ETV Bharat / state

গুৱাহাটীত স্থাপন হ'ব দেশৰ ভিতৰতে সু-বিশাল চিকিৎসা মহাবিদ্যালয় - জনতা ভৱন

গুৱাহাটীৰ কালাপাহাৰত থকা 500 খন বিচনাযুক্ত হাস্পতাল আৰু পানবজাৰত অৱস্থিত মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালক একত্ৰিত কৰি মুকলি কৰা হ'ব দেশৰ ভিতৰতে সু-বিশাল চিকিৎসা মহাবিদ্যালয় । কাইলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই নৱতম হাস্পতালখন নিৰ্মাণৰ শুভাৰম্ভ কৰিব ।

guwahati-will-be-the-largest-medical-college-in-india
গুৱাহাটীত স্থাপন হ'ব ভাৰতৰ ভিতৰত সু-বিশাল চিকিৎসা মহাবিদ্যালয়
author img

By

Published : Dec 25, 2020, 10:11 PM IST

গুৱাহাটী, 25 ডিচেম্বৰ : গুৱাহাটীৰ কালাপাহাৰত থকা 500 খন বিচনাযুক্ত হাস্পতাল আৰু পানবজাৰত অৱস্থিত মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালক একত্ৰিত কৰি মুকলি কৰা হ'ব দেশৰ ভিতৰতে সু-বিশাল চিকিৎসা মহাবিদ্যালয় । কাইলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই নৱতম হাস্পতালখন নিৰ্মাণৰ শুভাৰম্ভ কৰিব ।

শুকুৰবাৰে দিছপুৰৰ জনতা ভৱনত এখন সংবাদমেলত ভাগ লৈ এই কথা ঘোষণা কৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । তেওঁ আৰু কয় যে, এই দুয়োখন হাস্পতাল সংলগ্ন কৰিবলৈ কেইবাখনো ফ্লাই অভাৰ নিৰ্মাণ কৰা হ'ব আৰু দুয়োখন হাস্পতালৰ মাজত যাতায়ত মাত্ৰ 10 মিনিটৰ ভিতৰত সম্ভৱ হৈ উঠিব ।

মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

আনহাতে, তিনিদিনীয়া ভ্ৰমণসূচীৰে নিশা অমিত শ্বাহ আহি গুৱাহাটীত উপস্থিত হ'ব বুলিও তেওঁ মন্তব্য কৰে । এই ভ্ৰমণকালতে তেওঁ আমিনগাঁৱত এক বিশাল কাৰ্যসূচীত ভাগ লব । সেই অনুষ্ঠানত ৰাজ্যৰ 11 খন নতুন আইন মহাবিদ্যালয় স্থাপনৰ শুভাৰম্ভ কৰাৰ লগতে 186 কোটি টকা ব্যয়ৰে বটদ্ৰৱা থানৰ সৌন্দৰ্য বৰ্ধনৰ প্ৰকল্পৰো শুভাৰম্ভ কৰিব কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : বদৰপুৰত বিনামূলীয়া স্বাস্থ্য সেৱা আগবঢ়াব লাইফ লাইন এক্সপ্ৰেছে

একেদৰে অসমৰ 8 হাজাৰ নামঘৰলৈ আঢ়ৈ লাখ টকাকৈ অনুদানো আগবঢ়োৱা হ'ব সেই অনুষ্ঠানত । সংবাদমেলত মন্ত্ৰী ডঃ শৰ্মাই আৰু কয় যে, নিশা বৰঝাৰ বিমান বন্দৰত আহি উপস্থিত হোৱাৰ পিচত অমিত শ্বাহক 3 হাজাৰ জনগোষ্ঠীয় শিল্পীয়ে নিজা নিজা কৃষ্টি-স‌ংস্কৃতিৰে তেওঁক আদৰিব ।

এই ভ্ৰমণ কালতে কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে অগপকে ধৰি মিত্ৰ দলসমূহৰ নেতৃবৃন্দৰ সৈতে আলোচনাত মিলিত হ'ব বুলি মন্ত্ৰী ডঃ শৰ্মাই ঘোষণা কৰে যদিও মিত্ৰ দলৰ সেই তালিকাত কিন্তু এবাৰো নাম উল্লেখ নকৰিলে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ । অথচ আজিৰ তাৰিখলৈকে দিছপুৰত মিত্ৰ দল হিচাপেই চৰকাৰৰ অংশীদাৰ হৈ আছে বিপিএফ ।

লগতে পঢ়ক : অবৈধ সম্পৰ্কক বৈধতা দিবৰ বাবে স্বামীয়ে হত্যা কৰিলে পত্নীসহ দুই কন্যাক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.