গুৱাহাটী, 9 মে': শুকুৰবাৰে গুৱাহাটী দন্ত মহাবিদ্যালয় চিকিৎসালয়ত এইগৰাকী কনিষ্ঠ চিকিৎসকৰ দেহত COVID-19ৰ অৱস্থিতি ধৰা পৰাৰ পিচতে, শনিবাৰে পুৱাৰ ভাগত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ তৎপৰতাত চিকিৎসালয়খন কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হয় । লগতে প্ৰশাসনে সম্পূৰ্ণৰূপে ছীল কৰি দিয়ে চিকিৎসালয় খনলৈ যোৱা পথটো । ইয়াৰোপৰি সম্পূৰ্ণ অঞ্চলটো চেনিটাইজ কৰে পৌৰ নিগমৰ কৰ্মীয়ে ।
উল্লেখ্য যে, যোৱা ২৫ এপ্ৰিলৰ পৰা ১ মে' পৰ্যন্ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত স্কেনিঙৰ কামত জড়িত আছিল COVID-19ত আক্ৰান্ত কনিষ্ঠ চিকিৎসক গৰাকী । ১ মে'ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা উভতি অহাৰ পিচৰে পৰা আক্ৰান্ত গৰাকীৰ লগতে, আন তিনি গৰাকী শিক্ষাৰ্থীক আছুতীয়াকৈ ৰখা হৈছিল ।