গুৱাহাটী, 14 মে': সম্পূৰ্ণ স্তব্ধ উত্তৰ পূৱৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ ফাঁচী বজাৰ । বুধবাৰে ১৫ গৰাকীকৈ লোকৰ শৰীৰত COVID 19 ধৰা পৰাৰ পিছত ছীল কৰি দিয়া হৈছে ফাঁচী বজাৰ। মংৰু সাহানীৰ সংস্পৰ্শলৈ অহাৰ ফলত ১৫ গৰাকীকৈ লোক COVID 19 ত আক্ৰান্ত হোৱা বুলি অৱগত কৰে প্ৰশাসনে ৷
ফাঁচী বজাৰৰ সকলো পথ-উপপথ কন্টাইনমনেট জ'নৰ পোষ্টাৰৰ লগতে তলা উমলাই দিয়া হৈছে । এই পথ উপপথসমূহত সকলো লোকৰ প্ৰৱেশত বাধা আৰোপ কৰা হৈছে ।
লগতে পঢ়ক: ভাৰতৰ ভিন্ন ৰাজ্যত COVID-19ৰ শেহতীয়া তথ্য
বৰ্তমান সকলো দোকান-পোহাৰ বন্ধ হৈ থকাৰ লগতে ফাঁচী বজাৰৰ আবাসীসকল ঘৰৰ ভিতৰতে আৱদ্ধ হৈ আছে । চাংচাৰিৰ এটা আলু গুদামত কৰ্মৰত মংৰু সাহানী বহিঃৰাজ্যৰ পৰা অহা ট্ৰাক ড্ৰাইভাৰৰ সংস্পৰ্শলৈ অহাৰ পিছত COVID 19 ত আক্রান্ত হৈছে বুলি সন্দেহ প্রকাশ কৰা হৈছে । ফাঁচী বজাৰৰ লগতে মহানগৰীৰ ফটাশিল আমবাৰী, পানবজাৰৰো এটা অঞ্চল কন্টাইনমনেট জ'ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে । উল্লেখ্য যে, কামৰূপ চেম্বাৰছ অ'ফ কমাৰ্চে ফাঁচী বজাৰৰ সকলো ব্যৱসায়ীক তিনি দিনৰ বাবে ফাঁচী বজাৰৰ দোকান সমূহ বন্ধ কৰি অবাসীসকলক ঘৰত থকাৰ আহ্বান জনাইছে।