গুৱাহাটী, 21নৱেম্বৰ : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ লবলৈ জিএমচিএইচত উপস্থিত হৈছে নগাঁও লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ৷ তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ লৈ সাংবাদিকক শেহতীয়া তথ্য দিলে সাংসদ গৰাকীয়ে ৷ প্ৰদ্যুৎ বৰদলৈয়ে কয় যে,সকলোৱে অপেক্ষা কৰাৰ বাহিৰে গত্যন্তৰ নাই ৷ কিন্তু সমান্তুৰালভাৱে তেওঁ মৃত্যু জিনি আহিব বুলি আশাবাদী বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷
ইয়াৰ লগতে, প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ সু-স্বাস্থ্যৰ বাবে এই মূহুৰ্তত ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাৰ বাহিৰে অন্য একো উপায় নাই বুলি মন্তব্য কৰে বৰদলৈয়ে ৷ উল্লেখ্য যে, ক'ভিড-১৯ত আক্ৰান্ত হোৱাৰে পৰা দুৰ্বল হৈ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷ তেতিয়াৰে পৰা হাস্পতালৰ বিচনাতে থাকিব লগা হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী ৷ বৰ্তমান অধিক অৱনতি ঘটিছে মুখ্যমন্ত্ৰী গৰাকীৰ ৷
অন্য এক খবৰৰ বাবে: চিৰাঙত বিদ্যুতস্পৃষ্ট হৈ নিহত বন্যহস্তী