গুৱাহাটী, 13 চেপ্তেম্বৰঃ বৃহস্পতিবাৰৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ফটাশিল আমবাৰী আৰক্ষী থানাৰ অন্তৰ্গত জ্যোতিকুছি ধুপলিয়া কাৰ্বি পথ ২ নম্বৰত শুকুৰবাৰে পুৱা এডাল প্ৰকাণ্ড গছ বাগৰি পৰাৰ ফলত পথটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। গছ বাগৰাৰ ফলত বিদ্যুতৰ খুটাৰো ক্ষতিসাধন হয়।
এই ঘটনাৰ খবৰ পাই দিছপুৰৰ পৰা এছ ডি আৰ এফৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। ইফালে পথচোৱা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাৰ ফলত সমস্যাৰ সম্মুখীন হ'বলগীয়া হৈ অঞ্চলটোৰ ৰাইজ । পুৱা ১১ বজালৈ জ্যোতিকুছি ধুপলিয়া কাৰ্বি পথ ২ নং সম্পূৰ্ণৰূপে বন্ধ হৈ থাকে যদিও পিচত পথটো মুকলি কৰে এছ ডি আৰ এফৰ জোৱানে ৷