ETV Bharat / state

ভূমিৰ নথি জালিয়াতিত কোন কোন জড়িত ? ক’লে আৰক্ষী আয়ুক্ত দিগন্ত বৰাই

author img

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 7:45 PM IST

নথি জালিয়াতিৰে গুৱাহাটীৰ মাটি অন্য লোকৰ পৰা অন্য লোকৰ নামলৈ নিয়া চক্ৰৰ সন্দৰ্ভত শুকুৰবাৰে সংবাদমেল সম্বোধন কৰে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ৷ আৰক্ষী আয়ুক্তগৰাকীৰ লগত উপস্থিত থাকে কামৰূপ মহানগৰ জিলা আয়ুক্ত পল্লৱ গোপাল ঝা ৷

Guwahati Police Commissioner
গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ সংবাদেমেল

গুৱাহাটী, 24 নৱেম্বৰ : ভূ-মাফিয়াই জাল-নথিৰ সহায়ত গুৱাহাটীৰ কোটি টকীয়া মাটি বহু লোকৰ পৰা সৰকোৱাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে । শুকুৰবাৰে এক সংবাদমেল যোগে এই তথ্য সদৰী কৰে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ।

শুকুৰবাৰে জিলা প্ৰশাসন আৰু আৰক্ষীয়ে যুটীয়াভাৱে সম্বোধন কৰা সংবাদমেলত দিগন্ত বৰাই কয় যে ভূমি জালিয়াতিৰ সন্দৰ্ভত চাইবাৰ থানা আৰু বশিষ্ঠ থানাত দুটাকৈ গোচৰ ৰুজু হৈছিল । উক্ত গোচৰৰ ভিত্তিত দালাল তাপস চৌধুৰী, অধিবক্তা ময়নুল হক, উপ-পঞ্জীয়ক কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক নিতুল দাস আৰু ডিটিপি অপাৰেটৰ ধ্ৰৱজ্যোতি বৰ্মনক গ্ৰেপ্তাৰ কৰা হৈছে ।

উক্ত চাৰি অভিযুক্তই ভূমিৰ ভুৱা নথি-পত্ৰ, ভুৱা চেল ডীড আদি প্ৰস্তুত কৰি ভূমি জালিয়াতিত লিপ্ত হৈছিল বুলি উল্লেখ কৰি আৰক্ষী আয়ুক্ত বৰাই কয় যে গুৱাহাটীৰ উপ-পঞ্জীয়ক কাৰ্যালয়ত ২০১৩ চনৰ পৰা কনিষ্ঠ সহায়ক হিচাবে কৰ্মৰত হৈ থকা নিতুল দাসে ৬ কোটি টকা সম্পত্তিত বিনিয়োগৰ তথ্য পোহৰলৈ আহিছে ।

২০২৩ আৰক্ষী থানালৈ ভূমি সংক্ৰান্তীয় অভিযোগ আহিছিল ২৪২ টা । তাৰ ভিতৰত ৮২ টা গোচৰ ৰুজু হৈছিল আৰু ৭১ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে । ২০২২ চনত ২১৫ টা অভিযোগৰ ৫৩ টা গোচৰ ৰুজু হৈছিল আৰু ৩৪ গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল । ৬৪৫/২৩ নম্বৰত বশিষ্ঠ থানাত এটা গোচৰ আৰু চাইবাৰ থানাত ৰুজু হোৱা এটা গোচৰৰ তদন্ত বৃহৎ এটা ৰেকেট জড়িত থকাৰ কথা পোহৰলৈ আহে ।

ৰেকেটটোত জড়িত আছে একাংশ মাটিৰ দালাল, অধিবক্তা আৰু চৰকাৰী কৰ্মচাৰী । তেওঁলোক বহুদিনৰ পৰাই ৰেকেটটোত জড়িত আছে যাৰ বাবে বহু লোকে মাটি হেৰুৱাইছে ৷ তেওঁ কয়, ‘‘ ভূমি ক্ৰয়-বিক্ৰয় কৰিবলৈ উপ-পঞ্জীয়কৰ কাৰ্যালয়ত প্ৰথমে পঞ্জীয়ণ কৰিব লাগে ৷ প্ৰকৃত মাটিৰ গৰাকীয়ে গম নোপোৱাকৈয়ে ভুৱা চহী লৈ অন্য লোকলৈ হস্তান্তৰ কৰে পঞ্জীয়কে ৷’’

আনহাতে ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা দালাল তাপস চৌধুৰীৰ সম্পত্তি দেখি হতবাক হয় আৰক্ষী । ইপিনে আৰক্ষীৰ মাৰাথন জেৰাত নিতুল দাসে ইতিমধ্যে বহু কথা স্বীকাৰ কৰিছে ৷ উক্ত জালিয়াতি চক্ৰটো উৎখাত কৰাৰ বাবে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷ মহানগৰ আৰক্ষী আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে নিজৰ বৈধ ভূমিৰ ক্ষেত্ৰত কোনো জালিয়াতী প্ৰত্যক্ষ কৰিলে লগে-লগে ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় অথবা সংশ্লিষ্ট আৰক্ষী থানাত লিখিত অভিযোগ দাখিল কৰিবলৈ আহ্বান জনাইছে ।

শুকুৰবাৰৰ সংবাদমেলত কামৰূপ মহানগৰ জিলা আয়ুক্ত পল্লৱ গোপাল ঝাও উপস্থিত থাকে ।

লগতে পঢ়ক : গুৱাহাটীত ভূমি অনলাইন নথি জালিয়াতিৰ বৃহৎ চক্ৰ, আৰক্ষীৰ জালত জিলা আয়ুক্ত কাৰ্যালয়ৰ জ্যেষ্ঠ সহকাৰী পঞ্জীয়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.