গুৱাহাটী, 23 অক্টোবৰ : অসম গ্ৰামীণ বিকাশ বেংক আৰু কেয়াৰ হেলথ ইঞ্চুৰেঞ্চ কোম্পানীৰ মাজত এক বুজাবুজিৰ চুক্তি সম্পন্ন হয় ৷ চিকিৎসা আৰু চিকিৎসালয়ৰ বৰ্দ্ধিত খৰছৰ বাবে স্বাস্থ্য বীমা আৰু কৰ‘ণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বীমাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত অসম গ্ৰামীণ বিকাশ বেংকে বেংকটোৰ গ্ৰাহক সকলৰ সুবিধাৰ্থে স্বাস্থ্য বীমাৰ ক্ষেত্ৰত এক নতুন আঁচনি ৰূপায়ণৰ বাবে কেয়াৰ হেলথ ইঞ্চুৰেঞ্চৰ লগত চুক্তিবদ্ধ হয় ৷ মহানগৰীৰ হোটেল গেট ৱে’ত অনুষ্ঠিত অনুষ্ঠানটোত উপস্থিত থাকে অসম গ্ৰামীণ বিকাশ বেংকৰ মহাপ্ৰবন্ধক মনোজ কুমাৰ দাস, হেলথ কেয়াৰৰ ব্যৱসায়ীক মুৰব্বী অতুল চাৱালকাৰ, অসম গ্ৰামীন বিকাশ বেংকৰ অধ্যক্ষ উপেন্দ্ৰ চাবাৰৰ লগতে বেংকটোৰ ভালেকেইগৰাকী উচ্চপদস্থ বিষয়া ৷ শুকুৰবাৰৰ অনুষ্ঠানটোত দুয়োটা কোম্পানীৰ মাজত হোৱা চুক্তিপত্ৰত স্বাক্ষৰ কৰে অসম গ্ৰামীণ বিকাশ বেংকৰ মহাপ্ৰবন্ধক মনোজ কুমাৰ দাস আৰু হেলথ কেয়াৰৰ ব্যৱসায়ীক মুৰব্বী অতুল চাৱালকাৰে ৷
শুকুৰবাৰৰ অনুষ্ঠানটোত উপস্থিত থকা অসম গ্ৰামীণ বিকাশ বেংকৰ অধ্যক্ষ উপেন্দ্ৰ চাবাৰে মন্তব্য প্ৰকাশ কৰি কয় যে, “অসম গ্ৰামীণ বিকাশ বেংক উত্তৰ পূৰ্বাঞ্চলৰ এটা বৃহত্তম গ্ৰামীণ বেংক ৷ ৪৩৭ টা শাখাৰ যোগেদি অসমৰ চুকে কোণে বেংকিং সেৱা আগবঢ়াই আহিছে ৷ হেলথ কেয়াৰৰ লগত হোৱা চুক্তিৰ যোগেদি কম খৰছত স্বাস্থ্য বীমা কৰি গ্ৰাহকসকলৰ স্বাস্থ্য সেৱা কৰিব পাৰিব ৷ গ্ৰুপ কেয়াৰ ৩৬০ গ্ৰামীণ নামৰ গ্ৰুপ ইঞ্চুৰেঞ্চৰ বীমাৰ যোগেদি মাত্ৰ ১১০০ টকা বাৰ্ষিক প্ৰিমিয়ামৰ বিনিময়ত বীমাকাৰীয়ে অসমৰ দুশখনতকৈয়ো অধিক হাস্পতালত নগদবিহীন চিকিৎসাৰ সুবিধা লাভ কৰিব ৷”
লগতে পঢ়ক: কাঁইটীয়া তাঁৰৰ বাহিৰত এখন গাঁৱৰ ৰাইজৰ মাজত হাহাকাৰ !