ETV Bharat / state

অসহায় এগৰাকী বৃদ্ধক লাগে চৰকাৰক অলপ সহায়

author img

By

Published : Nov 21, 2020, 9:12 PM IST

গুৱাহাটী মহানগৰীৰ পাণ্ডু নিউ কলনীৰ কল্যান চৌধুৰী নামৰ বৃদ্ধ গৰাকী বিগত এমাহ ধৰি শয্যাগত অৱস্থাত আছে ৷ বৃদ্ধ গৰাকীৰ নাই কোনো পৰিয়ালৰ লোক ৷ অসহায় বৃদ্ধ গৰাকী এতিয়া যুঁজি আছে মৃত্যুৰে ৷ যাৰ বাবে চৰকাৰ তথা মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰা বিচাৰিছে অলপ সহায় ৷

guwahati_old man story
অসহায় এগৰাকী বৃদ্ধক লাগে চৰকাৰক অলপ সহায়

কামৰূপ মেট্ট,21নৱেম্বৰ : গুৱাহাটী মহানগৰীৰ এগৰাকী আশী উৰ্দ্ধৰ বৃদ্ধৰ কৰুণ জীৱন গাঁথা । অসুস্থ বৃদ্ধ গৰাকীয়ে অকলেই জীৱন-মৃত্যুৰে যুঁজি আছে দীৰ্ঘদিনৰ পৰা । মহানগৰীৰ পাণ্ডু নিউ কলনীৰ ঘটনা এয়া ।

যোৱা এমাহ ধৰি শয্যাগত অৱস্থাত আছে কল্যান চৌধুৰী নামৰ বৃদ্ধ গৰাকী । বৃদ্ধ গৰাকীৰ নাই কোনো পৰিয়ালৰ লোক । অসহায় বৃদ্ধ গৰাকী এতিয়া যুঁজি আছে মৃত্যুৰে । ওচৰ-চুবুৰীয়া আৰু কিছু সচেতন যুৱকে পাৰ্যমানে সুশ্ৰূষা কৰি আছে বৃদ্ধ কল্যাণ চৌধুৰীক । ফাৰ্মাচীত কৰ্মৰত আছিল বৃদ্ধগৰাকী ।

প্ৰাপ্ত তথ্য অনুসৰি, বৃদ্ধ গৰাকীৰ ভাতৃ আৰু ভগ্নীক খবৰ দিয়া হৈছে যদিও তেওঁলোকে কোনো সঁহাৰি জনোৱা নাই । তাৰোপৰি স্থানীয় কাউন্সিলাৰ গৰাকীক বৃদ্ধগৰাকীৰ এই অসহায় পৰিস্থিতিৰ কথা অৱগত কৰা হৈছে,কিন্তু কোনো গুৰুত্ব প্ৰদান কৰা নাই কাউন্সিলাৰ গৰাকীয়ে । যাৰ বাবে এতিয়া উদ্বিগ্ন হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ।

ইফালে পৰিয়ালৰ কোনো লোক নথকাৰ বাবে চিকিৎসালয়লৈ নিবলৈ অমান্তি হয় ১০৮ সেৱাৰ কৰ্মী । এতিয়া ইটিভি ভাৰতৰ জৰিয়তে স্থানীয় বিধায়ক ডঃ হিমন্ত বিশ্ব শৰ্মালৈ ৰাইজৰ আহ্বান, বৃদ্ধগৰাকীৰ চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰক । জীৱনৰ অন্তিম বেলাত গৰাকীক এনেদৰেই মৃত্যু হ'বলৈ নিদিব বুলি আহ্বান জনায় বৃদ্ধগৰাকীয়ে ৷

অন্য এক খবৰৰ বাবে: ডিজিটেল প্ৰক্ৰিয়াৰে অনুষ্ঠিত হ'ব কংগ্ৰেছ অধ্যক্ষৰ নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.