ETV Bharat / state

মাছখোৱাত পৰম্পৰাগত সাজেৰে "জে ডি ডিজাইন বঁটা 2019 " - assam news

প্ৰতিষ্ঠানখনৰ 50 গৰাকী শিক্ষাৰ্থীয়ে ডিজাইন কৰা মুঠ 70 বিধ বস্ত্ৰ প্ৰদৰ্শন কৰা হয় অনুষ্ঠানত । থলুৱা সাজপাৰ পৰিধান কৰি ৰেম্পত কেটৱাক কৰে বহু কেইগৰাকী মডেলে ৷ বিশেষভাৱে অসমৰ পাট-মুগাৰ কপোৰ আৰু থলুৱা গহনা এই ফেশ্বন শ্ব'ৰ জৰিয়তে প্ৰদৰ্শিত হয় ৷

মাছখোৱাত পৰম্পৰাগত সাজেৰে "জে ডি ডিজাইন বঁটা 2019 "
author img

By

Published : Jul 20, 2019, 11:55 PM IST

গুৱাহাটী, 20 জুলাইঃ মহানগৰীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত শনিবাৰে অনুষ্ঠিত হয় "জে ডি ডিজাইন বঁটা 2019 " । জে ডি ইনষ্টিটিউট অৱ ফেশ্বন নামৰ উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ ডিজাইন প্ৰতিষ্ঠানখনে বিগত 13 বছৰ ধৰি আয়োজন কৰি আহিছে এই বঁটা প্ৰদান অনুষ্ঠান । প্ৰতিষ্ঠানখনৰ 50 গৰাকী শিক্ষাৰ্থীয়ে ডিজাইন কৰা মুঠ 70 বিধ বস্ত্ৰ প্ৰদৰ্শন কৰা হয় অনুষ্ঠানত । থলুৱা সাজপাৰ পৰিধান কৰি ৰেম্পত কেটৱাক কৰে বহু কেইগৰাকী মডেলে । বিশেষভাৱে অসমৰ পাট-মুগাৰ কপোৰ আৰু থলুৱা গহনা এই ফেশ্বন শ্ব'ৰ জৰিয়তে প্ৰদৰ্শিত হয় । প্ৰতিষ্ঠানখনৰ শিক্ষাৰ্থীসকলক নিজৰ প্ৰতিভা বিকাশৰ বাবে এক মঞ্চ দিয়াৰ লগতে অসমৰ সাজ-পাৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে জে ডি ইনষ্টিটিউটে আয়োজন কৰি আহিছে এই অনুষ্ঠানৰ । ইফালে অনুষ্ঠানত উদীয়মান ডিজাইনাৰসকলক উৎসাহ যোগোৱাৰ লক্ষ্যৰে কেইবাটাও শিতানত বঁটা প্ৰদান কৰা হয় । ইয়াৰোপৰি এই অনুষ্ঠানতে প্ৰতিষ্ঠানখনৰ এখনি বাৰ্ষিক স্মৃতি গ্ৰন্থও উন্মোচন কৰা হয় ।

মাছখোৱাত পৰম্পৰাগত সাজেৰে "জে ডি ডিজাইন বঁটা 2019 "

উল্লেখযোগ্য যে, অনুষ্ঠানত জে ডি ইনষ্টিটিউট ফেশ্বন টেকন'লজি ইণ্ডিয়াৰ সঞ্চালক হৰ্ষ দালাল, ফেশ্বন ডিজাইনাৰ তথা কৰিঅ'গ্ৰাফাৰ প্ৰশান্ত ঘোষ, ইন্টেৰিঅ'ৰ ডিজাইনাৰ নীৰা কৰ, অল্পনা বৰুৱাকে ধৰি ভালেসংখ্যক ফেশ্বনৰ লগত জড়িত ব্যক্তি উপস্থিত থাকে ।

Intro:শণিবাৰে মহানগৰীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হয় জে ডি ডিজাইন বঁটা ২০১৯। জে ডি ইনষ্টিটিউট অৱ ফেশ্বন নামৰ উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ ডিজাইন প্ৰতিষ্ঠানখনে বিগত ১৩বছৰ ধৰি আয়োজন কৰি আহিছে এই বঁটা প্ৰদান অনুষ্ঠানৰ।

Body:এইবেলি প্ৰতিষ্ঠানখনৰ ৫০গৰাকী শিক্ষাৰ্থীয়ে ডিজাইন কৰা মুঠ ৭০ বিধ বস্ত্ৰ প্ৰদৰ্শন কৰা হয়। থলুৱা সাজপাৰ পৰিধান কৰি ৰেম্পত কেটৱাক কৰে বহু কেইগৰাকী মডেলে। বিশেষভাৱে অসমৰ পাট-মুগাৰ কপোৰ আৰু থলুৱা গহনা এই ফেশ্বন শ্ব'ৰ জৰিয়তে প্ৰদৰ্শিত হয়। প্ৰতিষ্ঠানখনৰ শিক্ষাৰ্থীসকলক নিজৰ প্ৰতিভা বিকাশৰ বাবে এক মঞ্চ দিয়াৰ লগতে অসমৰ সাজ-পাৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে জে ডি ইনষ্টিটিউটে আয়োজন কৰি আহিছে এই অনুষ্ঠানৰ। ইফালে অনুষ্ঠানত উদীয়মান ডিজাইনাৰসকলক উৎসাহ যোগোৱাৰ লক্ষ্যৰে কেইবাটাও শিতানত বঁটা প্ৰদান কৰা হয়। ইয়াৰোপৰি এই অনুষ্ঠানতে প্ৰতিষ্ঠানখনৰ এখনি বাৰ্ষিক স্মৃতি গ্ৰন্থও উন্মোচন কৰা হয়।

Conclusion:উল্লেখযোগ্য যে এই অনুষ্ঠানত জে ডি ইনষ্টিটিউট ফেশ্বন টেকন'লজি ইণ্ডিয়াৰ সঞ্চালক হৰ্ষ দালাল, ফেশ্বন ডিজাইনাৰ তথা কৰিঅ'গ্ৰাফাৰ প্ৰশান্ত ঘোষ, ইন্টেৰিঅ'ৰ ডিজাইনাৰ নীৰা কৰ, অল্পনা বৰুৱাকে ধৰি ভালেসংখ্যক ফেশ্বনৰ লগত জড়িত ব্যক্তি উপস্থিত থাকে।

HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.