ETV Bharat / state

Police Commissioner Diganta Borah: মহানগৰীত অপৰাধ ৰোধৰ আশ্বাস নতুন আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ

author img

By

Published : Dec 21, 2022, 8:44 PM IST

মহানগৰীৰ নতুন আৰক্ষী আয়ুক্ত হিচাপে দায়িত্ব লোৱাৰ পাছতেই বুধবাৰে প্ৰথমবাৰলৈ সংবাদমেল সম্বোধন কৰে দিগন্ত বৰাই ৷ জৰুৰীকালীন কিবা ঘটনা হ'লে 112 নম্বৰটোত ডায়েল কৰি সহায় বিচাৰিবলৈ আহ্বান বৰাৰ ৷ সুৰাপান কৰি বাহন নচলাবলৈ আহ্বান আৰক্ষী আয়ুক্তগৰাকীৰ ৷

Police Commissioner Diganta Borah
আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ সংবাদমেল
আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ সংবাদমেল

গুৱাহাটী,২১ ডিচেম্বৰ: ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে বিভিন্ন অপৰাধ । আনকি দিন দুপৰতে সংঘটিত হৈছে হত্যাকাণ্ডকে ধৰি লুণ্ঠন-ডকাইতিৰ ঘটনা । সোণৰ অলংকাৰ পিন্ধি এতিয়া মহিলা ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱৰা অৱস্থাৰ সৃষ্টি হৈছে । ক্ৰমাৎ অপৰাধ নগৰীলৈ পৰ্যবসিত হোৱা গুৱাহাটী মহানগৰৰ আৰক্ষী আয়ুক্তৰ দায়িত্ব লাভ কৰাৰ পাছত আজি প্ৰথমবাৰৰ বাবে সংবাদমেল সম্বোধন কৰে দিগন্ত বৰাই(Guwahati Police Commissioner Diganta Borah) ।

সংবাদমেলত আৰক্ষী আয়ুক্ত দিগন্ত বৰাই স্বীকাৰ কৰে যে মহানগৰত অপৰাধৰ সংখ্যা আগতকৈ বেছি হৈছে(Crime in Guwahati) । বিগত কিছুদিনৰ পৰা গুৱাহাটীত চেইন চুৰিৰ ঘটনাৰ লগতে গাড়ী চুৰিৰ সংখ্যাও বৃদ্ধি পাইছে । যাৰ বাবে বিগত কেইদিনত মহানগৰবাসী কিছু শংকিত হৈছে । মহানগৰবাসীক অভয় দি তেওঁ কয় যে ভয় কৰাৰ কোনো কথা নাই । বৰ্তমান মহানগৰ আৰক্ষী অধিক কঠোৰ হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে বিগত কেইদিনত পাঁচটামানহে চেইন চুৰিৰ ঘটনা গুৱাহাটীত সংঘটিত হৈছে । অৱশ্যে চোৰকো কৰায়ত্ত কৰা হৈছে ।

এনে ঘটনা ৰোধ কৰিবলৈ মহানগৰ আৰক্ষী সক্ষম হ’ব বুলি সদৰী কৰি তেওঁ কয় যে বিগত দিনকেইটাত গাড়ী চুৰিৰ ঘটনাও সংঘটিত হৈছে যদিও বহুক্ষেত্ৰত গাড়ী উদ্ধাৰ কৰিবলৈও সক্ষম হৈছে আৰক্ষী(Car theft in Guwahati) । ১৭ খনমান গাড়ী চুৰি হৈছিল আৰু ইয়াৰে ৭খন উদ্ধাৰ কৰা হৈছে । মহানগৰবাসীৰ সৈতে গুৱাহাটী আৰক্ষী সদায় আছে বুলি তেওঁ কথা দিয়াৰ লগতে এনেধৰণৰ ঘটনা ৰোধ কৰিবলৈ সক্ষম হোৱাৰো আশ্বাস প্ৰদান কৰে ।

নিশাৰ ভাগত পহৰা অধিক কটকটীয়া কৰাৰ কথা তেওঁ সদৰী কৰে । চেইন চোৰৰ সন্দৰ্ভত তেওঁ কয় যে ভুৱা নম্বৰধাৰী বাইক বহু বৃদ্ধি পাইছে মহানগৰীত । চিচি টিভি কেমেৰাতো ধৰা পৰিছে এনে বহু ভুৱা নম্বৰৰ বাইক । আৰক্ষী আয়ুক্ত দিগন্ত বৰাই এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰো কথা সদৰী কৰে । তেওঁ লগতে কয় যে এতিয়াৰ পৰা 112 নম্বৰত ফোন কৰিলেই সকলো ধৰণৰ জৰুৰী সেৱা লাভ কৰিব গুৱাহাটীবাসী ৰাইজে । সংবাদমেলত যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত(Guwahati joint CP Partha Sarathi Mahanta) উপস্থিত আছিল ।

লগতে পঢ়ক: Indias 2022 shastra shake up : ২০২২ বৰ্ষত বিশ্ব অস্ত্ৰ বজাৰত ভাৰতৰ সবল খোজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.