ETV Bharat / state

ফেৰি সেৱা নে ৰ'প ৱে' সেৱা, কোনটো সেৱাৰ পোষকতা কৰিছে যাত্ৰীয়ে ... - সাধাৰণ যাত্ৰী

ফেৰি সেৱাৰ লগত ৰ’প ৱে সেৱাৰ কথা তুলনা কৰিলে দেখা যায় য়ে ৰ’প ৱে’ সেৱাৰ তুলনাত ফেৰি সেৱা যথেষ্ট কমখৰছী আৰু সুবিধাজনক ৷ আনহাতে সাধাৰণ যাত্ৰীসকলৰ বাবে যথেষ্ট ব্যয়বহুল ৰ’প ৱে’ সেৱা ব্যৱস্থা ৷

guwahati ropeway story
ফেৰি সেৱা নে ৰ’প ৱে সেৱা, কোনটো সেৱাৰ পোষকতা কৰিছে যাত্ৰীয়ে ...
author img

By

Published : Sep 7, 2020, 10:07 PM IST

গুৱাহাটী, ৭ ছেপ্টেম্বৰঃ বৰলুইতৰ দুয়োপাৰৰ যাতায়াত ব্যৱস্থা সূচল কৰি তুলিবলৈকে গুৱাহাটীত নিৰ্মাণ কৰা হৈছিল ব্যয়বহুল ৰ’প ৱে’ ৷ প্ৰায় ৫৬ কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটী উন্নয়ন নিগমৰ অধীনত নিৰ্মাণ হোৱা এই ৰ’প ৱে সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

ৰ’প ৱেৰ জৰিয়তে যাতায়ত কৰিলে এজন যাত্ৰীয়ে এবাৰত ব্যয় কৰিব লাগিব ৬০ টকা ৷ অহা-যোৱা দুবাৰত মুঠ ১০০ টকা ব্যয় কৰিব লাগিব যাত্ৰীসকলে ৷ তাৰ তুলনাত পুৰ্বৰে পৰা চলি অহা আভ্যন্তৰীন জল পৰিৱহন ব্যৱস্থাৰ ফেৰী সেৱাৰ মাচুল সমূহ এনেধৰণৰ- এজন যাত্ৰী পাৰ হ’বলৈ টিকটৰ বাবদ দিব লাগে ২.৫০ টকা ৷ চাইকেলৰ নামত ভাড়া দিব লাগে ৪.৫০ টকা ৷ বাইকৰ সৈতে আৰোহীৰ ভাড়া দিব লাগে ৭ টকা মাত্ৰ ৷ ফেৰী সেৱাৰ যোগেদি এবাৰত সৰ্বাধিক ১৫০ জন মানুহ আৰু প্ৰায় ৫০ খন বাহন কঢ়িয়াব পাৰে ৷

ফেৰী সেৱাৰ লগত ৰ’প ৱে সেৱাৰ কথা তুলনা কৰিলে দেখা যায় য়ে ৰ’প ৱে’ সেৱাৰ তুলনাত ফেৰি সেৱা যথেষ্ট কমখৰছী আৰু সুবিধাজনক ৷ আনহাতে সাধাৰণ যাত্ৰীসকলৰ বাবে যথেষ্ট ব্যয়বহুল ৰ’প ৱে’ সেৱা ব্যৱস্থা ৷ সেয়েহে এতিয়া অভিলাষী ৰ’প ৱে সেৱাতকৈ যাত্ৰী সকলে কম খৰছী ফেৰী সেৱাকেই পোষকতা কৰিছে ৷ যাত্ৰী সকলৰ মন্তব্য- “আমাৰ কাৰণে এবাৰত ৬০ টকা বহুত বেছি ৷ ৬০টকা দিয়াতকৈ ফেৰীৰে যাতায়ত কৰিম ৷ যিটো সহজ সেইটোৱেই ব্যৱহাৰ কৰিম ৷ আমাৰ দৰে সাধাৰণ যাত্ৰীসকলৰ বাবে এই ৰ’প ৱে সেৱা নহয় ৷ গুৱাহাটী উন্নয়ন নিগমে এই ক্ষেত্ৰত অলপ চকু দিলে ভাল” ৷

ফেৰি সেৱা নে ৰ’প ৱে সেৱা, কোনটো সেৱাৰ পোষকতা কৰিছে যাত্ৰীয়ে ...

অৱশ্যে ফেৰি সেৱাৰ তুলনাত ৰ’প ৱে'ৰ যোগেদি খুব কম সময় অৰ্থাৎ মাত্ৰ সাত মিনিটতে বৰলুইত ইপাৰ সিপাৰ হ’ব পাৰিব যাত্ৰীসকলে ৷ হ’লেও কিন্তু এই ব্যয়বহুল যাতায়ততকৈ যাত্ৰীসকলে গন্তব্যস্থান পাওঁতে অলপ সময় লাগিলেও কম খৰছী ফেৰী সেৱাকেই যাতায়াতৰ বাবে উত্তম আৰু সুগম বুলি গণ্য কৰিবলৈ লৈছে ৷

লগতে পঢ়ক: আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিল কিশোৰ কলিতাৰ 'বীৰাংগনা'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.