গুৱাহাটী, ৩১ জুলাই : গুৱাহাটীৰ ৰাজপথত যুৱতীৰ শ্লীলতা হানি কৰিবলৈ গৈ বিপদত পৰিল এজন যুৱক । গুৱাহাটীৰ মাজমজিয়াৰ ডাউন টাউন(Down town)ৰ ৰুক্মিনীনগৰত সংঘটিত হৈছে এই ঘটনা । 'চিনাকী পথ’ কোনটো বুলি চিনাকী হোৱাৰ চলেৰে পাঞ্জাবাৰীৰ মধুচানা ৰাজকুমাৰ নামৰ যুৱকজনে এগৰাকী যুৱতীৰ দেহত স্পৰ্শ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । সমগ্ৰ ঘটনা বিৱৰি ভুক্তভোগী যুৱতীগৰাকীয়ে ফেচবুক (Facebook)ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে দিছপুৰ থানা (Dispur Police Station)ত এজাহাৰো দাখিল কৰিছে । যুৱতীগৰাকীয়ে এজাহাৰত উল্লেখ কৰা অনুসৰি ঘটনাটো শুকুৰবাৰৰ বিয়লি ৪.৩০ বজাত সংঘটিত হয় ।
![guwahati-sexual-harassment-story](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-09-sexual-harassment-in-guwahati-7209925_31072021211619_3107f_1627746379_558.jpg)
অভিযুক্ত যুৱকজন পাঞ্জাবাৰীৰ মধুসনা ৰাজকুমাৰ । যুৱতী গৰাকীয়ে এজাহাৰত উল্লেখ কৰা অনুসৰি- তেওঁ বিপৰীত ফালৰ পৰা খোজকাঢ়ি আহি থাকোতে যুৱকজনে তেওঁৰ স্কুটি লৈ যুৱতীগৰাকীৰ কাষলৈ আহে আৰু ঠিকনা এটা সোধে । যুৱতীগৰাকীয়ে তেওঁক শুনি নোপোৱা বুলি কোৱাত তেওঁ যুৱতীগৰাকীৰ ওচৰলৈ আহি সোধে “চিনাকী পথ" ক’ত আছে ?
যুৱতীগৰাকীয়ে উল্লেখ কৰা অনুসৰি, তেওঁ অতি নম্ৰতাৰে নাজানো বুলি কৈছিল আৰু আন কাৰোবাক সুধিবলৈ কয় । যুৱতীগৰাকীয়ে অভিযোগ কৰা অনুসৰি- ‘যুৱকজনে তেওঁৰ ব্যক্তিগত অংশত হাত দি তেওঁৰ শৰীৰত হঠাতে জঁপিয়াই পৰিছিল । এক ছেকেণ্ডৰ বাবে যুৱতীগৰাকীয়ে তেওঁৰ লগত কি ঘটিছিল তাকে ভাবি হিতাহিত জ্ঞান হেৰুৱাই পেলাইছিল ।
পিছ মুহূৰ্ততে যুৱতীগৰাকীয়ে যুৱকজনক কৰায়ত্ত কৰাৰ চেষ্টা কৰে আৰু তেওঁৰ স্কুটাৰখন নলাত পেলাই দিয়ে । পাচত ৰাইজৰ সহযোগত যুৱকজনক আটক কৰি আৰক্ষীক গটাই দিয়ে । ঘটনা সন্দৰ্ভত যুৱতীগৰাকীয়ে দিছপুৰ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত সম্প্ৰতি আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰিছে ।
লগতে পঢ়ক : প্ৰশান্ত কিশোৰে কি পৰামৰ্শ দিছে কংগ্ৰেছ দলক ?