ETV Bharat / state

তিনি সপ্তাহৰ অন্তত উন্নত হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বান পৰিস্থিতি

author img

By

Published : May 22, 2022, 4:24 PM IST

তিনিটা সপ্তাহে বানত বুৰিল গুৱাহাটী বিশ্ববিদ্য়ালয়ৰ এটা অংশ(Flood in Guwahati University) । ১৭ মে'ত চৰকাৰৰ জলসম্পদ বিভাগে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত নলা খান্দি পানী নিষ্কাশনৰ কাম হাতত লয় । অৱশেষত তিনি সপ্তাহৰ অন্তত উন্নত হৈছে বিশ্ববিদ্য়ালয়খনৰ বান পৰিস্থিতি(Artificial flood situation at Guwahati University improves) ।

guwahati university floods have come down
তিনি সপ্তাহৰ অন্তত উন্নত বিশ্ববিদ্য়ালয়খনৰ বান পৰিস্থিতি

গুৱাহাটী, ২২মে': বিগত প্ৰায় তিনি সপ্তাহ ধৰি কৃত্ৰিম বানৰ কৱলত পৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদৰ এটা বৃহৎ অংশ(Flood in Guwahati University) । ছাত্ৰ-ছাত্ৰীৰ মাজত সৃষ্টি হৈছিল হাহাকাৰময় পৰিস্থিতি । ইয়াৰ পাছতেই ১৭ মে'ত অসম চৰকাৰৰ জলসম্পদ বিভাগে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত সাতমাইলৰ পৰা জালুকবাৰী সংযোগী ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত যুদ্ধকালীন তৎপৰতাৰে নলা খন্দা কাম আৰম্ভ কৰে ।

ফলত আৱদ্ধ পানীভাগ সেই নলাৰে ওলাই যোৱাৰ পাছত সম্প্ৰতি কৃত্ৰিম বান পৰিস্থিতিৰ বহুখিনি উন্নত হোৱা বুলি জানিব পৰা গৈছে(Artificial flood situation at Guwahati University improves) । এই সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি হেমেন কলিতা আৰু সাধাৰণ সম্পাদক বিকি শৰ্মাই জানিবলৈ দিয়া মতে এপ্ৰিল মাহৰ পৰা হৈ থকা বৰষুণৰ বাবে চলিত মে’ মাহৰ প্ৰথম সপ্তাহৰ পৰা কৃত্ৰিম বানৰ কৱলত পৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদৰ এক বৃহৎ অংশ ।

guwahati university floods have come down
ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত নলা খান্দি পানী নিস্কাশনৰ চেষ্টা

বিশেষকৈ বিশ্ববিদ্যালয়ৰ পানী ওলাই যোৱা নলাটো আছিল সাতমাইলৰ পৰা জালুকবাৰী সংযোগী ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত । কিন্ত থকা একাংশ ব্যৱসায়ী আৰু নাগৰিকে নলাটো মাটিৰে পুতি কৰি বন্ধ কৰি দিয়াত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ পানী সমূহ ওলাই যাব নোৱাৰাত ৩ মে'ৰ পৰাই বিশ্ববিদ্যালয়ৰ মাৰ্কেট, খেলপথাৰ, অসম আৰ্হিৰ ৮ আৰু ৯ নং ছাত্ৰাবাস আৰ চি চি 4 নং আৰু আৰ চি চি ৫ নং ছাত্ৰীনিবাস কৃত্ৰিম বানত বুৰ যায় ।

ফলত জলবন্দী হ’বলগীয়া হয় চাৰিটা আবাসত থকা পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰী । অৱশ্যে বিশ্ববিদ্যালয়ৰ অভিযান্ত্ৰিক বিভাগৰ এটা দলে পাম্পিং মেচিনৰ সহায়ত পানী নিষ্কাষণ কৰি আহিছিল । কিন্তু বৰষুণৰ পৰিমাণ বৃদ্ধি পোৱাত ১৪ মে'ৰ পৰা বান পৰিস্থিতিৰ অধিক অৱনতি ঘটে । আনকি চাৰিটাকৈ আবাসৰ পাঁচ শতাধিক ছাত্ৰ ছাত্ৰীয়ে সাপ, বেং আদিৰ সৈতে সহাৱস্থান কৰি চলিবলগীয়া হোৱাত কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ পৰিছিল ছাত্ৰ-ছাত্ৰী সকল ।

অৱশেষত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈৰ অনুৰোধ মৰ্মে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই ১৬ মে'ৰ সন্ধিয়া গুৱাহাটী বিশ্ববিদ্যালয়লৈ আহি বান পৰিস্থিতিৰ বুজ লয় । মন্ত্ৰীৰ পৰিদৰ্শনৰ সময়ত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ এটা সজাতি দলো উপস্থিত আছিল । ছাত্ৰ সন্থাই বিভাগীয় মন্ত্ৰীক বিভাগীয়ভাৱে গ্ৰহণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৃত্ৰিম বান সমস্যাটোৰ চিৰস্থায়ী সমাধানৰ বাবে আহ্বান জনায় ।

ইফালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আবদ্ধ পানীভাগ উলিয়াই দিয়াৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকাৰ নিৰ্দেশ মৰ্মে ১৭ মে'ৰ পুৱাৰে পৰা বৰষুণক নেওচি জলসম্পদ বিভাগৰ পূৱ গুৱাহাটী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা মহিবুৰ ৰহমান , সহকাৰী কাৰ্যবাহী অভিযন্তাদ্বয় প্ৰণৱ চেতিয়া আৰু ভাৰত শৰ্মাৰ নেতৃত্বত বিভাগৰ এটা দলে জিলা প্ৰশাসনৰ সহযোগত আৱদ্ধ হৈ থকা পানীভাগ উলিয়াই দিবৰ বাবে জে চি বিৰে ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত নলা খন্দা কাম আৰম্ভ কৰে ।

এই কাৰ্যত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অভিযান্ত্ৰিক বিভাগৰ উপৰিও কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত গৌৰীশংকৰ দাস, গুৱাহাটীৰ চক্ৰ বিষয়া লক্ষ্যজিৎ দুৱৰাৰ নেতৃত্বত আৰক্ষী-প্ৰশাসনৰ এটা দলে সহযোগিতা আগবঢ়ায় । আনকি প্ৰশাসনৰ দলটোৱে নলা খন্দাৰ বাবে কেবাটাও স্থানত বেদখল উচ্ছেদ কৰিব লগীয়া হয় ।

দেওবাৰ পৰ্যন্ত জলসম্পদ বিভাগৰ ফালৰ পৰা আবদ্ধ পানীভাগ উলিয়াই দিয়াৰ বাবে ৰাষ্ট্রীয় ঘাইপথৰ আৰু বিশ্ববিদ্যালয়ৰ কৃত্ৰিম বানৰ কবলত পৰা চাৰিটা আবাসৰ মাজত থকা পিতনি কেইটাৰ জংঘল তথা আৱৰ্জনা সমূহ চাফ-চিকুণ কৰি থকা হৈছে । আনকি এই কামত জলসম্পদ বিভাগে হস্তচালিত নাও ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে ।

আনহাতে অঞ্চলটোৰ সচেতন লোকসকলে জানিবলৈ দিয়া মতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৃত্ৰিম বানৰ সমস্যাটো স্থায়ীভাৱে সমাধান কৰিবলৈ হলে নলা খান্দি শৰাইঘাট দলঙৰ সমীপলৈ ব্ৰহ্মপুত্ৰলৈ বোৱাই নিব লাগিব । ইতিমধ্যে বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাৰ নিৰ্দেশ মৰ্মে জলসম্পদ বিভাগ আৰু বিশ্ববিদ্যালয়ৰ অভিযান্ত্ৰিক বিভাগৰ এটা দলে অহা কেইদিনত এই সন্দৰ্ভত যৌথভাবে জৰীপ চলাব বুলি বিশ্ববিদ্যালয়ৰ অভিযান্ত্ৰিক বিভাগৰ সূত্ৰত প্ৰকাশ কৰে ।

লগতে পঢ়ক: Tense Situation at Batadrava : পৰিস্থিতি পৰিদৰ্শন কৰি কি ক’লে বিধায়িকা শিৱামণি বৰাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.