ETV Bharat / state

গুৱাহাটীত ৰে'ল যাত্ৰীক লুটপাত কৰা দুৰ্বৃত্ত গ্ৰেপ্তাৰ

ৰে'ল আৰক্ষীয়ে গুৱাহাটী ৰে'লৱে ষ্টেচনৰ পৰা চি আৰ পি এফ জোৱানৰ সহযোগত সাতটা নিচাযুক্ত টেবলেটসহ গ্ৰেপ্তাৰ কৰে গজিবুৰ ফকীৰ নামৰ লোকজনক ৷

author img

By

Published : Nov 12, 2019, 5:01 PM IST

গ্ৰেপ্তাৰ গজিবুৰ ফকীৰ

গুৱাহাটী, 12 নৱেম্বৰ: সোমাবাৰে নিশা ৰে'ল আৰক্ষীয়ে গুৱাহাটী ৰে'লৱে ষ্টেচনৰ পৰা চি আৰ পি এফ জোৱানৰ সহযোগত গজিবুৰ ফকীৰ নামৰ লোকজনক সাতটা নিচাযুক্ত টেবলেটসহ গ্ৰেপ্তাৰ কৰে | 27 ছেপ্টেম্বৰত গুৱাহাটীৰ পৰা শিলচৰলৈ যাত্ৰা কৰাৰ সময়ত ৰাণাধীৰ সিন্হা নামৰ যুৱকজনে গজিবুৰ ফকীৰ নামৰ লোকজনক গুৱাহাটী ৰে'লৱে ষ্টেচনত লগ পাইছিল ৷ বহু সময় দুয়ো গুৱাহাটী ৰে'লৱে ষ্টেচনত অপেক্ষা কৰিছিল শিলচৰ অভিমুখী ৰে'লৰ বাবে ৷ এই সময়ছোৱাত দুয়ো নিশা হোটেললৈ গৈ ভাত খাই পুনৰ ষ্টেচনলৈ অহাৰ পিচত গজিবুৰে দুকাপ কফি লৈ আহি একাপ নিজে খায় আৰু আনকাপ ৰাণাধীৰক খাবলৈ দি ৰে'লত উঠে ৷

গুৱাহাটী ৰে'লৱে ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ
সাতটা নিচাযুক্ত টেবলেটসহ গ্ৰেপ্তাৰ গজিবুৰ ফকীৰ

যাত্ৰাৰ সময়ত ৰাণাধীৰ অচেতন হৈ পৰে ৷ এই সুযোগতে গজিবুৰে ৰাণাধীৰৰ পৰা নগদ 20 হাজাৰ টকাৰ লগতে মোবাইল ফোন,সোণৰ ফুলীকে ধৰি ক্ৰয় কৰা নতুন কাপোৰ লৈ পলায়ন কৰে ৷

গুৱাহাটী ৰে'লৱে ষ্টেচনত গ্ৰেপ্তাৰ দুৰ্বৃত্ত

পৰৱৰ্তী সময়ত,সোমবাৰে চিকিৎসাৰ বাবে ৰাণাধীৰ গুৱাহাটীলৈ আহে আৰু শিলচৰলৈ উভতি যোৱাৰ সময়তে গজিবুৰক প্ৰত্যক্ষ কৰি ষ্টেচনত থকা চি আৰ পি এফ জোৱানৰ সহযোগত ৰে'ল আৰক্ষীক গতাই দিয়ে দুৰ্বৃত্ত গজিবুৰক ৷ ৰে'ল আৰক্ষীয়ে গজিবুৰৰ পৰা উদ্ধাৰ কৰে 7 টাকৈ নিচাযুক্ত টেবলেট ৷

লগতে পঢ়কঃ গুৱাহাটীত পুনৰ জব্দ কয়লাভৰ্তি ট্ৰাক

Intro:নিচাযুক্ত দ্ৰব্য সেৱন কৰাই ৰেল যাত্ৰীক লুটপাত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ

Body:
সোমাবাৰে নিশা ৰেল আৰক্ষীয়ে গুৱাহাটী ৰেলৱে ষ্টেচনত চি আৰ পি এফৰ সহযোগত গজিবুৰ ফকীৰ( চিৰাং ) নামৰ লোকজনক সাতটা নিচাযুক্ত টেবলেটসহ গ্ৰেপ্তাৰ কৰে। ২৭ ছেপ্টেম্বৰত গুৱাহাটী ৰেলৱে ষ্টেচনত গুৱাহাটীৰ পৰা শিলচৰলৈ যাত্ৰা কৰাৰ সময়ত ৰাণাধীৰ সিংহা নামৰ যুৱকজনে লগ পাইছিল গজিবুৰ ফকীৰ নামৰ লোকজনক। বহু সময় দুয়ো গুৱাহাটী ৰেলৱে ষ্টেচনত শিলচৰ যোৱাৰ বাবে ৰেলৰ অপেক্ষা কৰিছিল। এই সময়ছোৱাত ৰাণাধীৰে গজিবুৰক নিশা হোটেললৈ লৈ গৈ ভাত খুৱাই। পুনৰ ষ্টেচনলৈ অহাৰ পিছত গজিবুৰে দুকাপ কফি লৈ আহে । একাপ কফি নিজে খায় আৰু আন কাপ ৰাণাধীৰক খাবলৈ দিয়ে। পাছত ট্ৰেইনত উঠি শিলচৰলৈ যাত্ৰা কৰে। যাত্ৰাৰ সময়ত ৰাণাধীৰ অচেতন হৈ পৰে । ইয়াৰ সুবিধা লৈ গজিবুৰে ৰাণাধীৰৰ নগদ 20,000 , মোবাইল ফোন, সোণৰ ফুলি আৰু দুৰ্গাপূজাৰ বাবে ক্ৰয় কৰা নতুন কাপোৰ লৈ পলায় যায়।

ৰাণাধীৰে চিকিৎসাৰ বাবে শিলচৰৰ পৰা সোমাবাৰে গুৱাহাটীলৈ আহে । গুৱাহাটীৰ পৰা শিলচৰলৈ উভতি যোৱাৰ সময়ত ৰাণাধীৰৰ চকু পৰে গজিবুৰৰ ওপৰত। ষ্টেচনত থকা চি আৰ পি এফৰ সহযোগত গজিবুৰক ধৰি ৰেল আৰক্ষীক গতাই দিয়ে । ৰেল আৰক্ষীয়ে গজিবুৰৰ পৰা 7 টা নিচাযুক্ত টেবলেট উদ্ধাৰ কৰে।

Bite- ৰে'ল আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত দাস
ৰাণাধীৰ সিং

Conclusion:Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.