ETV Bharat / state

দ্বিতীয় পঞ্জাৱৰূপে খ্যাত মালয়বাৰীৰ খেতিয়কৰ বিলাই নাই

author img

By

Published : Apr 24, 2020, 7:51 PM IST

Updated : Apr 24, 2020, 8:37 PM IST

দ্বিতীয় পঞ্জাৱৰূপে খ্যাত মালয়বাৰীৰ খেতিয়ক এতিয়া বিলাই নোহোৱা অৱস্থা, লক-ডাউনৰ ফলত সৰ্বাধিক ধান উৎপাদন কৰা অঞ্চলটোত উপযুক্ত সময়ত ধান চপাবলৈ অহা নাই আন আন জিলাৰ বনুৱাসকল ৷ যাৰ বাবে বিপদত পৰিছে খেতিয়কসকল ৷

দ্বিতীয় পঞ্জাৱৰূপে খ্যাত মালয়বাৰীৰ খেতিয়কৰ বিলাই নাই
দ্বিতীয় পঞ্জাৱৰূপে খ্যাত মালয়বাৰীৰ খেতিয়কৰ বিলাই নাই

গুৱাহাটী, 24 এপ্ৰিলঃ লক ডাউনৰ ফলত ক'ৰবাত যদি কৃষকে খেতিৰ ফচল বিক্ৰী কৰিব নাপায় হতাশাত ভুগিছে আন ক'ৰবাত খেতিপথাৰ চপাব নোৱাৰাৰ ফলত কৃষকৰ দুখে কুলাই পাচিয়ে নধৰা হৈছে ৷ কামৰূপ মহানগৰ জিলাৰ দিছপুৰ সমষ্টিৰ সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মালয়বাৰীৰ অঞ্চলত কামৰূপ মহানগৰ জিলাৰ ভিতৰত সৰ্বাধিক ধান খেতি কৰা হয় ।

আঘোণ মাহতে কৃষকসকলে ২৭ টা পাম্প চেন্টাৰ জৰীয়তে পানীৰ ব্যৱস্থা কৰি প্ৰায় বিশ হাজাৰ বিঘা বড়ো ধানৰ খেতি কৰিছিল যদিও ধান পকি সৰিবৰ হ'ল এতিয়া খেতি চপাবলৈ বনুৱা নাপায় চিন্তিত হৈ পৰিছে খেতিয়কসকল ৷ কিয়নো এই অঞ্চলত ধানকটা মানুহ নামনি অসমৰ নলবাৰী,বাক্সা,বঙাইগাঁও আদি জিলাৰ পৰা আহে ৷

Guwahati Maloibari farmer's are facing problem during lock down Etv Bharat news
ধান চপাবলৈ অহা নাই আন আন জিলাৰ বনুৱাসকল

এইবাৰ কিন্তু লক ডাউনৰ বাবে বনুৱা সকল আহিবলৈ অসুবিধাৰ সৃষ্টি হৈছে, সেয়েহে কৃষকে কিদৰে খেতি চপাব তাক লৈ চিন্তিত হৈ পৰিছে,আনহাতে এই সন্দৰ্ভত মালয়বাৰী গাওঁ পঞ্চায়তৰ সভাপতি আৰু গাওঁ সংগঠনৰ নেতৃত্বত কৃষকসকলৰ লগত আলোচনাও কৰা হৈছিল । ৰাইজ তথা কৃষকসকলে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে কৃষকসকলে ।

আৰু পঢ়কঃ নাহৰকটীয়াৰ চাচনীত বিধ্বংসী ধুমুহা

Last Updated : Apr 24, 2020, 8:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.