গুৱাহাটী, 1 আগষ্ট : দেশৰ আগশাৰীৰ মহানগৰী সমূহৰ সমান্তৰালকৈ গুৱাহাটীতো বিজ্ঞান ও প্ৰযুক্তিবিদ্যাৰ চমকপ্ৰদ ব্যৱহাৰৰে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ চেষ্টা চলোৱা দেখা গৈছে ৷ মহানগৰীৰ শিলপুখৰীস্থিত উৰুকা নামৰ ৰেষ্টুৰেণ্টখনত গ্ৰাহকক আকৰ্ষিত কৰাৰ উদ্দেশ্যে খাদ্য পৰিৱেশনৰ বাবে ব্যৱহাৰ কৰা হৈছে ৰৱট ৷ ৰেষ্টুৰেন্টখনত পাল্কী নামৰ ৰৱটটোৰ জৰিয়তে গ্ৰাহকক সুস্বাদু আহাৰ পৰিৱেশন কৰা হয় ৷ অনাগত দিনবোৰত ৰৱটৰ ব্যৱহাৰে ৰেষ্টুৰেন্ট খনৰ সৌষ্ঠৱ অধিক বৃদ্ধি কৰিব বুলিও উল্লেখ কৰে স্বত্বাধিকাৰীয়ে ৷
উল্লেখ্য যে, বিগত দুটা বছৰ ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজক থলুৱা বিভিন্ন মুখৰোচক ব্যঞ্জন ব্যতিক্ৰমী ৰূপত পৰিৱেশন কৰি আহিছে উৰুকা নামৰ ৰেষ্টুৰেণ্টখনে ৷