গুৱাহাটী, 27 ডিচেম্বৰ : 22 জানুৱাৰীত অযোধ্যাত মুকলি কৰা হ’ব বহু প্ৰত্যাশিত ৰাম মন্দিৰ ৷ সমগ্ৰ দেশৰ ভিন্নজনৰ লগতে ৰাম মন্দিৰ পুনৰ নিৰ্মাণে আত্মহাৰা কৰি তুলিছে গুৱাহাটীৰ এগৰাকী বয়োজ্যেষ্ঠাক । প্ৰায় 40 বছৰ পূৰ্বতে ৰাম মন্দিৰ দৰ্শন কৰিবলৈ যোৱা তাৰা দেৱী শৰ্মা এতিয়া সুখী মন্দিৰটো পুনৰনিৰ্মাণ কৰি ভক্তসকললৈ আগবঢ়াই দিয়াৰ বাবে ৷
উল্লেখ্য যে প্ৰায় 40 বছৰ পূৰ্বেই মহিলাগৰাকী অযোধ্যালৈ গৈছিল তীৰ্থযাত্ৰী হিচাবে ৷ অযোধ্যাৰ পৰা স্মৃতি হিচাবে লৈ আনিছিল পানীত উপঙি থকা এটা শিল, যিটো শিলক তেতিয়াৰে পৰা পূজা কৰি আহিছে মহিলাগৰাকীৰ লগতে তেওঁৰ পৰিয়ালৰ লোকে ৷ ইয়াৰোপৰি ৰাম মন্দিৰৰ পৰা অনা ভূমি শিৰত লৈ অহাৰ লগতে আৰু পানী ব্যৱহাৰ কৰি আহিছে মাংগলিক কাম-কাজত ৷ কোনো শুভ কামৰ বাবে আগবঢ়াৰ সময়তো পৰিয়ালটোৰ লোকসকলে সেৱন কৰে ৰাম মন্দিৰৰ পৰা লৈ অনা পানী ৷
প্ৰায় চল্লিশ বছৰ পূৰ্বে নিজ পুত্ৰৰ লগতে আন দহজনৰ সৈতে তাৰা দেৱী শৰ্মা উপস্থিত হৈছিল অযোধ্যাত । সেই স্মৃতি কঢ়িয়াই লৈ ফুৰা সেই সময়ত গুৱাহাটীৰ ৰিহাবাৰীৰ বাসিন্দাগৰাকী সম্প্ৰতি বৰঝাৰ বিমান বন্দৰৰ সমীপৰ ডেকাপাৰাৰ বাসিন্দা ৷
মহিলাগৰাকীয়ে জানিবলৈ দিয়ে যে অতি কম দিনৰ ভিতৰতে তেওঁ যাব নতুনকৈ নিৰ্মাণ কৰা ৰাম মন্দিৰ দৰ্শনৰ বাবে । দীৰ্ঘসময়ৰ পাছত পুনৰ ৰাম মন্দিৰ দৰ্শনৰ সুবিধা লাভ কৰিব বুলি খবৰ পাই আনন্দত আত্মহাৰা হৈ পৰিছে মহিলাগৰাকী ৷ জানুৱাৰী মাহত অথবা ফেব্ৰুৱাৰী মাহত আন একাংশ লোকৰ সৈতে ৰাম মন্দিৰ দৰ্শনৰ বাবে যাব বুলি মহিলাগৰাকীয়ে জানিবলৈ দিয়ে ৷