ETV Bharat / state

মহানগৰীৰ ৰাজপথত একেলগে 700 খন মাৰ্চিডিজ - ফিল্মফেয়াৰ এৱাৰ্ড

মাৰ্চিডিজক লৈ গুৱাহাটীত ব্যাপক চৰ্চা ৷ একেলগে 700খন মাৰ্চিডিজ চলা দেখা যাব গুৱাহাটী মহানগৰীত ৷ কিহৰ বাবে এই মাৰ্চিডিজৰ ব্যৱস্থা কৰা হৈছে চাওক এই প্ৰতিবেদন ৷

Guwahati looking for 700 Mercedes
মহানগৰীৰ ৰাজপথত একেলগে 700 খন মাৰ্চিডিজ
author img

By

Published : Jan 24, 2020, 3:09 PM IST

গুৱাহাটী, ২৪ জানুৱাৰীঃ গুৱাহাটীত চলিব একেলগে ৭০০ খন বিলাসী মাৰ্চিডিজ ৷ এই বিলাসী মাৰ্চিডিজক কেন্দ্ৰ কৰি এতিয়া গুৱাহাটীত সৃষ্টি হৈছে ব্যস্ততাপূৰ্ণ পৰিৱেশৰ ৷ আচলতে কিহৰ বাবে এই মাৰ্চিডিজ কেইখন একেলগে চলিবলৈ সাজু কৰা হৈছে তাক লৈ ৰাইজৰ মাজত এতিয়া ব্যাপক উৎসুকতাৰ সৃষ্টি হৈছে ৷

মহানগৰীৰ ৰাজপথত একেলগে 700 খন মাৰ্চিডিজ

প্ৰকৃততে ফেব্ৰুৱাৰীৰ মধ্যভাগত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠানৰ বাবে ব্যৱহাৰ কৰিব এই মাৰ্চিডিজকেইখন ৷ এই অনুষ্ঠানলৈ আহিবলগীয়া বলীউডৰ তাৰকা কলা-কুশলীৰ বাবে এতিয়া গুৱাহাটীত হঠাতে দেখা গৈছে মাৰ্চিডিজক লৈ চৰ্চা ৷ এই ফিল্মফেয়াৰ অনুষ্ঠানৰ বাবে মুম্বাইৰ এক ইভেন্ট মেনেজমেন্ট গ্ৰুপক ইয়াৰ দায়িত্ব প্ৰদান কৰা হৈছে ৷ যিহেতু গুৱাহাটীত বা অসমত একেলগে ৭০০ খন মাৰ্চিডিজ পোৱাটো সম্ভৱ নহয় সেয়েহে কলকাতা, দিল্লী আৰু মুম্বাইৰ পৰা এই গাড়ীসমূহ সেই বিশেষ অনুষ্ঠানৰ বাবে গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰা হৈছে ইভেন্ট মেনেজমেণ্ট গ্ৰুপটোৰ দ্বাৰা ।

আৰু পঢ়কঃনগৰপালিকা তালিকাত সংযোজিত ৰামকৃষ্ণনগৰ পৌৰসভাৰ

Intro:গুৱাহাটী, ২৪ জানুৱাৰী: গুৱাহাটীত চলিব একেলগে ৭০০ খন মাৰ্চিডিজ গাড়ী । বিলাসী এই মাৰ্চিডিজ গাড়ী সমূহ গোটোৱাক কেন্দ্ৰ কৰি এক ব্যস্ততাৰ সৃষ্টি হৈছে । ক'ত পোৱা যাব একেলগে ৭০০ খন মাৰ্চিডিজ ? কিহৰ বাবেই বা হঠাতে প্ৰয়োজন হৈ পৰিছে ৭০০ খন মাৰ্চিডিজ ?

Body:আচলতে ফেব্ৰুৱাৰীৰ মধ্যভাগত গুৱাহাটীত অনুষ্ঠিত হব লগীয়া ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠানৰ বাবে প্ৰয়োজন হৈছে এই গাড়ীসমূহ । উক্ত অনুষ্ঠানলৈ একপ্ৰকাৰ সমগ্ৰ বলিউডৰ ৰথী-মহাৰথী উঠি আহিব । তেওঁলোকৰ বাবেই এতিয়া গুৱাহাটীত হঠাতে প্ৰয়োজন হৈ পৰিছে একেলগে ৭০০ খন মাৰ্চিডিজৰ ।

Conclusion:গুৱাহাটীত ফিল্মফেয়াৰ বটা প্ৰদান অনুষ্ঠান আয়োজনৰ বাবে মুম্বাইৰ এক ইভেন্ট মেনেজমেন্ট গ্ৰুপক দায়িত্ব দিয়া হৈছে । যিহেতু গুৱাহাটীত বা অসমত একেলগে ৭০০ খন মাৰ্চিডিজ পোৱাটো অসম্ভৱ সেয়েহে কলকাতা , দিল্লী আৰু মুম্বাইৰ পৰা এই গাড়ীসমূহ সেই বিশেষ অনুষ্ঠানৰ বাবে গুৱাহাটীলৈ অনাৰ সিদ্ধান্ত লৈছে ইভেন্ট মেনেজমেণ্ট গ্ৰুপটোৱে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.