৰয় পশ্চিমবংগৰ অৰ্ধশতাধিক বিজেপি কৰ্মীৰ

গুৱাহাটী, ২৭ জুলাই: চুবুৰীয়া ৰাজ্য পশ্চিমবংগত এতিয়াও অব্যাহত আছে পঞ্চায়ত নিৰ্বাচনকেন্দ্ৰীক ভয়-ভাবুকিৰ অস্থিৰতা । উল্লেখ্য যে পশ্চিমবংগত শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা পঞ্চায়ত নিৰ্বাচন আৰু ভোট গণনাৰ পাচত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হৈছিল । হিংসা আৰু ভয়-ভাবুকিৰ সেই অস্থিৰ পৰিৱেশ এতিয়াও অব্যাহত আছে । পশ্চিমবংগৰ সেই ভয়াৱহ পৰিস্থিতৰ প্ৰভাৱ অসমতো পৰিছে ।

WB Panchayat election clash
পশ্চিম বংগৰ নিৰ্বাচনী হিংসাৰ প্ৰভাৱ অসমত

কাৰণ বিভিন্ন ভয়-ভাবুকিৰ সন্মুখীন হৈ প্ৰাণৰ মমতাত ৰাজ্যখনৰ বহু লোকে অসমত আশ্ৰয় লৈছেহি ৷ বিশেষকৈ বিজেপি দলৰ গাওঁ পঞ্চায়তৰ জয়ী সদস্য-সদস্যাকে ধৰি একাংশ দলীয় কাৰ্যকৰ্তাই অসমৰ ধুবুৰী আৰু বঙাইগাঁও জিলাৰ উপৰি গুৱাহাটী মহানগৰীত আশ্ৰয় গ্ৰহণ কৰিছে ।

WB Panchayat election clash
50ৰো অধিৰ পশ্চিম বংগৰ বিজেপি কৰ্মীয় আশ্ৰয় লৈছে গুৱাহাটীত

গুৱাহাটীৰ ধীৰেনপাৰা অঞ্চলত আশ্ৰয় লৈছে পশ্চিমবংগৰ মালদা আৰু হাবিবপুৰ জিলাৰ অন্তৰ্গত গাঁও পঞ্চায়তৰ পুৰুষ-মহিলা আৰু শিশুকে ধৰি ৬৫ গৰাকী লোকে । ইয়াৰে ২৭ গৰাকী হৈছে পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা জনপ্ৰতিনিধি । ভয়-ভাবুকিত ভীতিগ্ৰস্ত হৈ এই প্ৰতিনিধিসকলে নিজৰ সন্তান আৰু পৰিয়ালৰ আন সদস্যক লৈ গুৱাহাটীত আশ্ৰয় লৈছে । বহুতৰে আছে কোলাত কেঁচুৱা ।

গুৱাহাটীত বিজেপিৰ কৰ্মকৰ্তাসকলে তেওঁলোকক আশ্ৰয় প্ৰদান কৰিছে । লক্ষণীয় বিষয় যে নিৰ্বাচনত জয়ী হোৱাৰ আনন্দ উপভোগ কৰাৰ বিপৰীতে তেওঁলোক আজি প্ৰাণৰ মমতাত ঘৰ-বাৰী এৰি এনেদৰে আন এখন ৰাজ্যত আশ্ৰয় ল'ব হৈছে । ইটিভি ভাৰতৰ আগত তেওঁলোকে বৰ্ণনা কৰিলে তেওঁলোকে সন্মুখীন হোৱা ভয়াৱহ পৰিস্থিতিৰ কথা ।

কিদৰে পশ্চিমবংগৰ শাসকীয় দল তৃণমূল কংগ্ৰেছ আৰু সম্পূৰ্ণ শাসন ব্যৱস্থাটোৱে তেওঁলোকৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাইছিল । কেনেদৰে কৰা হৈছিল অপহৰণ ‍আৰু প্ৰদান কৰা হৈছিল মৃত্যুৰ ভাবুকি । আনকি তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ বাবে তেওঁলোকক প্ৰলোভনো দিয়া হৈছিল । কিন্তু তেওঁলোকে সেয়া গ্ৰহণ কৰা নাছিল । যাৰ বাবে ভাবুকিৰ সন্মুখীন হৈছিল ।

প্ৰাণ ৰক্ষাৰ স্বাৰ্থত তেওঁলোকে গুৱাহাটী লৈ আহে বুলি জানিবলৈ দিয়ে৷ পৰিস্থিতি শান্ত হ’লে আৰু পৰিষদ গঠনৰ দিন ধাৰ্য কৰিলে তেওঁলোক নিজ গৃহলৈ উভতি যাব বুলি সদৰী কৰে ৷ পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱাৰ আনন্দৰ বিপৰীতে তেওঁলোকৰ মুখত আছে শংকাৰ ভাৱ ৷

উল্লেখ্য যে পশ্চিমবংগৰ পৰা প্ৰাণৰ মমতাত নিৰাপত্তা বিচাৰি অহা এইসকল দলীয় কৰ্মীক গুৱাহাটীত বিজেপিৰ কৰ্মকৰ্তা সকলে থকা আৰু খোৱা-বোৱাকে ধৰি যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে । আনহাতে দলীয়া নেতৃত্বয়ো তেওঁলোকৰ খা-খবৰ ৰাখিছে ।

ইফালে গুৱাহাটী পৌৰ নিগমৰ ২০ নং ৱাৰ্ডৰ পাৰিষদ গৌড় গোপাল মণ্ডল আৰু ২১ নং ৱাৰ্ডৰ পাৰিষদ সন্দীপ দেৱে সকলো সময়তে তেওঁলোকৰ লগত থাকি সকলো সা-সুবিধাৰ যোগান ধৰিছে । পাৰিষদ গৌড় গোপাল মণ্ডল আৰু সন্দীপ দেৱে জনোৱা মতে ১৮ জুলাইত তেওঁলোক আহি গুৱাহাটীত উপস্থিত হয় ।

প্ৰথমতে তেওঁলোকে ভাৰত সেৱা আশ্ৰমত আশ্ৰয় লৈছিল যদিও পাচত তেওঁলোকক ধীৰেনপাৰাত থকা বিজেপি কৰ্মকৰ্তাৰ গৃহত আশ্ৰয় দিয়া হয় ।

লগতে পঢ়ক: INDIA MPs to visit Manipur : ২৯ জুলাইত মণিপুৰলৈ যাব ইণ্ডিয়াৰ সংসদীয় দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.